ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল

 উত্তৰ দিয়া- 

(ক) ভতুৱা আৰু খঁকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল?

উত্তৰঃ খঁকুৱাই গাঁওবুঢ়া দেউতাৰ চকীখনত বহাৰ বাবে ভতুৱা আৰু খঁকুৱাৰ মাজত খৰিয়াল লাগিছিল।

(খ) ভতুৱাই কোৱা কথাখিনি শুনি খঁকুৱাই কি কৈছিল?

উত্তৰঃ ভতুৱাই কোৱা কথাখিনি শুনি খঁকুৱাই কৈছিল যে-ভতুৱাও বৰ লাজ মান বুজি পোৱা বিধৰ নহয়। গৰাকীৰ ঘৰতে মাছে-মঙহে উদৰ পূৰাই খোৱাৰ পাছতো বিয়া-সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰে।

(গ) “লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ’ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ’বি আজি তোক মই এসেকা দিহে এৰিম।” এই কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ উক্ত কথাষাৰ ভতুৱাই খঁকুৱাক কৈছিল।

(ঘ) ‘জানে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে।’
– এই কথাষাৰ কোনে কৈছিল? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?

উত্তৰঃ  উক্ত কথাষাৰ অকুমণিয়ে তাইৰ জেঠায়েকক কৈছিল। বৰফৰ দেশত কুকুৰে শ্লেজগাড়ী টানে।

বহলাই লিখা- 
(ক) কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে?

উত্তৰঃ কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ মিলসমূহ হ’ল-
দুয়োৰে গা মিহি নোমেৰে ঢকা। দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে। মানুহে খোৱা প্ৰায়বোৰ খাদ্যকে দুয়ো খায়। কুকুৰ আৰু মেকুৰী উভয়ৰে বুদ্ধি চোকা। দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ। দুয়ো চিকাৰী প্ৰাণী। দুয়ো সহজে পোহ মানে।
কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ অমিলসমূহ হ’ল-
কুকুৰৰ মুখখন দীঘল আৰু জোঙা। মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল আৰু কুকুৰৰ তেনে নহয়।মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰৰ ফালে উঠি থকা। মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখত দুকোচা দীঘল গোঁফ আছে কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ।

খ) কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে?

উত্তৰঃ কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজিকালি চোৰ-ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্যবহাৰ কৰে। আনহাতে মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে।

গ) অকুমণি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা।

উত্তৰঃ  কুকুৰৰ মুখখন দীঘল আৰু জোঙা। মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল, কিন্তু কুকুৰৰ তেনে নহয়।মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰৰ ফালে উঠি থকা। মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখত দুকোচা দীঘল গোঁফ আছে। কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ
দুয়োৰে গা মিহি নোমেৰে ঢকা। দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে। মানুহে খোৱা প্ৰায়বোৰ খাদ্যকে দুয়ো খায়। কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা। দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ। দুয়ো চিকাৰী প্ৰাণী। দুয়ো সহজে পোহ মানে। কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজি- কালি চোৰ-ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্য়ৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে।

তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা-

উদৰ চুৱাপাট এসেকা বিষম উভয়ে আকৃতি তীক্ষ্ণ চোকা উম গৃহস্থ
উত্তৰ: উদৰ – পেট।

চুৱাপাট – চৰু – কেৰাহী,খোৱা কাঁহী বা পাত।

এসেকা – সেকা দিয়া।

বিষম – অসমান,কঠোৰ।

উভয়ে – সকলোকে, আটায়েকে।
আকৃতি – থোপোকা

তীক্ষ্ণ – চোকা।

চোকা – ধাৰ থকা, বৰ পাৰ্গত,

উম – সামান্য গৰম, অলপ গৰম।

গৃহস্থ – ঘৰৰ গৰাকী।

যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা।

নিমন্ত্ৰন = ন্ত্ৰ = ন+ত+ৰ- নই তই ন্ত তাত ‘ৰ’ কাৰে ন্ত্ৰ

যুক্তাক্ষৰ গঠন কৰোঁ আহা

ন+ ত+ৰ নই তই ন্ত তাত ‘ৰ ‘ কাৰে ন্ত্ৰ

শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্য়ৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা।

উদাহৰণ- গৃহস্থস্থ = স + থ স্থল, বাসস্থান

গোন্ধ —- ন্ধ – ন + ধ অন্ধ, কান্ধ।

অন্ত্ৰ—- ন্ত্ৰ – ন + ত + ৰ স্বতন্ত্ৰ, অন্ত্ৰ।

বুদ্ধি—- দ্ধ – দ + ধ বুদ্ধ, শুদ্ধ।

বিশ্বাসী—- শ্ব – শ + ব বিশ্ব, বিশ্বাস।

শব্দ—– ব্দ- ব + দ জব্দ, শব্দ।

জন্তু—- ন্তু – ন + ত + ও কিন্তু,জন্তু।

তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।

তত হেৰায় জঁকি উঠিল লেউ-সেউ

চপ-চপাই বাটে-পথে বন্ধু-বান্ধৱী

ডাঙৰ-দীঘল

তত হেৰায়ঃ পঢ়া-শুনা নকৰিলে জ্ঞান তত হেৰায়।

জঁকি উঠিলঃ যাদৱে মধুৰ কথাটো শুনি জঁকি উঠিল।

লেউ-সেউঃ কথাটো শুনি তেওঁ লেউ-সেউ দি ওলাল।

চপ-চপাইঃ ৰামে চপ-চপাই ঘৰত সোমাই গ’ল।

বাটে-পথেঃ বাটে-পথে মানুহবোৰ যানবাহনৰ বাবে অপেক্ষা কৰি আছিল।

বন্ধু-বান্ধৱীঃ বন্ধু-বান্ধৱীৰ মাজত মিলাপ্ৰীতি থাকিব লাগে।

ডাঙৰ-দীঘলঃ মাক-দেউতাকে নিজৰ ল’ৰা-ছোৱালীক মৰম-চেনেহেৰে ডাঙৰ-দীঘল কৰে।

পাঠটোত তোমালোকে অকুমনি নামৰ ল’ৰা এজনৰ বিষয়ে পাইছা। অকুমণি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ। তেনে শব্দ লিখোঁ আহা।

গাঁৱত থাকে যি – গাৱলীয়া।

বনত থাকে যি – বনৰীয়া।

পোহ মানে যি – পোহনীয়া।

ঘৰত ৰাখি পোহে যাক – ঘৰচীয়া।

বেছিকৈ ভাত খায় যি – ভতুৱা।

পেট যাৰ ডাঙৰ – পেটেলা।

এলাহ কৰে যি – এলেহুৱা।

খঁক আছে যাৰ – খঁকুৱা।

চাৰি ঠেং আছে যাৰ – চাৰিঠেঙিয়া।

গাঁৱৰ মুখিয়ালজন – গাওঁবুঢ়া।

তলৰ দফাটো পঢ়া আৰু যতি চিন বহুওৱা।

খঁকুৱাৰ কথাত তত হেৰুৱাই ভতুৱা জঁকি উঠিল লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ’ল তাৰ মুখত এতিয়া বৰ বৰ কথা ৰ’বি আজি তোক মই এসেকা দিহে এৰিম ।

উত্তৰঃ খঁকুৱাৰ কথাত তত হেৰুৱাই ভতুৱা জঁকি উঠিল। লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ’ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ’বি, আজি তোক মই এসেকা দিহে এৰিম।

তলৰ শব্দ শব্দবোৰৰ প্ৰতিশব্দ (সমাৰ্থক) লিখা।

উত্তৰঃ ঘৰ – গৃহ, আলয়।

পৃথিৱী – ধৰণী, ধৰা।

ঘূৰণীয়া – গোল,গোলাকৃতি।

শেষ – সমাপ্ত, অন্ত।

বিষাদ – দুখ,বেদনা।

আনন্দ – হৰ্ষ,ফুৰ্তি।

তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্যৱহাৰ কৰোঁ, কাষৰ খালী ঠাইত লিখা।

উত্তৰঃ (ক) দেউতাৰ ককায়েক — বৰদেউতা, বৰতা।

(খ) বৰদেউতাৰ ঘৈণীয়েক —বৰমা,ব’ব’

(গ) দেউতাৰ ভায়েক— খুৰা, খুৰাদেউ।

(ঘ) খুৰাৰ ঘৈণীয়েক — খুৰী, খুৰীদেউ।

(ঙ) দেউতাৰ বায়েক — জেঠাই, জেঠীমা।

(চ) জেঠাই গিৰীয়েক—জেঠপেহা,জেঠু।

(ছ) দেউতাৰ ভনীয়েক —পেহী, বা।

(জ) পেহীৰ গিৰীয়েক—পেহা,পেহাদেউ।

(ঝ) আইৰ ককায়েক/ ভায়েক—মোমাই, মামা।

(ঞ) মোমাইৰ ঘনীয়েক— মামী।

(ট) আইৰ ভনীয়েক — মাহী।

(ঠ) মাহীৰ গিৰীয়েক — মহা, মহাদেউ।

Scroll to Top