গছ-গছনিৰ কথা

১। উত্তৰ লিখা- 

(ক) উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা।

উত্তৰঃ উদ্ভিদ এজোপাৰ অংশসূহ নাম হ’ল- গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। 

(খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰঃ শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম-গাজৰ, মূলা, বীট।

(গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি?

উত্তৰঃ উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ’ল- পাতত পত্ৰহৰিৎ নামৰ ৰঞ্জক পদাৰ্থ থাকে। 

(ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা। 

উত্তৰঃ বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰনাম হ’ল- গোলাপ, নয়নতৰা, জবা।

(ঙ) গ্রীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। 

উত্তৰঃ গ্রীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হল- আম, জামু, লিচু।

(চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা।

উত্তৰঃ চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ’ল- কমলা,  কঁঠাল ডালিম, আৰু  অমিতা।

২। খালী ঠাই পূৰ কৰা- 

(ক) উদ্ভিদে আহাৰ প্রস্তুত কৰিবলৈ _______ গেছ ব্যৱহাৰ কৰে।

উত্তৰঃ অক্সিজেন।

(খ) লিচু, জলফাই আদিৰ ________গুটি থাকে। 

উত্তৰঃ এটা।

(গ) উদ্ভিদে বায়ুমণ্ডলত _______ গেছ আৰু কার্বন-ডাই-অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে।

উত্তৰঃ অক্সিজেন।

(ঘ) ফুলৰ পৰাই ________ উৎপন্ন হয়। 

উত্তৰঃ  ফল।

(ঙ) ফুলৰ ৰং আৰু _________ কীট-পতংগক আকর্ষণ কৰে। 

উত্তৰঃ গোন্ধে।

৩। শুদ্ধ উত্তৰটোত ‘√’ চিন দিয়া- 

(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কার্বন-ডাই-অক্সাইড / অক্সিজেন গেছ আহৰণ কৰে। 

উত্তৰঃ দ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কাৰ্বন-ডাই-অক্সাইড গেছ আহৰণ কৰে। 

(খ) শেৱালি, ৰজনীগন্ধা আদি দিনত / ৰাতি ফুলে।

উত্তৰঃ শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে। 

(গ) কমলা বগৰি আদি গ্ৰীষ্ম ঋতু/ শীত ঋতুত হোৱা ফল।

উত্তৰঃ কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল। 

(ঘ) মাটি কঁঠাল তৰমুজ আদিৰ আকাৰ সৰু/ডাঙৰ।

উত্তৰঃ মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ। 

৪। তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকি ৰং কৰা।

Scroll to Top