আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ
১। উত্তৰ লিখা-
(ক) বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে?
উত্তৰঃ বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজন ৰন্ধাৰ ব্যৱস্থা কৰা হৈছে।
(খ) কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা-পইচাৰ লেন-দেন কৰে?
উত্তৰঃ বেংকৰ প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা-পইচাৰ লেন-দেন কৰে।
(গ) ৰোগীসকলক কোন প্রতিষ্ঠানত চিকিৎসা কৰা হয়?
উত্তৰঃ ৰোগীসকলক চিকিৎসালয় প্রতিষ্ঠানত চিকিৎসা কৰা হয়।
(ঘ) সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে?
উত্তৰঃ সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীসকলক নিয়োজিত কৰা হৈছে।
(ঙ) যিকোনো চাৰিটা অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম লিখা।
উত্তৰঃ যিকোনো চাৰিটা অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম হ’ল- বিদ্যালয়, বেংক, আৰক্ষী চকী, চিকিৎসালয় আদি।
২। খালী ঠাই পূৰ কৰা—
(ক) ছাত্র-ছাত্রীসকলে ________________ত লিখা-পঢ়া শিকে।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত লিখা-পঢ়া শিকে।
(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে ________________ আছে।
উত্তৰঃ পশু-পক্ষীৰ চিকিৎসাৰ বাবে সুকীয়া ডাক্তৰ আৰু চিকিৎসালয় আছে।
(গ) আলিবাটৰ যান-বাহন _________________ য়ে নিয়ন্ত্ৰণ কৰে।
উত্তৰঃ আলিবাটৰ যান-বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে।
(ঘ) গাঁওসমূহত থকা শাসন ব্যৱস্থাক ___________ শাসন ব্যৱস্থা বোলা হয়।
উত্তৰঃ গাঁওসমূহত থকা শাসন ব্যৱস্থাক পঞ্চায়তীৰাজ শাসন ব্যৱস্থা বোলা হয়।
৩। পাৰ্থক্য লিখা— চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়।
উত্তৰঃ (ক) চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে। আনহাতে,বেচৰকাৰী চিকিৎসালয়বোৰ এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে।
(খ) চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে, বেচৰকাৰী চিকিৎসালয়ত ৰোগীৰ পইচা দি চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা হয়।
৪। চমুটোকা লিখা-
(ক) পঞ্চায়তীৰাজ শাসন ব্যৱস্থা
উত্তৰঃআমাৰ দেশৰ সৰহসংখ্যক লোকেই গাঁও অঞ্চলত বাস কৰে। সেয়ে দেশৰ উন্নতি হ’বলৈ হ’লে প্ৰতিখন গাঁৱৰ উন্নতি হ’ব লাগিব। গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থা প্রচলন কৰিছে। এই ব্যৱস্থাটোক পঞ্চায়তীৰাজ শাসন ব্যৱস্থা বোলে। এই ব্যৱস্থা মতে পঞ্চায়ত গঠনৰ বাবে প্ৰতিখন গাঁৱৰ ৰাইজে ভোট দি কিছুমান সদস্য আৰু এজন সভাপতি নির্বাচন কৰে। অৱশ্যে ভোট দিবলৈ ওঠৰ বছৰ বয়স হ’ব লাগে।
(খ) সমবায়
উত্তৰঃ কিছুমান লোক লগ লাগি সকলোৰে উন্নয়নৰ বা আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰা ব্যৱস্থাটোকে সমবায় বোলে। সমবায়বোৰ প্ৰত্যেকজনেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকজনৰ বাবে কাম কৰা’ নীতিৰে চলে। এখন সমবায়ত অতি কমেও দহজন সদস্য থাকিব লাগে। আমাৰ দেশত বিভিন্ন ধৰণৰ সমবায় আছে। আমাৰ দেশত গাখীৰ, কাপোৰ, পাপৰ আদি বহু ব্যৱসায় সমবায় ভিত্তিত চলি আছে। সৰু-ডাঙৰ বহুতো উদ্যোগ কল-কাৰখানা সমবায় ব্যৱস্থাৰে চলি আছে।
(গ) আত্মসহায়ক গোট।
উত্তৰঃ আমাৰ গাঁওবোৰত মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰিছে। গাঁৱৰ দুখীয়া বহু পৰিয়ালে এনে গোটৰ পৰা ঋণ ল’ব পাৰে। গাঁৱৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। এনেদৰে তেওঁলোকে আর্থিকভাবে স্বাৱলম্বী হ’বলৈ চেষ্ট৷ কৰিছে। এইদৰে আমাৰ সমাজত থকা অনুষ্ঠান-প্রতিষ্ঠান সমূহে আমাক বিভিন্ন দিশত সহায় কৰে। এই অনুষ্ঠান – প্ৰতিষ্ঠান সমূহত সেৱা আগবঢ়োৱা ব্যক্তিসকলক আমি সন্মান জনোৱা উচিত।
৫। শুদ্ধ উত্তৰটো বাছি উলিওৱা —
(ক) সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে-
১। চিকিৎসকক
২। নাৰ্ছক
৩। আৰক্ষীক
৪। শিক্ষকক
উত্তৰঃ ৩। আৰক্ষীক।
(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ’ল—
১।চৰকাৰী চিকিৎসালয়
২। পশু চিকিৎসালয়
৩। সমবায়
৪। বে-চৰকাৰী চিকিৎসালয়
উত্তৰঃ ২। পশু চিকিৎসালয়।
৬। আকস্মিক বক্তৃতাৰ আয়োজন কৰা- (শিক্ষকৰ সহায় ল’বা)
বিদ্যালয়, মধ্যাহ্ন ভোজন, বেংক, চিকিৎসালয়, আৰক্ষী, দুগ্ধ উৎপাদন।