অসমৰ কুটীৰ শিল্প
১। উত্তৰ লিখা –
(ক) কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম।
উত্তৰঃ কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ’ল- বটা আৰু শৰাই ।
(খ) বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম।
উত্তৰঃ বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ’ল- ডলা, চালনী।
(গ) অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম।
উত্তৰঃ অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম হ’ল- আশাৰীকান্দিৰ টেৰাকোটা, হাজোৰ পিতলৰ উদ্য়োগ, সৰ্থেবাৰীৰ কাঁহশিল্প, মাজুলীৰ মুখাশিল্প আৰু শুৱালকুছিৰ পাট-মূগা।
(ঘ) তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম।
উত্তৰঃ তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম হ’ল বাঁহ, বেত আৰু কাঠ।
২। তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটীৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্রস্তুত কৰা-
উত্তৰঃ
মৃৎশিল্প | কাঁহ শিল্প | বয়ন শিল্প | পিতল শিল্প | মুখা শিল্প |
টেকেলি, চাকি, গছা | বটা,কাঁহী বাটি, বান বাটী,ঘটি | মেখেলা চাদৰ, ৰিহা, গামোচা, চেলেং চাদৰ | লোটা, শৰাই | মুখা |
৩। কাঁড় চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱা:
সৰ্থেবাৰী ঢকুৱাখনা কাছাৰ আশাৰীকান্দি হাজো শুৱালকুছি | মৃৎ শিল্প পিতলৰ শিল্প কাঁহৰ শিল্প বয়ন শিল্প বয়ন শিল্প বেতৰ শিল্প |
উত্তৰঃ
সৰ্থেবাৰী ঢকুৱাখনা কাছাৰ আশাৰীকান্দি হাজো শুৱালকুছি | কাঁহৰ শিল্প বয়ন শিল্প বেতৰ শিল্প মৃৎ শিল্প পিতলৰ শিল্প বয়ন শিল্প |