ভাৰতৰত স্বাধীনতা আন্দোল আৰু অসম
১। উত্তৰ লিখা-
(ক) কেতিয়াৰপৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে।
(খ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কর্তব্য আছে?
উত্তৰঃ ভাৰতীয় নাগৰিকৰ ১১টা মৌলিক কর্তব্য আছে।
(গ) সংবিধান সভাৰ সভাপতি কোন আছিল?
উত্তৰঃ সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্র প্রসাদ আছিল।
(ঘ) সংবিধান খচৰা কমিটীৰ নেতা কোন আছিল?
উত্তৰঃ সংবিধান খচৰা কমিটীৰ নেতা ড° ভীমৰাও আম্বেদকাৰ আছিল।
(ঙ) ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল?
উত্তৰঃ ভাৰতীয় সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা গৃহীত হৈছিল।
২। খালী ঠাই পূৰ কৰা-
(ক) আমি ১৯৫০ চনৰপৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে ____________ হিচাপে পালন কৰোঁ।
উত্তৰঃ আমি ১৯৫০ চনৰপৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ।
(খ) ________________ সংবিধানখন অতি দীঘলীয়া সংবিধান।
উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানখন অতি দীঘলীয়া সংবিধান।
(গ) ভাৰতবৰ্ষ এখন সার্বভৌম ________________ গণৰাজ্য।
উত্তৰঃ ভাৰতবৰ্ষ এখন সার্বভৌম গণতান্ত্ৰিক গণৰাজ্য।
(ঘ) প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ________________আছে।
উত্তৰঃ প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ৰাজ্য আছে।
(ঙ) _______________ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।
৩। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।
উত্তৰঃ ভাৰতীয় সংবিধানৰদ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে, যাক মৌলিক অধিকাৰ বোলা হয়। এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ-সুবিধা লাভ কৰে। সংবিধানে আমাক এনেধৰণৰ ছয় বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ’ল—
(ক) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ
(খ) স্বাধীনতাৰ অধিকাৰ
(গ) সমতাৰ অধিকাৰ
(ঘ) শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ
(ঙ) শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু
(চ) ধর্মীয় অধিকাৰ
৪। প’ষ্টাৰ সাজা-
(ক) আমি সকলো ভাৰতীয়।
(খ) অসম আমাৰ জন্মভূমি।
৫। চমুটোকা লিখা-
(ক) স্বাধীনতা আন্দোলন
উত্তৰঃ স্বাধীনতা আন্দোলন হৈছে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ কৰা দীর্ঘদিনীয়া সংগ্ৰাম। এই আন্দোলনৰ আৰম্ভণি ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰা হৈছিল আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীনতা লাভ কৰিলে । মহাত্মা গান্ধী, নেতাজী সুভাষচন্দ্ৰ বসু, ভগত সিং, জৱাহৰলাল নেহৰু, বি. আৰ. আম্বেদকাৰ আৰু লাল-বাল-পাল আদি নেতাসকলে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । আন্দোলনৰ সময়ছোৱাত অসহযোগ, আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলনৰ দৰে বহু পৰ্যায়ত ভাৰতীয়সকলে অংশ গ্ৰহণ কৰিছিল । অসমৰ পৰা কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি আদি দেশপ্ৰেমীসকলে জীৱন আহুতি দি আন্দোলনক তীব্ৰতাৰ দিশলৈ লৈ গৈছিল । এইদৰে স্বাধীনতা আন্দোলন ভাৰতৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় হিচাপে স্মৰণীয় হৈ আছে ।
(খ) ভাৰতৰ সংবিধান
উত্তৰঃ স্বাধীন হোৱাৰ আগৰেপৰা আমাৰ দেশ ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হয়। ইয়াৰ বাবে ১৯৪৬ চনত এখন সংবিধান সভা গঠন কৰা হয়। এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। এই উদ্দেশ্যে ১৯৪৭ চনৰ ২৯ আগষ্টত ড° ভীমৰাও আম্বেদকাৰৰ নেতৃতত এখন খচৰা সমিতি গঠন কৰি লোৱা হয়। ১৯৪৯ চনৰ ২৬ নবেম্বৰত এই খচৰা সমিতিখনে প্রায় তিনি বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিওৱাৰ কাম সম্পূৰ্ণ কৰে। সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখনত চহী কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়।
(গ) মৌলিক অধিকাৰ
উত্তৰঃ ভাৰতীয় সংবিধানৰদ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে, যাক মৌলিক অধিকাৰ বোলা হয়। এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ-সুবিধা লাভ কৰে। সংবিধানে আমাক এনেধৰণৰ ছয় বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ’ল— সাংবিধানিক প্রতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু ধর্মীয় অধিকাৰ
(ঘ) মৌলিক কৰ্তব্য।
উত্তৰঃ দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ’ব। তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সু-নাগৰিক হোৱাৰ যোগ্যতা অর্জন কৰিব পাৰিব। সেইবাবে প্রতিজন নাগৰিকৰে কিছুমান কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ ১১ টা মৌলিক কর্তব্য আছে।