ভিন্ন ঠাই-ভিন্ন জীৱন

পাঠভিত্তিক সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু ক্ৰিয়া-কলাপ

অনুশীলনী (পৃষ্ঠা ১০১ – ১০২) 

(১) শুদ্ধ উত্তৰটো বাছি উলিওৱা:

  • (ক) ক’ত আটাইতকৈ বেছি বৰষুণ হয়?

    • উত্তৰ: (i) মেঘালয় (চেৰাপুঞ্জীৰ মৌচিনৰামত)

  • (খ) লাডাখৰ লোকসকলৰ প্ৰধান জীৱিকা কি?

    • উত্তৰ: (iii) পশুপালন

  • (গ) কেৰালাৰ বিখ্যাত পৰম্পৰাগত নৃত্য কোনটো?

    • উত্তৰ: (iii) কথাকলি

(২) উত্তৰ লিখা:

  • (i) কেৰালা কোনখন সাগৰৰ পাৰত অৱস্থিত?

    • উত্তৰ: কেৰালা আৰৱ সাগৰৰ পাৰত অৱস্থিত।

  • (ii) মেঘালয়ৰ কোন ঠাইত আটাইতকৈ বেছি বৰষুণ হয়?

    • উত্তৰ: মেঘালয়ৰ চেৰাপুঞ্জীৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়।

  • (iii) মেঘালয়ৰ জনজাতিসকলৰ যিকোনো একটা উৎসৱৰ নাম লিখা।

    • উত্তৰ: নংক্ৰেম (খাছীসকলৰ উৎসৱ) / বাংগালা (গাৰোসকলৰ উৎসৱ) / লাহো (জয়ন্তীয়াসকলৰ উৎসৱ)।

(৩) খালী ঠাই পূৰ কৰা:

  • (i) মেঘালয়ত লোকসকলে সাধাৰণতে চাংঘৰত বাস কৰে।

  • (ii) কেৰালাৰ লোকসকলে মাছ ধৰাৰ উপৰি সাগৰৰ পাৰত নাৰিকল গছৰ খেতিও কৰে।

(৪) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

  • ঘুমৰ নৃত্য ➔ ৰাজস্থান

  • য়াক আৰু ডজো ➔ লাডাখ

  • জৈনচেম ➔ মেঘালয়ৰ খাছী মহিলাৰ সাজ

  • ভেল্লমকালি ➔ কেৰালাৰ নাওখেল

  • নংক্ৰেম ➔ মূল ধৰ্মীয় উৎসৱ

(৫) লাডাখ অঞ্চলত কিয় গছ-গছনি কম দেখা যায়?

উত্তৰ: লাডাখ ভাৰতৰ এক শীতল মৰুভূমি অঞ্চল (Cold Desert)। ইয়াত বছৰৰ বেছিভাগ সময় বৰফেৰে আবৃত হৈ থাকে আৰু প্ৰচণ্ড ঠাণ্ডা তথা বৰষুণৰ অভাৱৰ বাবে মাটিভাগ গছ-গছনি বৃদ্ধিৰ বাবে উপযোগী নহয়। সেয়েহে লাডাখত গছ-গছনি কম দেখা যায়।

(৬) ৰাজস্থানত কিয় পানীৰ সমস্যা হয়? লিখা।

উত্তৰ: ৰাজস্থান ভাৰতৰ শুকান আৰু বালিময় থৰ মৰুভূমি অঞ্চলত অৱস্থিত। ইয়াত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম আৰু গ্ৰীষ্মকালত প্ৰচণ্ড উত্তাপ থাকে। নদী আৰু প্ৰাকৃতিক জলাশয়ৰ সংখ্যা কম হোৱাৰ বাবে ৰাজস্থানত পানীৰ তীব্ৰ সমস্যা বা নাটনি হয়।

(৭) ৰাজস্থান আৰু কেৰালাৰ পৰিৱেশৰ মাজৰ পাৰ্থক্য:

উপাদান / দিশ

ৰাজস্থান

কেৰালা

১/ ভৌগোলিক অৱস্থান

উত্তৰ-পশ্চিম ভাৰতৰ বালিময় মৰুভূমি অঞ্চল।

দক্ষিণ ভাৰতৰ আৰৱ সাগৰৰ উপকূলীয় সেউজ অঞ্চল।

২/ জলবায়ু আৰু বৰষুণ

শুকান আৰু অতি গৰম; বৰষুণ অতি কম।

গৰম আৰু সেমেকা; প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

৩/ প্ৰাকৃতিক উদ্ভিদ

খেদ্ৰী, সাগৰফেনা আদি কাঁইটীয়া উদ্ভিদ।

নাৰিকল, জালুক, কফি, ৰবৰ আদি চিৰসেউজ গছ।

৪/ বাসস্থান (ঘৰ)

গৰমৰপৰা ৰক্ষা পাবলৈ ডাঠ মাটিৰ দেৱাল আৰু খেৰৰ চালৰ ঘৰ।

প্ৰচুৰ বৰষুণৰ বাবে পানী নামি যাব পৰাকৈ এঢলীয়া আৰু খলপীয়া চালৰ ঘৰ।

৫/ প্ৰধান খাদ্য

বাজৰাৰ ৰুটী, দাল-বাটি, খিচিৰি, ঘিউ, আচাৰ।

ভাত, মাছৰ জোল, ইডলি, ড’চা, সাম্বৰ (নাৰিকলযুক্ত)।

ক্ৰিয়া-কলাপ ৫: ভূ-প্ৰকৃতি আৰু উপাদানভিত্তিক পাৰ্থক্য তালিকা:

উপাদান

মেঘালয়

ৰাজস্থান

লাডাখ

ঘৰ-দুৱাৰ

পাহাৰৰ এঢলীয়াত সজা চাংঘৰ / মাটিৰ ঘৰ।

ডাঠ মাটিৰ দেৱাল আৰু খেৰৰ চালৰ ঘৰ।

মাটিৰ ইটা আৰু শিলেৰে সজা ডাঠ দেৱালৰ ঘৰ।

সাজ-পাৰ

জৈনচেম, দকমান্দা, কিইনৰিম, ধুতি-চোলা।

ধুতি-কুৰ্তা, ৰঙীন পাগুৰি, ঘাগ্ৰা-চোলি।

য়াক আৰু ছাগলীৰ নোমৰ দীঘল গৰম পোছাক (পশ্মিনা)।

খাদ্য

ভাত, মাছ, মাংস, জাদ, চাখন, নাখামবৰি।

বাজৰাৰ ৰুটী, দাল-বাটি, খিচিৰি, ঘিউ, পনিৰ।

যৱৰ ৰুটী, ম’ম’, থুকপা, চুৰপা।

উৎসৱ

নংক্ৰেম, বাংগালা, লাহো।

পুষ্কৰ মেলা, তীজ, গণগৌৰ।

হেমিছ উৎসৱ, লাডাখ উৎসৱ।

ভাৰতৰ বিভিন্ন জাতীয় দিৱসসমূহ:

  • গণতন্ত্ৰ দিৱস: ২৬ জানুৱাৰী

  • ধৰিত্ৰী দিৱস: ২২ এপ্ৰিল

  • বিশ্ব পৰিৱেশ দিৱস: ৫ জুন

  • বিশ্ব যোগ দিৱস: ২১ জুন

  • স্বাধীনতা দিৱস: ১৫ আগষ্ট

  • শিক্ষক দিৱস: ৫ ছেপ্টেম্বৰ

  • গান্ধী জয়ন্তী: ২ অক্টোবৰ

  • শিশু দিৱস: ১৪ নৱেম্বৰ

Scroll to Top