সৰু ছোৱালী আৰু পখী

উত্তৰ দিয়া-
(ক) সৰু ছোৱালীয়ে পখীক কি কি দিব বুলি কৈছে?
-কোঁচভৰাই
– থাকিবলৈ
– খাবলৈ
উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীক কোঁচভৰাই ফুল , থাকিবলৈ সোণোৱালী বাহ আৰু পকা ফল দিব বুলি কৈছে।

(খ) সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে?
উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে।

(গ) সৰু ছোৱালীয়ে কিয় পখীজনিক গীত গাবলৈ মাতিছে?

উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে গীত গাবলৈ মতিছে।

পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা।
উত্তৰঃ কবিতাটোত সৰু ছোৱালীয়ে পখীক মাতি আছে। কবিতাটোত পখীক সৰু ছোৱালীয়ে কোঁচ ভৰাই ফুল দিব, উদৰ পূৰাই খাবলৈ দিব আৰু থাকিবলৈ সোণোৱালী বাহ সাঁজি দিম বুলি কৈছে। আকৌ সৰু ছোৱালীয়ে পখীক ফল দিম বুলি কৈছে আৰু তাইৰ লগত ওমলিবলৈ মাতিছে। সৰু ছোৱালীয়ে পখীক ভাল পাই বাৰে বাৰে মাতিছে। পখীয়ে গোৱা শুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে পখীক সৰু ছোৱালীয়ে মাতিছে।

তলত দিয়াৰ শব্দৰ অৰ্থ শব্দ -সম্ভাৰ আৰু অভিধান চাই লিখা ।
উদৰ, সাউৎ, একেচিপে, সুললিত, হৰষিত, ততালিকে

উদৰ – পেট।
সাউৎ – বেগেতে।
একেচিপে – একে বলে।
সুললিত – শুৱলা
হৰষিত – আনন্দিত।
ততালিকে – তৎক্ষণাৎ।

চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে ?
উত্তৰঃ চৰাইজনীয়ে যাতে কষ্ট নাপাই তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পূৰাই খুৱাবলৈ, ফল দিবলৈ, থাকিবলৈ আৰু সোণোৱালী বাহ সাজি দিবলৈ গাত লৈছে।

‘সাউৎকৰে’ শব্দটোৰ অৰ্থ হৈছে ‘বেগতে’, ‘একেচিপতে’, ‘একে চোঁচাই’,। ‘সাউৎকৰে’ৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ‘ততালিকে’, ‘একেচিপে’। এতিয়া সাউৎকৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা।

উত্তৰঃ মই বজাৰৰ পৰা সাউৎ কৰে (বেগতে) আহোগৈ।

সি সাউৎ কৰে গৰুটো(একে চোঁচাই) ধৰি আনিলে।

তেখেতে সাউৎ কৰে(একে চিপতে) মাছ এটা ধৰি আনিলে।

তেওঁ সাউৎ কৰে (একে শোহাই) পানী খিনি খাই শেষ কৰিলে।

তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা ।(দলত আলোচনা কৰি কৰিবা ।)

শুৱলা বেগতে পেট আনন্দিত গগন

শুৱলা : সুললিত, সুশ্ৰাব্য।
বেগতে: সোনকালে, সাউৎকৰে, তৎক্ষণাৎ।
পেট: উদৰ।
আনন্দিত: হৰ্ষিত, সুখী,ফুৰ্তি।
গগন: আকাশ,অম্বৰ, নিলীমা ।

বাক্য ৰচনা কৰা-

সজা (চৰাই আদি থোৱা কাঠীৰ সঁজুলি বা বাহ): মায়ে আমাৰ ঘৰৰ চৰাইকেইটাক সজা বান্ধি দিছে।

সজা (আনলোকৰ দ্বাৰা নিৰ্মাণ কৰা,তৈয়াৰ কৰা): মানুহজনে ঘৰটো বৰ ধুনীয়াকৈ সাজিছে।

ফল (কোনো কাৰ্যৰ পৰিণতি): ভাল কৰ্ম কৰিলে সদায় ভাল ফল পোৱা যায়।

ফল (গছৰ গুটি):ফল খোৱাটো স্বাস্থ্যৰ কাৰণে উপকাৰী।

ৰং (আনন্দ):বিহু বুলি সকলোৰে গাত ৰং লাগিছে।

ৰং (বৰণ):তেওঁলোকৰ কুকুৰটোৰ ৰং বগা।

Scroll to Top