আমাৰ ৰাজ্যখন

১। পাঠ্যপুথিত সন্নিৱিষ্ট অসমৰ মানচিত্ৰখনত তোমাৰ নিজৰ জিলাখন চিনাক্ত কৰি চাৰিসীমা লিখা।

( নিজে কৰিবা)

২। মানচিত্ৰ এখনৰ সহায়ত আমি কি কি জানিব পাৰোঁ লিখা।

উত্তৰঃ মানচিত্ৰ এখনৰ সহায়ত আমি কোনো এখন ঠাই, দেশ আৰু ৰাজ্যৰ সীমাৰ লগতে সাগৰ-মহাসাগৰ, নৈ-উপনৈ, চহৰ-নগৰ, ৰাস্তা-ঘাট আদিৰ বিষয়ে সাংকেতিক চিহ্নৰ সহায়ত জানিব পাৰোঁ।

৩। অসমৰ প্ৰধান প্রাকৃতিক বিভাগ কেইটা আৰু কি কি?

উত্তৰঃ অসমৰ প্ৰধান প্রাকৃতিক বিভাগ তিনিটা সেই কেইটা হ’ল-

ক) ব্ৰহ্মপুত্ৰ উপত্যকা।

খ) কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল।

গ) বৰাক উপত্যকা।

৪) পাৰ্থক্য লিখা-

(ক) নৈ আৰু উপনৈ

উত্তৰঃ কোনো পৰ্বতত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগক নৈ বা নদী বোলে। আনহাতে কোনো পৰ্বত, পাহাৰ বা হৃদত উৎপত্তি হৈ নানা ঠাইৰ মাজেৰে বৈ কোনো নৈত পৰা পানী ভাগক উপনৈ বোলে।

(খ) পৰ্বত আৰু পাহাৰ

উত্তৰঃ পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশবোৰক পৰ্বত বোলা হয়। সাধাৰণতে পৰ্বতৰ ঢালবোৰ পাহাৰতকৈ বেছি থিয়গৰীয়া হয়। আনহাতে, বহু ঠাই জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰেই হৈছে পাহাৰ।

(গ) মালভূমি আৰু সমভূমি

উত্তৰঃ বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিভাগকেই মালভূমি বোলে। আনহাতে পৰ্বত-পাহাৰ নথকা আহল-বহল সমতল ভূমি বা অঞ্চলক সমভূমি বোলে।

৫। শুদ্ধ উত্তৰটোত  √ চিন দিয়া।

(ক) অসমক প্রধানকৈ দুটা/তিনিটা/চাৰিটা প্রাকৃতিক বিভাগত ভাগ কৰা হয়।

উত্তৰঃ তিনিটা।

(খ) অসমৰ চাৰিসীমাত দুখন/তিনিখন/চাৰিখন বিদেশী ৰাষ্ট্ৰ আছে ।

উত্তৰঃ দুখন।

(গ) মানাহ/ সোৱণশিৰি/ধলেশ্বৰী হ’ল বৰাক নৈৰ উপনৈ।

উত্তৰঃ ধলেশ্বৰী।

৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

Scroll to Top