তিনিটা মাছৰ কাহিনী

উত্তৰ দিয়া-

(ক) ‘তিনিটা মাছৰ কাহিনী’ত থকা মাছকেইটাৰ নাম কি কি?

উত্তৰঃ ‘তিনিটা মাছৰ কাহিনী’ত থকা মাছকেইটাৰ নাম হল-অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্য।
(খ) অনাগতবিধাতা কিয় শংকিত হৈছিল?

উত্তৰঃ কথা পাতি যোৱা মানুহ কেইজনে মাছকেইটা ধৰি লৈ যাব বুলি শুনি অনাগতবিধাতা শংকিত হৈছিল।

(গ) অনাগতবিধাতাৰ কথাত কোনে সমৰ্থন কৰিছিল?

উত্তৰঃ অনাগতবিধাতাৰ কথাত প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল।

(ঘ)কোনে বিপদৰ কথা নাভাবি আকোঁৰ গোজ হৈ থাকি মৃত্যুক সাৱটি ল’লে?

উত্তৰঃ যদভৱিষ্যতে বিপদৰ কথা নাভাবি আকোঁৰ গোজ হৈ থাকি মৃত্যুক সাৱটি ল’লে।

(ঙ) মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে?

উত্তৰঃ মাছমৰীয়াকেইজনে জালেৰে পুখুৰীত মাছ মাৰিলে।

কোৱা আৰু লিখা

তলৰ কথাকেইষাৰ কোনে, কি উদ্দেশ্যেৰে কাক কৈছিল?

(ক)”আপুনি সঁচা কথাকেই কৈছে। ময়ো এই বিল এৰি ওচৰত থকা আন খাল-বিললৈ যোৱাটো উচিত বুলি ভাবোঁ।”

উত্তৰঃ এই কথাষাৰ প্ৰত্যুৎপন্নমতিয়ে সন্মুখত বিপদ দেখি সেই বিপদৰ পৰা হাত সাৰিবলৈ অনাগতবিধাতাক উদ্দেশ্য কৰি কৈছিল।

(খ) “মই মুখৰ কথাতেই পিতৃ-পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ।”

উত্তৰঃ এই কথাষাৰ যদভৱিষতে অনাগতবিধাতা আৰু প্ৰতুৎপন্নমতিৰ কথা শুনি অনাগতবিধাতা আৰু প্ৰতুৎপন্নমতিক উদ্দেশ্য় কৰি কৈছিল।

(গ) ‘কাইলৈ পুৱা মাছমৰিয়াসকল আহি এই বিলৰ মাছ মাৰি নিঃশেষ কৰিব।’

উত্তৰঃ এই কথাষাৰ অনাগতবিধাতাই মাছমৰিয়া কেইজনৰ কথা শুনি প্ৰতুৎপন্নমতি আৰু যদভৱিষদক উদ্দেশ্য কৰি কৈছিল।

তলৰ শব্দৰবোৰৰ অৰ্থ শব্দ-সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা।

অনাগতবিধাতা, এখন্তেক নাশ

আঁকোৰ-গোজ, প্ৰত্যুৎপন্নমতি,

ঘোদালি, সুৰক্ষিত, উচ্চস্বৰে,

যদভৱিষ্য, নিঃশেষ, হাত-সাৱটি

অনাগতবিধাতা – যি এতিয়াও অহা নাই।

এখন্তেক – এক মুহূৰ্ত।

নাশ – ধ্বংস।

আঁকোৰ-গোজ – কোনো কাম বা কথাত লাগি থকা।

প্ৰত্যুৎপন্নমতি – উপস্থিত বুদ্ধি।

ঘোদালি – তহিলং কৰা।

সুৰক্ষিত – নিৰাপদ।

উচ্চস্বৰে – চিঞৰি।

যদভৱিষ্য – পিছলৈ হ’ব বুলি ৰৈ থকা।

নিঃশেষ – একেবাৰে নোহোৱা হোৱা।

হাত-সাৱটি – আনৰ ওপৰত ভৰষা কৰি থকা।

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা।

(ক) মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়াই মাছবোৰক কি ক’লে?

উত্তৰঃ মাছমৰীয়া কেইটাৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক কলে যে – ”কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিঃশেষ কৰিব বুলি কোৱা সকলোৱে শুনিছে। আমাক বিপদে হাত-বাউল দি মাতিছে। গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। ৰাতিয়েই আন ঠাইলৈ গুচি যাব লাগিব। কিয়নো দুৰ্বলীলোক সদায় বলীৰ পৰা আঁতৰত থাকে, অথবা সুৰক্ষিত স্থানত আশ্ৰয় লয়।

(খ) অনাগতাবিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতিয়ে কিয় সমৰ্থন কৰিলে?

উত্তৰঃ অনাগতবিধাতাই কোৱা কথাটো প্ৰতুৎপন্নমতিয়ে সমৰ্থন কৰিছিল। কিয়নো, প্ৰতুৎপন্নমতিয়ে ভাবিছিল যে ”যাৰ জীয়াই থকাৰ ইচ্ছা থাকে তেওঁ কিহৰ মোহত বিনাশ হ’ব? ‘পিতৃ-পিতামহৰ কুঁৱা’ বুলি ভাবি থকা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে।”
(গ) যদভৱিষ্যই কিয় মৃত্যুক সাৱটি ল’ব লগা হ’ল?

উত্তৰঃ বিপদৰ কথা নাভাবি হাত-সাৱটি বহি থকাৰ বাবেই যদভৱিষতে মৃত্যক শাবটি লব লগা হ’ল।

(ঘ) আঁকোৰগোঁজ মনােভাৱে মানুহক কেনেদৰে বিপদত পেলায়?

উত্তৰঃ আঁকোৰগোঁজ মনোভাৱ থকা মানুহে আনে দিয়া উপদেশ গ্ৰহণ নকৰে। ফলত বিপদক নিজে আমন্ত্ৰণ দিয়াৰ দৰে হয়।

তলৰ আধৰুৱা বাক্যবােৰ সম্পূৰ্ণ কৰিবলৈ পাঠটো পঢ়া আৰু খালী অংশটো কৰি লিখা । 

(ক) এখন বিলত ভালেমান,_ মাছ আছিল । সেই বিলতে অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যতৰ একেলগে বাস কৰি আছিল। এদিন অনাগতবিধাতাই পুখুৰীত সাঁতুৰি-নাদুৰি _ থাকোতে সেইফালেৰে গৈ থকা _ মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে – ” এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই , ইয়াত নিশ্চয় বহুতাে ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ _ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব।_ ”- এইবুলি কৈ মাছমৰীয়াসকল ঘৰা – ঘৰি গুচি গ’ল ।

খ ) যদভৱিষ্যতৰ এনেকুৱা _ আঁকোৰগোঁজ মনোভাৱ দেখি তেওঁক এৰি অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰ সৈতে আন বিললৈ গুচি গ’ল _ । পাছদিনাখন পুৱা _ মাছমৰীয়াসকলে আহি বিলত জাল পেলালে _ । তেওঁলােকে জালেৰে যদভৱিষ্যতৰ _ লগতে বিলত থকা আন আন মাছবোৰকো ধৰি _ ঘৰলৈ লৈ গ’ল।

উদাহৰণত দেখুওৱাৰ দৰে ‘অ’ লগাই বিপৰীত অৰ্থ বুজোৱা শব্দ সাজা।

উদাহৰণ- সুৰক্ষিত – অসুৰক্ষিত

সংলগ্ন – অসংলগ্ন

ঘটন – অঘটন

বুজন – অবুজন

বাট – অবাট

চেতন – অচেতন

সময় – অসময়

কৃত্ৰিম – অকৃত্ৰিম

বাক্য ৰচনা কৰাঃ

হাত – বাউল দিঃ তেওঁলোকক চাৰে হাত-বাউল দি মাতিছে।

সাঁতুৰি – নাদুৰিঃ ৰাহুল হতে বিলত সাঁতুৰি-নাদুৰি আছিল।

আঁকোৰ – গোঁজঃ যদভৱিষ্যত আঁকোৰ-গোঁজ স্বভাৱৰ আছিল।

ঘোদালিঃ মাছমৰীয়াকেইজনে বিলখনত মাছ মাৰি ঘোদালি পেলালে।

ঘৰা – ঘৰিঃ স্কুল ছুটিৰ পিছত সকলো ঘৰা – ঘৰি গুচি গ’ল।

অতি শীঘ্ৰেঃ অতি শীঘ্ৰেই কামটো সম্পূৰ্ণ কৰা।

এখন্তেকঃ মই গৈ আহো,তুমি এখন্তেক ৰৈ দিয়া।

Scroll to Top