ওজা-পালি

উত্তৰ দিয়া ।

(ক) ওজা – পালি কি?

উত্তৰঃ ওজা – পালি হল এটি লোক নাট্য সাংস্কৃতিক অনুষ্ঠান।

(খ) ওজা – পালিৰ মুখ্য পালিজনক কি বােলা হয় ?

উত্তৰঃ ওজা – পালিৰ মুখ্য পালিজনক ডাইনা-পালি বুলি কোৱা হয়।

(গ) ওজাৰ লগত কোন কোন থাকে ? 

উত্তৰঃ ওজাৰ লগত কেইজন মান পালি থাকে।

(গ) ওজা – পালিৰ প্ৰকাৰবােৰ কি কি ?

উত্তৰঃ ওজা – পালিৰ প্ৰকাৰবোৰ হ’ল – সুকনান্নী বা সুকনাৰায়ণী গোৱা ওজা – পালি, বিয়াহৰ বা ব্যাস গোৱা ওজা- পালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা – পালি, বৈষ্ণৱী, তুকুৰীয়া ওজা, আপী ওজা আদি।

(ঘ) ওজা – পালি ক’ত ক’ত পৰিৱেশন কৰা দেখা যায় ?

উত্তৰঃ ওজাপালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায়।

চমু উত্তৰ দিয়া-

(ক) ওজা – পালিয়ে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা? 

উত্তৰঃ ওজা – পালিয়ে পৰিধান কৰা সাজ-পাৰ অতি সাধাৰণ। সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে হাতত এযোৰ খুঁটি তাল মেৰিয়াই লয়।

(খ) ওজা-পালিত ওজাই গােৱা গীতসমূহৰ কাহিনীভাগ ক’ৰ ক’ৰ পৰা লোৱা হয় ?

উত্তৰঃ ওজা – পালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাঁখ্যানৰ পৰা লোৱা হয়।

(গ) ডাইনা-পালিজনৰ প্রধান কাম কি কি ?

উত্তৰঃ ডাইনা – পালিজনৰ প্ৰধান কাম হল – ডাইনা-পালিজন সাধাৰণতে সুৰসিক হয়। পালিসকলৰ লগত গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰে। 

(ঘ) অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? 

উত্তৰঃ অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্য-গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই ‘দিহা’ৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায়। পালিসকলে খুঁটি তাল বজাই সেই দিহা দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে। আৰু ডাইনা পালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দাঙি ধৰে।

(ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল।

শব্দৰ লগত অৰ্থ মিলাও আহাঁ।

শব্দ অৰ্থ

দোহাৰে লৰাই

সৌষ্ঠব আকৰ্ষিত

দোলাই বুজিব পৰা

আকৃষ্ট সৌন্দৰ্য্য

বোধগম্য পুনৰ গায়

উত্তৰ: দোহাৰে —– পুনৰ গায়।

সৌষ্ঠব——– সৌন্দৰ্য্য।

দোলাই —— লৰাই।

আকৃষ্ট ——- আকৰ্ষিত।

বোধগম্য —— বুজিব পৰা।

খালী ঠই পূৰ কৰা-

ওজা-পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ’ল ডাইনা-পালি । ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা খুটি-তাল দোহাৰে। ডাইনা-পালিয়ে ৰসাল কথাৰে লোক-সমাজক আকৃষ্ট কৰে।

উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা।

উদাহৰণ- ঢোল – ঢোলীয়া ভাও-ভাওৰীয়া

খোল= খোলীয়া

লোণ = লোণীয়া

গোঁফ= গোঁফীয়া

যোৰ= যোৰীয়া

লগ = লগৰীয়া

বন= বনৰীয়া

কাষ= কাষৰীয়া

নাও= নাৱৰীয়া

বাক্য ৰচনা কৰা।

খুঁটি- তাল (বেঁটু বা খুবুলি নথকা কাঁহৰ সৰু তাল): ওজাপালি নৃত্যত পালিসকলে খুঁটি-তাল বজায়।

খুঁটি-খা (নিজৰ ঠোঁঠ বা হাতেৰে ধৰি আহাৰ খা): হাঁহবোৰে পানীত খুঁটি খাব পাৰে ।

খুঁটি-গছা (মাটিত খুঁটি পোতাৰ দৰে পুতি থ’ব পৰা সৰু গছা): আমাৰ ঘৰত চাকি জলাবলৈ খুঁটি-গছা ব্যৱহাৰ কৰা হয়।

খুঁটি-নাটি (কোনো বিষয়ৰ সৰু ভাগ, সৰু-সুকৰা কথা, আঁতিৰগুৰি): কোনো কামত সফল হ’বলৈ খুঁটি-নাটি কথা ধৰি মন দিব লাগে।

খুঁটি-পোত (থাকিবলৈ ঠাই ল): ৰামে আমাৰ গাঁৱত খুঁটি পুতিব খুজিছে।

খুঁটি-ঢৰা (চটাই ঢৰা): বহিবলৈ খুঁটি-ঢৰাখন পাৰা।

খুঁটিয়া-খুঁটি (পৰস্পৰে পৰস্পৰক বা ইটোৱেই সিটোক আঘাত কৰা কাৰ্য): মূৰ্গীৰ পোৱালিবোৰে খুঁটিয়া-খুঁটি লাগি আছে।

Scroll to Top