শিৱসাগৰলৈ যাত্ৰা
১। উত্তৰ লিখা-
(ক) আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম লিখা।
উত্তৰঃ আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম হ’ল-বানকাঁহী, বানবাটী আৰু গাগৰী।
(খ) শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম লিখা।
উত্তৰঃ শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম হ’ল- কাৰেংঘৰ, ৰংঘৰ আৰু তলাতল ঘৰ।
(গ) শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা।
উত্তৰঃ শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম হ’ল- জয়সাগৰ পুখুৰী।
(ঘ) তিনিবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ তিনিবিধ যান-বাহনৰ নাম হল- ৰিক্সা, বাছ, ৰে’ল গাড়ী।
২। আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল?
উত্তৰঃ আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল।
৩। যাতায়াত ব্যৱস্থা বুলিলে কি বুজা? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে?
উত্তৰঃ মানুহে যানবাহন ব্যৱহাৰ কৰি এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰা কাৰ্যই হৈছে যাতায়াত ব্যৱস্থা।
আমাৰ অঞ্চলত পথ-পৰিবহণ, জল-পৰিবহণ, ৰে’ল-পৰিবহণ ব্যৱস্থাসমূহ আছে।
৪। তলৰ শব্দসমূহৰ বিষয়ে চাৰি শাৰীকৈ বাক্য লিখা-
পৰিবহণ, ৰে’লগাড়ী, বাচন-বর্তন, যান-বাহন আৰু জলপথ
উত্তৰঃ পৰিবহণ-
১। যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াই নিয়া ব্য়ৱস্থাই হৈছে পৰিবহণ ব্য়ৱস্থা ।
২। আমাৰ দেশত স্থল বা পথ-পৰিবহণ, জল-পৰিবহণ, ৰে’ল-পৰিবহণ, আকাশী পৰিবহণ ব্য়ৱস্থা আছে ।
৩। পৰিবহণ ব্য়ৱস্থাত আমি নানা প্ৰকাৰৰ যান-বাহন ব্য়ৱহাৰ কৰোঁ ।
৪। আমাৰ গাৱত স্থল বা পথ-পৰিবহণ ব্য়ৱস্থা আছে ।
ৰে’লগাড়ী-
১। ৰে’লগাড়ীৰ জৰিয়তে দূৰ-দূৰণিৰ ঠাইলৈ যাব পাৰি ।
২। ৰে’লগাড়ীত উঠিবলৈ হ’লে টিকট সংগ্ৰহ কৰাতো প্ৰয়োজন ।
৩। ৰে’লগাড়ীত উঠাৰ কিছু সময়ৰ পিছত টিকট কালেক্টৰে টিকটসমূহ পৰীক্ষণ কৰে ।
৪। নিৰ্দিষ্ট সময়তহে ৰে’লগাড়ী চলে ।
বাচন-বৰ্তন-
১। বাচন-বৰ্তন আমি খাদ্য ৰন্ধাৰ লগতে খাদ্য খাবলৈও ব্যৱহাৰ কৰো।
২। বাচন-বৰ্তন বোৰ কাঁহ, পিতল আৰু ধাতুৰে তৈয়াৰী।
৩। বানকাঁহী, বানবাটি, গাগৰী আদি বাচন-বৰ্তনবোৰ আজো ককা, আইতাহঁতৰ দিনৰে বাচন-বৰ্তন ।
৪। সকলোৰে ঘৰত বাচন-বৰ্তন থাকে ।
যান-বাহন-
১। যান-বাহনৰ সহায়ত আমি এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰিব পাৰোঁ ।
২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিৰ লগে লগে মানুহে উন্নত মানৰ যান-বাহনৰ ব্য়ৱহাৰ কৰিব পৰা হৈছে।
৩। যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াব পাৰি ।
৪। যান – বাহনৰ ব্যৱহাৰে আমাৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছে।
জলপথ-
১। পানীৰ দ্বাৰা মানুহে অহা-যোৱা কৰিব পৰা ব্য়ৱস্থাক জলপথ বোলে ।
২। জলপথ হৈছে পৰিবহন ব্যৱস্থাৰ অতি সুচল আৰু কম খৰছী পথ।
৩। নাও, পানীজাহাজ আদি জলপথ ব্য়ৱস্থাৰ উদাহৰণ|
৪। জলপথে বিভিন্ন বস্তু কঢ়িয়াব পৰা যায়।
৫।‘ক’অংশৰ লগত ‘খ’অংশ মিলোৱা।
উত্তৰঃ
‘ক’ | ‘খ’ |
নাও উৰাজাহাজ ৰে’লগাড়ী ঘোঁৰাগাড়ী | জলপথ আকাশী পথ ৰে’লপথ আলিবাট |