পানীৰ বিভিন্ন অৱস্থা
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-
I. মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ’ল-
(a) বাষ্পীভবন
(b) ঘনীভবন
(c) অধঃক্ষেপণ
(d) বাষ্পীভবন বা ঘনীভবন
উত্তৰঃ (d) বাষ্পীভবন বা ঘনীভবন
II. ঘনীভবনৰ ফলত কি হয়?
(a) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিবর্তন
(b) জলীয় বাষ্পৰ পৰা পানীৰ কণিকা
(c) পানীৰ কণিকাৰ পৰা মেঘ গঠন
(d) মেঘৰ পৰা বৰষুণ
উত্তৰঃ (b) জলীয় বাষ্পৰ পৰা পানীৰ কণিকা
III. বাষ্পীভৱনৰ ফলত কি হয়।
(a) জলীয় বাষ্পৰ পৰা পানী
(b) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিবর্তন
(c) পানীৰ পৰা বৰফলৈ পৰিবর্তন
(d) পানীৰ কণিকাৰ পৰা মেঘ গঠন
উত্তৰঃ (b) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিবর্তন
2. খালীঠাই পুৰ কৰা-
(i) ৰ’দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ’ল
উত্তৰঃ ৰ’দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ’ল বাষ্পীভৱন।
(ii) পানীৰ গোটা অৱস্থা হ’ল আৰু গেছীয় অৱস্থা হ’ল
উত্তৰঃ পানীৰ গোটা অৱস্থা হ’ল তৰল আৰু গেছীয় অৱস্থা হ’ল জলীয় বাষ্প।
(iii) বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ পৰিণত হয়। লৈ
উত্তৰঃ বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ বৰফলৈ পৰিণত হয়।
(iv) আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ’ল
উত্তৰঃ আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ’ল গোটা অৱস্থা।
(V) প্ৰক্ৰিয়াৰ ফলত নিয়ৰ সৃষ্টি হয় ।
উত্তৰঃ ঘনীভবন প্ৰক্ৰিয়াৰ ফলত নিয়ৰ সৃষ্টি হয়।
3. তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত (বাষ্পীভৱন বা ঘনীভৱন)?
(i) উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায়।
উত্তৰঃ বাষ্পীভৱন।
(ii) বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয়।
উত্তৰঃ ঘনীভৱন।
(iii) মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহুদিনলৈ ভালে থাকে।
উত্তৰঃ ঘনীভৱন।
(iv) মাটিৰ কলহৰ পানী, ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল।
উত্তৰঃ বাষ্পীভৱন।
4. তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা।
(i) বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সম্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোঁৱা ধোঁৱা দেখি।
উত্তৰঃ গাড়ীৰ ভিতৰত মানুহৰ উশাহ-নিশাহৰ ফলত বতাহত জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পায়। বৰষুণ বা শীতকালত বাহিৰৰ উষ্ণতা কম হোৱাৰ বাবে গাড়ীৰ আইনাবোৰ ঠাণ্ডা হৈ পৰে। যেতিয়া ভিতৰৰ গৰম আৰু আৰ্দ্ৰ বতাহ এই ঠাণ্ডা আইনাবোৰৰ সংস্পৰ্শলৈ আহে, তেতিয়া বতাহত থকা জলীয় বাষ্পই শক্তি হেৰুৱাই সৰু সৰু পানীৰ কণালৈ ৰূপান্তৰিত হয়। এই পানীৰ কণাবোৰ আইনাত লাগি ধৰে আৰু ইয়াক ধোঁৱা ধোঁৱা যেন দেখা যায়।
(ii) শীতকালত বৰষুণ কম হয় বা নহয়।
উত্তৰঃ শীতকালত বায়ুমণ্ডল ঠাণ্ডা হোৱাৰ বাবে বাষ্পীভৱন কম হয়, সেয়ে বৰষুণ কম বা নহয়।
(iii) তিতা কাপোৰ ইষ্ট্ৰি কৰোঁতে পানীৰ ভাপ ওলায়।
উত্তৰঃ যেতিয়া তিতা কাপোৰত ইস্ত্ৰি কৰা হয়, তেতিয়া ইয়াৰ পানী উষ্ণতাৰ বাবে বাষ্পীভূত হৈ পানীৰ ভাপ হিচাপে ওলাই আহে। এই ভাপ বায়ুমণ্ডলত মিশ্ৰিত হৈ যায়।
(iv) ৰুটী টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে।
উত্তৰঃ টাৱাত ৰুটী বনোৱাৰ সময়ত গৰম হয়, যাৰ বাবে যি পানী থাকে, তাৰ বাষ্পীভৱন ঘটে আৰু গেছৰ সৃষ্টি হয়। এই গেছৰ প্ৰভাবত ৰুটী ফুলি উঠে ।
(V) ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়
উত্তৰঃ ফেনৰ তলত তিতা কাপোৰ ৰাখিলে, বাষ্পীভৱন প্ৰক্ৰিয়াৰ বাবে কাপোৰখন শুকায়। ফেনৰ তলত থকা গৰম বাষ্পই কাপোৰৰ পৰা পানী বাষ্পীভূত কৰাত সহায় কৰে।
5. কাৰণ ব্যাখ্যা কৰা-
(i) ৰিফ্ৰেজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়।
উত্তৰঃ ৰিফ্ৰেজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা গঠন হয় কাৰণ বটলৰ ঠাণ্ডা পৃষ্ঠই ইয়াৰ চাৰিওফালে থকা উষ্ণ, আর্দ্র বতাহ ঠাণ্ডা কৰি দিয়ে, যাৰ ফলত বতাহত থকা জলীয় বাষ্প ঘনীভূত হৈ তৰল পানীৰ টোপাললৈ পৰিণত হয়.
(ii) বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্র নহয়।
উত্তৰঃ বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্র নহয় কাৰণ দিনৰ ভাগত সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানীভাগ বাষ্পীভৱন হৈ জলীয় বাষ্প ৰূপে বায়ুৰ সৈতে মিহলি হয়। বাষ্পযুক্ত বায়ু ওপৰলৈ গতি কৰে আৰু ক্ৰমে শীতল হৈ পৰে। কিছু উচ্চতাত এই বায়ু এনেকুৱা ঠাণ্ডা হয় যে বায়ুত থকা জলীয় বাষ্পই ধূলিকণাক আশ্ৰয় কৰি ঘনীভূত হৈ পানীৰ কণিকাৰ সৃষ্টি কৰে। এই পানীৰ কণিকাবোৰ বায়ুমণ্ডলত ঘূৰি থাকে আৰু তাকে আমি মেঘ বা ডাৱৰ হিচাপে দেখা পাওঁ।
6. শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়?
উত্তৰঃ শীতকালত ৰাতিপুৱাৰ বায়ু ঠাণ্ডা হৈ পৰে। বায়ুত থকা জলীয় বাষ্প গছৰ ঠাণ্ডা পাতৰ সৈতে সংস্পৰ্শলৈ আহি ঠাণ্ডা হৈ পানীৰ টোপালত পৰিণত হয়। এই প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে। সেইকাৰণে শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ।
7. সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়?
উত্তৰঃ সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানী বাষ্পীভবন হৈ বায়ুত জলীয় বাষ্প ৰূপে মিহলি হয়। সেয়েহে, ভূ-পৃষ্ঠৰ পানীভাগ শুকাই যায়।
৪. পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা।
উত্তৰঃ পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম হ’ল – মম।
9. বাষ্পীভৱনত কি কি কাৰকে প্ৰভাৱিত কৰে?
উত্তৰঃ বাষ্পীভৱনত বায়ুৰ চাপ, পৃষ্ঠৰ আয়তন, আর্দ্রতা, উষ্ণতা, বতাহৰ বেগ আদি কাৰকে প্রভাৱিত কৰে।
10. হাতত ছেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়?
উত্তৰঃ হাতত ছেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কাৰণ ছেনিটাইজাৰত থকা এলকহ’ল খুব সোনকালে বাষ্পীভৱন হয়।