মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল

উত্তৰ দিয়া-

১। কামলাং নৈখন কোন প্রদেশত আছে?

উত্তৰঃ কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে।

২। কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি?

উত্তৰঃ কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম হ’ল- কোৱান্ ছা।

৩। কোৱাছাই কামলাঙৰ পানীত কি পাতি থৈছিল?

উত্তৰঃ কোৱানছাই কামলাঙৰ পানীত এখন দলঙা পাতি থৈছিল।

৪। ডাঙৰ মাছটো কোৱানছাই ক’ত জীয়াই থৈছিল?

উত্তৰঃ ডাঙৰ মাছটো কোৱানছাই লাউৰ খোলা এটাত জীয়াই থৈছিল।

৫। কোৱান্‌ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল?

উত্তৰঃ কোৱান্ছাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে।

৬। তাঁত-শালখন মেলি খট্‌খটাই কোনে কাপোৰ বৈছিল?

উত্তৰঃ তাঁত-শালখন মেলি খট্খটাই হামব্ৰুমাই কাপোৰ বৈ আছিল।

(৭) সাধুটো নিজৰ কথাৰে কোৱা।

(৮) কোনে কাক কৈছিল লিখা।

(ক) ‘তই কোন? ক’ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক’ত পালি?

উত্তৰঃ কোৱান্‌ছাই হামব্রুমাইক কৈছিল

(খ) ‘পৃথিৱীৰ উপকাৰ হ’ল। আদি মানৱী নিক্কেৰ মনোবাঞ্ছাও পূর্ণ হ’ল।’

উত্তৰঃ এই কথাষাৰ হামব্ৰুমাই কোৱান্ছাক কৈছিল।

জানো আহা-

‘পেটত গাঁথি, টেকেলিও কাতি’ এইটো এটা প্রবচন। প্রবচনটোত বহু-ভাব লুকাই আছে। মানুহৰ পেটত খুদকণ এটিও নপৰিলে ভোকৰ জ্বালা অধিকতৰ হয় আৰু তেতিয়া ভোক নিবাৰণৰ বাবে পেটত গাঁথি মাৰিবলগীয়া অৱস্থা হয়। আনহাতে, চাউল আদি নথকা টেকেলিও কাতি হৈ পৰি থাকে। পেটত গাঁথি, টেকেলিও কাতি এই প্রবচনটোৰ দ্বাৰা কোৱান্‌দা নামৰ ডেকা এজনৰ আৰ্থিক দুৰৱস্থাৰ কথাকেই প্রকাশ পাইছে।

আমাৰ ভাষাত থকা এনেকুৱা কিছুমান খণ্ড বাক্য, ফকৰা-যোজনা, প্রবচন, নীতি- বচন আদিত একো একোটা গূঢ়ার্থ বা ভাব নিহিত হৈ থাকে। এই ভাব বা অর্থক সহজ-সৰলভাবে বুজাই লিখাকে ভাব বহলাই লিখা বা ভাব সম্প্রসাৰণ বোলে।

তলৰ প্ৰবচনফাকিৰ ভাব বহলাই লিখা।

(ক) ‘ৰাইজে নখ জোকাৰিলে নৈ বয়।’

উত্তৰঃ উক্ত উক্তিটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হোৱা এটি প্ৰবচন। সমজুৱাভাৱে কাম কৰিলে যে জটিল কামো সহজে সমাধান কৰিব পাৰি তাকে  বুজাবলৈ  প্ৰবচনটি মতা হয়।

নদ-নদী সাধাৰণতে প্ৰাকৃতিক প্ৰক্ৰিয়াত সৃষ্টি হয়। মানুহে নৈ সৃষ্টি কৰাটো অসম্ভৱ। কিয়নো নৈ বৈ  যাবলৈ বহুত পানীৰ প্ৰয়োজন। এই পানী বৰষুণৰ উপৰিও বিভিন্ন উৎসই যোগান ধৰে। অৰ্থাৎ এটুপি এটুপিকৈ বহুত পানী লগ হৈ নৈ বৈ যায়। ঠিক তেনেকৈ আমাৰ এনে বহুতো কাম আছে যিবোৰ  আমি কোনো  ব্যক্তিয়ে অকলশৰীয়াভাৱে কৰিব নোৱাৰো। কিন্তু সেই কাম যদি সমাজৰ সকলোৱে মিলি-জুলি কৰো তেন্তে সি সহজ হৈ পৰে। সমাজৰ বহুত ডাঙৰ ডাঙৰ  কাম যেনে: শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান, সাহাৰ্য শিবিৰ আদি সমূহ ৰাইজৰ দান বৰঙণিত  গঢ়ি  উঠে।

সেয়ে কোৱা হয় ৰাইজে ঐক্যবদ্ধ হৈ কাম কৰিলে নৈ বোওৱাৰ দৰে টান বা অসম্ভৱ কাম এটিও সহজে সমাধান কৰিব পাৰি।

(১০) বাক্য ৰচনা কৰা-

(ক) ঘাত-মাউৰা …………………………….

উত্তৰঃ ৰহিম এজন ঘাত-মাউৰা লৰা আাছিল।

(খ) চুকে-কোণে ……………………………

উত্তৰঃ ঘৰৰ চুকে-কোণে ফুলৰ গছ ৰোৱা হৈছে।

(গ) গছ-গছনি ……………………………………

উত্তৰঃ আমি গছ-গছনি ৰুব লাগে ।

(ঘ) লুকা-ভাকু …………………………….

উত্তৰঃ শিশুৱে লুকা-ভাকু খেলি ভাল পায় ।

পাঠটোৰ পৰা যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা।

তলত দিয়া বাক্যকেইটা পড়া আৰু সেই বাক্যবোৰক প্রশ্নবোধক বাক্যলৈ নিয়া।

মই হামব্রু ফৈদৰ জীয়াৰী।

উত্তৰঃ তুমি কাৰ জীয়াৰী?

মোৰ ঘৰ কামলাঙত।

উত্তৰঃ তোমাৰ ঘৰ কত?

মই বজাৰৰ পৰা আহিছোঁ।

উত্তৰঃ তুমি কৰ পৰা আহিছ?

মই সাধু শুনি ভাল পাওঁ।

উত্তৰঃ তুমি কি কৰি ভাল পোৱা?

কোৱান্‌ছাই মাছ মাৰি ভাল পায়।

উত্তৰঃ কোৱান্ছাই কি কৰি ভাল পায়?

Scroll to Top