বিষ্ণুপ্ৰসাদ ৰাভা

(১) পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) ‘বিলতে হালিছে ধুনীয়া পদুমী’…গীতটি কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘বিলতে হালিছে ধুনীয়া পদুমী’ গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিছিল।

(খ) বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও লৈছিল।

(গ) বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশিনীৰ নৃত্য দেখি অনুপ্রাণিত হৈছিল?

উত্তৰঃ ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটিয়সী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা বিশেষভাৱে অনুপ্রাণিত হৈছিল।

(ঘ) কি কি বাদ্য-যন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসম্মত চৰ্চা কৰিছিল?

উত্তৰঃ অসমৰ বিভিন্ন বাদ্য-যন্ত্র যেনে- ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল।

(ঙ) বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন কি কি?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন হল শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু ‘বাঁহী’ আলোচনীৰ বেটু-পাতৰ বাবে অঁকা সাতখলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। 

(চ) বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন হয়?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো ‘বিষ্ণুৰাভা’ ‘দিৱস’ হিচাপে পালন হয়।

(ছ) তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? 

উত্তৰঃ তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম হ’ল- বাণ থিয়েটাৰ।

(২) শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰৰ পৰা বিচাৰি লিখা-

শব্দ

অর্থ

সংস্কৃতি

পৰম্পৰা

প্রতিভাসম্পন্ন

প্ৰখৰ বুদ্ধিসম্পন্ন

অনুপ্রাণিত

উৎসাহিত

সুনিপুণ

পার্গত

শব্দ

অর্থ

সুদক্ষ

অভিজ্ঞতা সম্পন্ন

ৰচক

ৰচিত

তীক্ষ্ণ

দৃঢ়তা

ভূয়সী

অতিশয়

লিখা-

কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা ৩টা নৃত্যৰ নাম?

উত্তৰঃ শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি নৃত্য আৰু কালীয় দমন নৃত্য।

কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচার্যজনৰ নাম কি?

উত্তৰঃ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য দার্শনিক পণ্ডিত সর্বপল্লী ৰাধাকৃষ্ণণ 

বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম?

উত্তৰঃ সংগীতজ্ঞ ওস্তাদ মোতী মিঞা, কালাচাঁদ আৰু গহৰজান বিবিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই গীত, বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল।

পাঠৰ পৰা বিচাৰি উলিয়াই লিখা।

(ক) মানুহৰ নাম, যেনে- – বিষুপ্রসাদ ৰাভা, …………………।

উত্তৰঃ ওস্তাদ কালাচান্দ, আনা পাভলোভা, ° সৰ্বপল্লী ৰাধাকৃষ্ণণ আদি।

(খ) ঠাইৰ নাম, যেনে- বংগ, …………………..।

উত্তৰঃ কলিকতা, ভাৰতবৰ্ষ, অসম, তেজপুৰ, কোচবিহাৰ আদি।    

(গ) অনুষ্ঠানৰ নাম, যেনে বাণ থিয়েটাৰ, ………………….।

উত্তৰঃ শান্তিনিকেতন।

(ঘ) ভাষাৰ নাম, যেনে- অসমীয়া, …………………….।

উত্তৰঃ গাৰো, নগা, মণিপুৰী, খাছী, মিজো, মিচিং, উৰ্দু, ভুটীয়া, নেপালী, বড়ো, বাংলা, কাৰ্বি, সংস্কৃত আদি।

(ঙ) বাদ্য-যন্ত্ৰৰ নাম, যেনে ঢোল, ………………………।

উত্তৰঃ হাৰমনিয়াম, এচৰাজ, তবলা,  অৰ্গেন, বেহেলা, চেতাৰ আদি।

(চ) কর্ম বা বৃত্তিৰ নাম, যেনে গীতিকাৰ, ……………………।

উত্তৰঃ নৃত্যশিল্পী, বাদ্য শিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, সুৰকাৰ আদি।

কাক কি নামেৰে জনা যায় আঁচ টানি মিলোৱা –

উত্তৰঃ

 

(ক) পাৰ্বতী প্ৰসাদ বৰুৱা

গীতি কবি 

(খ) বিষ্ণু প্ৰসাদ ৰাভা

কলাগুৰু 

(গ) জ্যোতিপ্ৰাসদ আগৰৱালা

ৰূপকোঁৱৰ

(ঘ) ফণী শৰ্মা

নটসূর্য

(ঙ) ৰুদ্ৰ বৰুৱা

লুইত কোঁৱৰ

Scroll to Top