অসমৰ প্ৰাকৃতিক সম্পদ

১। উত্তৰ লিখা-

(ক) প্রাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি, খনিজ পদার্থ, অৰণ্য আৰু বন্যপ্রাণীৰে ভৰা। এইবোৰৰ প্রত্যেকেই একো একোটা সম্পদ। এইবোৰ আমাৰ বিভিন্ন কামত প্রয়োজন হয়। প্ৰকৃতিৰপৰা পোৱা বাবে এইবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়।

(খ) খনিজ সম্পদ কাক বোলে?

উত্তৰঃ ভূ-গৰ্ভত খাৰুৱা তেল, প্রাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। ভূ-গৰ্ভত পোৱা এই সম্পদবোৰেই হৈছে খনিজাত বা খনিজ সম্পদ।

(গ) অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি?

উত্তৰঃ অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ’ল- খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি। 

(ঘ) অসমক কিয় ‘পনীয়া সোণৰ ৰাজ্য’ বুলি কোৱা হয়?

উত্তৰঃ খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য। সেয়েহে অসমক ‘পনীয়া সোণৰ ৰাজ্য’ বুলি কোৱা হয়।

(ঙ) জলজ সম্পদ কি কি?

উত্তৰঃ নদ-নদী, খাল-বিল, পুখুৰী, আদিৰ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। পানীত বিভিন্ন প্রাণী, যেনে- মাছ, কাছ, ঘৰিয়াল, শিহু আদি থাকে। এইবোৰ আমাৰ বৰ উপকাৰী। পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ আমাৰ জলজ সম্পদ।

(চ) অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা।

উত্তৰঃ অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম হ’ল- ধান, মাহ আৰু সৰিয়হ।

(ছ) তিনিবিধ বনজ সম্পদৰ নাম লিখা।

উত্তৰঃ তিনিবিধ বনজ সম্পদৰ নাম হ’ল- গছ-গছনি, জীৱ-জন্তু আৰু চৰাই -চিৰিকটি। 

২। আমি কিয় প্রাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে?

উত্তৰঃ সকলো প্রাকৃতিক সম্পদেই অতি মূল্যৱান। এই সম্পদবোৰ যাতে প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায় তাৰ বাবে সেইবোৰ আমি সংৰক্ষণ কৰিব লাগে।

৩।শুদ্ধ উত্তৰটোত ‘√’ চিন দিয়া-

(ক) আল্‌ল্বতৰা কয়লাখনিত পোৱা যায়।

উত্তৰঃ

(খ) চূণশিল এবিধ বনজ সম্পদ।

উত্তৰঃ ×

(গ) প্রাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ

(ঘ) অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়।

উত্তৰঃ ×

(ঙ) ভূ-গৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী।

উত্তৰঃ ×

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’ অংশ

‘খ’ অংশ

কয়লা

খাৰুৱা তেল

গঁড়, হাতী

পানীত থকা প্ৰাণীসমূহ

বনজ সম্পদ

জলজ সম্পদ

খনিজ সম্পদ

পনীয়া সোণ

উত্তৰঃ

‘ক’ অংশ

‘খ’ অংশ

কয়লা

খাৰুৱা তেল

গঁড়, হাতী

পানীত থকা প্ৰাণীসমূহ

খনিজ সম্পদ

পনীয়া সোণ

বনজ সম্পদ

জলজ সম্পদ 

Scroll to Top