অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ

১। উত্তৰ লিখা-

(ক) প্রাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।

(খ) নবীকৰণক্ষম আৰু অনবীকৰণক্ষম সম্পদ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, সেইবোৰ সম্পদক নৱীকৰণক্ষম সম্পদ বোলে।

আনহাতে যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰা পাছত পুনৰ সৃষ্টি হবলৈ বহুত দীঘলীয়া সময় লাগে, তেনেবোৰ সম্পদকে অনৱীকৰণক্ষম সম্পদ বোলে।

(গ) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা।

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখমৰ নাম হৈছে-

১। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

২। মানাহ ৰাষ্ট্ৰীয় উদ্যান

৩। নামেৰি ৰাষ্ট্ৰীয় উদ্যান

৪। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

৫। ওৰাং ৰাষ্ট্ৰীয় উদ্যান

৬। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান

৭। দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান

(ঘ) অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়।

উত্তৰঃ অসমৰ ডিমা-হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায়।

(ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ প্ৰাণীৰ নাম উল্লেখ কৰা।

উত্তৰঃ অসমৰ বনাঞ্চলত থকা চাৰিবিধ প্ৰাণীৰ নাম হৈছে- এটা খড়গযুক্ত গড়, হাতী, বাঘ আৰু বনৰীয়া ঘোৰাঁ।

২। চমুটোকা লিখা –

( ক) অভয়াৰণ্য

উত্তৰঃ অভয়াৰণ্য মানে হ’ল এনেকুৱা এখন ঠাই, য’ত জীৱ-জন্তুবোৰে নিৰাপদে থাকিব পাৰে। ইয়াত কোনো মানুহে জীৱ-জন্তু মাৰিব বা চিকাৰ কৰিব নোৱাৰে। চৰকাৰে এই ঠাইবোৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে ৰাখে। অভয়াৰণ্যই আমাৰ প্ৰকৃতি আৰু বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু ৰক্ষাত সহায় কৰে। অসমত বহুতো অভয়াৰণ্য আছে। যেনে- পবিতৰা অভয়াৰণ্য, হোলোঙাপাৰ গিবন অভয়াৰণ্য আদি।

(খ) সংৰক্ষিত বনাঞ্চল

উত্তৰঃ বনজ সম্পদত চহকী প্রাকৃতিক অঞ্চল কিছুমানক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়।

(গ) উদ্ভিদ উদ্যান (ঘ) ৰাষ্ট্ৰীয় উদ্যান।

৩। খালী ঠাই পূৰ কৰা।

(ক) ২১ মার্চ দিনটো ……………….. .. হিচাপে পালন কৰা হয়।

উত্তৰঃ বিশ্ব বন দিৱস।

(খ) প্রাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী ……………….. নহয়।

উত্তৰঃ সম্পদ ।

(গ) …………………….. কলয়াখনি অতি পুৰণি।

উত্তৰঃ মাকুম

(ঘ) বিলাতী মাটি প্রস্তুত কৰিবলৈ …………………………ব্যৱহাৰ কৰা হয়।

উত্তৰঃ চূণশিল ।

(ঙ) …………………….আৰু ………………………… অসমৰ দুখন প্ৰধান নৈ।

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক ।

৪। জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

৫। পৰিৱেশ সজাগতা আনিবলৈ তুমি ৩টা ব্যৱস্থাৰ কথা উল্লেখ কৰা।

৬। শুদ্ধ উত্তৰটো বিচাৰি লিখা-

(ক) তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়?

Scroll to Top