আমাৰ পৰিৱেশ
১। উত্তৰ লিখা-
(ক) পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি?
উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ’ল— উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ ইত্যাদি।
(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?
উত্তৰঃ পেংগুইন চৰাইৰ গঠন দীঘলীয়া ডিম্বাকৃতিৰ , গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু ।
(গ) শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা।
উত্তৰঃ শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম হ’ল- ৰংঘৰ আৰু তলাতল ঘৰ।
(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি?
উত্তৰঃ বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ আদি আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান।
(ঙ) মানবসৃষ্ট পৰিৱেশ বুলিলে কি বুজা?
উত্তৰঃ মানৱসৃষ্ট পৰিৱেশ বুলিলে মানুহে নিজৰ সুবিধাৰ বাবে সৃষ্টি কৰা পৰিৱেশৰ অংশবোৰক বুজোৱা হয়।
(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।
উত্তৰঃ মন্দিৰ = কামাখ্যা মন্দিৰ, মাধৱ মন্দিৰ
দৌল = শিৱদৌল, জয়দৌল
সত্ৰ = আউনীআটি সত্ৰ, কমলাবাৰী সত্ৰ ।
২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা –
উত্তৰঃ তেজপুৰ = অগ্নিগড়
কামৰূপ = পোৱামক্কা
গোৱালপাৰা = সূৰ্য পাহাৰ
ধুবুৰী = টেগবাহাদুৰৰ গুৰুদ্বাৰ
কাছাৰ = ভুৱন পাহাৰৰ মন্দিৰ
৩। খালী ঠাই পূৰ কৰা-
(ক) মৰুভূমিৰ প্ৰাণীৰ ছাল________ আৰু _____ ।
উত্তৰঃ ডাঠ, নোমাল
(খ) বগা ভালুক ________অঞ্চলত থাকে।
উত্তৰঃ মেৰু অঞ্চলত।
(গ) তৃণভূমি অঞ্চলত বৃহৎএলেকাজুৰি_______পোৱা যায়।
উত্তৰঃ মাংখভোজী আৰু তূণভোজী প্ৰাণী পোৱা যায়।
(ঘ) মৰুভূমিত_____________জাতীয় উদ্ভিদ হয়।
উত্তৰঃ কেকটাছ ।
৪। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা-
(ক) বগা ভালুক/হবিণা/জেব্রা মেৰু অঞ্চলৰ প্রাণী।
উত্তৰঃ বগা ভালুক মেৰু অঞ্চলৰ প্রাণী।
(খ) ছীল/বল্লা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে।
উত্তৰঃ বল্লা হৰিণ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে।
(গ) জিৰাফ/সিংহ/বাঘ এবিধ তৃণভোজী প্রাণী।
উত্তৰঃ জিৰাফ এবিধ তৃণভোজী প্রাণী।