ফুলকোঁৱৰৰ গীত

তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা।

উত্তৰঃ শব্দ – অৰ্থ

টিপা – আঙুলি বা হাতেৰে মৰা চেপা

শাল – এমূৰ জোঙা চুটি খুঁটি

চলি – চাচিঁ এৰুওৱা পাতল কাঠ

শূল – জোঙা অস্ত্ৰ

দশা – ভাগ্য \ অৱস্থা

শঁখা – শংখ

তমস্কাৰ – পৰিপাটি

উত্তৰ দিয়া।

(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?

উত্তৰঃ ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল।

(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক’ত পৰিছিল?

উত্তৰঃ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনিৰ বাৰীত পৰিছিল।

(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?

উত্তৰঃ ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে।

(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?

উত্তৰঃ ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে।

বুজাই লিখা।

(ক) ই বোলে মালিনী সি বোলে মালিনী

তোৰ দশা ভাল হ’ল,

গীতফাকিত “মালিনী” কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?

উত্তৰঃ গীতফাকিত বাগিছাখনৰ গৰাকীক ” মালিনী” বোলা হৈছে।

বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হোৱাৰ বাবে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে।

(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল?

উত্তৰঃ ফুলকোঁৱৰে হাতৰ পৰশত বাৰে বছৰীয়া শুকান ফুলৰবাৰীখন এদিনতে ফুলাই তমস্কাৰ কৰিছিল।

(গ) শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল?

উত্তৰঃ প্ৰথম স্তৰত শিপা ধৰিছিল, দ্বিতীয় স্তৰত পোখা ধৰিছিল, তৃতীয় স্তৰত ডাল মেলিছিল, চতুৰ্থ স্তৰত কলি পেলাইছিল, পঞ্চম স্তৰত ফুল ফুলিছিল। এনেদৰে এটা স্তৰৰ পাছত আনটো স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল।

(ঘ) বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ’ল ?

উত্তৰঃ ফুলকোঁৱৰৰ যত্নৰ ফলত বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন সলনি হ’ল।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

উত্তৰঃ ‘ক’ অংশ – ‘খ’ অংশ

(ক) জেউতি চৰিলে — উৰি যাওঁ উৰি যাওঁ কৰিল

(খ) ফুলনি বাৰীত থাঁকোতে কোঁৱৰে —

ইপাহি সিপাহি লেখি

(গ) কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে – সৱালৈ মাৰিলে শাল (ঘ) তগৰগুটিমালি – সৱেও পেলালে কলি।

(ঙ) কৰে হৰি হৰি – ফুলৰে তিৰবিৰ দেখি।

গীতটোৰ পৰা চন্দ্ৰবিন্দু (ঁ) থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা।

উত্তৰঃ ফুলকোঁৱৰ, ঘোঁৰা, যাওঁ, শখাঁ, থাকোঁতে, কোঁৱৰে।

শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা।

(ক)— সদাই স্কুললৈ যাওঁ ( সি/ মই )

উত্তৰঃ মই।

(খ) ৰতনে সদায় ফুটবল — (খেলে/ খেলিছিল)

উত্তৰঃ খেলে।

(গ) গোলাপ ফুলপাহি — ৰঙা (ধকধকীয়া/ টিকটিকীয়া)

উত্তৰঃ টিকটিকীয়া।

তলৰ গীতফাকিৰ পৰা বিশেষ্য পদকেইটা বাছি উলিওৱা।

কাঠৰ পখী ঘোঁৰা জেউতি চৰিলে

উৰি যাওঁ উৰি যাওঁ কৰিল,

ছমাহৰ বাটকে যায় একেদিনে

মালিনীৰ বাৰিতে পৰিল।

কাঠৰ পখী ঘোঁৰা এৰিফুল কোঁৱৰে

ভৰিৰে মাৰিলে টিপা,

সেউতী মালতী তগৰ গুটিমালি

সৱেও ধৰিলে শিপা।

উত্তৰঃ বিশেষ্য পদকেইটা হল – কাঠৰ, পখী, ঘোঁৰা, জেউতি, বাট, মালিনী, বাৰি, ফুলকোঁৱৰ, ভৰি, সেউতী, মালতী, তগৰ, গুটিমালি, শিপা।

‘শংখ এবিধ মুখৰে বজোৱা বাদ্য। মুখৰে আৰু কি কি বাদ্য বজাব পাৰি?

উত্তৰঃ ‘শংখ এবিধ মুখৰে বজোৱা বাদ্য। মুখৰে আৰু বাঁহী, পেপা, সুতুলি,টকা আদি বিভিন্ন বাদ্য বজাব পাৰি।

Scroll to Top