পাঠ - ৩ : সংখ্যা (৫০১ৰ পৰা ৯৯৯লৈ)

১. নীলিমাৰ সঞ্চয় আৰু সংখ্যাৰ বিস্তৃত ৰূপ (পৃষ্ঠা - ৩৪, ৩৫)
নীলিমাৰ হাতত মুঠ জমা হোৱা ধন আৰু মুঠা মিলোৱা (পৃষ্ঠা - ৩৪, ৩৫):
৫৩০ টকা (পাঁচশ ত্ৰিশ) = ১০০ৰ মুঠা ৫টা আৰু ১০ৰ মুঠা ৩টা
৫৮০ টকা (পাঁচশ আশী) = ১০০ৰ মুঠা ৫টা আৰু ১০ৰ মুঠা ৮টা
৬৫৫ টকা (ছয়শ পঁচপন্ন) = ১০০ৰ মুঠা ৬টা, ১০ৰ মুঠা ৫টা আৰু ১টকীয়া মুদ্ৰা ৫টা
৭৫৫ টকা (সাতশ পঁচপন্ন) = ১০০ৰ মুঠা ৭টা, ১০ৰ মুঠা ৫টা আৰু ১টকীয়া মুদ্ৰা ৫টা
বিস্তৃত ৰূপত লিখা (পৃষ্ঠা - ৩৫):

• ৫৩০ = ৫০০ + ৩০ + ০
• ৫৮০ = ৫০০ + ৮০ + ০
• ৬৫৫ = ৬০০ + ৫০ + ৫
• ৭৫৫ = ৭০০ + ৫০ + ৫
২. সংখ্যা আখৰেৰে লিখা আৰু মিলোৱা (পৃষ্ঠা - ৩৬, ৩৭)
তলৰ সংখ্যাবোৰ আখৰেৰে লিখা:

• ৫৩০ = পাঁচশ ত্ৰিশ
• ৫৩৫ = পাঁচশ পয়ত্ৰিশ
• ৫০৩ = পাঁচশ তিনি
• ৬৯৪ = ছয়শ চৌৰানব্বৈ
• ৬৯৫ = ছয়শ পঁচানব্বৈ
• ৬৯৭ = ছয়শ সাতানব্বৈ
• ৭৬৫ = সাতশ পঁষষ্ঠি
• ৭৭৩ = সাতশ তিয়াত্তৰ
• ৮৫২ = আঠশ বাৱন্ন
• ৮৭৮ = আঠশ আটসত্তৰ
সংখ্যাৰ সৈতে নাম মিলোৱা (পৃষ্ঠা - ৩৭):

• ৩৭৭ → তিনিশ সাতসত্তৰ
• ৫৮৯ → পাঁচশ ঊননব্বৈ
• ৬৪১ → ছয়শ একচল্লিশ
• ৬৪৩ → ছয়শ তেতাল্লিছ
• ৭৬৯ → সাতশ ঊনসত্তৰ
• ৮০৪ → আঠশ চাৰি
• ৮৮৩ → আঠশ তিৰাশী
• ৯৩৩ → নশ তেত্ৰিশ
• ৯৭২ → নশ বাহাত্তৰ
• ৯৯৯ → নশ নিৰানব্বৈ
৩. ঊর্ধ্বক্ৰম, অধঃক্ৰম আৰু আগৰ-পিছৰ সংখ্যা (পৃষ্ঠা - ৩৮, ৩৯)
সংখ্যাকাৰ্ডৰ খেল (পৃষ্ঠা - ৩৮):
কাৰ্ডকেইখন হ'ল: ৬০৫, ৬৫০, ৫৭৯, ৬৮১, ৭৯০

ঊর্ধ্বক্ৰমত সজাই: ৫৭৯, ৬০৫, ৬৫০, ৬৮১, ৭৯০
অধঃক্ৰমত সজাই: ৭৯০, ৬৮১, ৬৫০, ৬০৫, ৫৭৯

(ক) ৬০৫ৰ আগৰ কাৰ্ডখন কি? → ৫৭৯
(খ) ৫৭৯ আৰু ৬৫০ৰ মাজৰ কাৰ্ডখন কি? → ৬০৫
(গ) ৬৮১ৰ পিছৰ কাৰ্ডখন কি? → ৭৯০
তলৰ সংখ্যাবোৰ ঊর্ধ্বক্ৰম আৰু অধঃক্ৰমত সজোৱা:
সংখ্যাবোৰঊর্ধ্বক্ৰম (সৰুৰ পৰা ডাঙৰলৈ)অধঃক্ৰম (ডাঙৰৰ পৰা সৰুলৈ)
৪০, ১০২, ২০১, ৩৯৩৯, ৪০, ১০২, ২০১২০১, ১০২, ৪০, ৩৯
৪০৫, ২০৩, ৪২৫, ৩৫৫২০৩, ৩৫৫, ৪০৫, ৪২৫৪২৫, ৪০৫, ৩৫৫, ২০৩
৭১০, ৯২৫, ৮৮৭, ৮৭৮৭১০, ৮৭৮, ৮৮৭, ৯২৫৯২৫, ৮৮৭, ৮৭৮, ৭১০
নিৰ্দেশনা অনুসৰি সংখ্যা নিৰ্ণয় (পৃষ্ঠা - ৩৯):

• ৮০৮তকৈ ডাঙৰ, কিন্তু ৮১১তকৈ ২ সৰু সংখ্যাটো:
  ৮১১ - ২ = ৮০৯ (ৰঙা)

• ৮৫০তকৈ ৭ কম সংখ্যাটো:
  ৮৫০ - ৭ = ৮৪৩ (সেউজীয়া)

• ৮৮৪ৰ ঠিক আগৰ সংখ্যাটো: ৮৮৩ (নীলা)

• ৮৯৯ৰ ঠিক পিছৰ সংখ্যাটো: ৯০০ (হালধীয়া)
আগৰ, মাজৰ আৰু পিছৰ সংখ্যা লিখা (পৃষ্ঠা - ৩৯):

৯৯, ১০০
• ৫৯৯, ৬০০
৮৯৯, ৯০০
• ৬৮৮, ৬৮৯, ৬৯০
• ৭৯৯, ৮০০, ৮০১
৪. সংখ্যা তুলনা, যুগ্ম আৰু অযুগ্ম সংখ্যা (পৃষ্ঠা - ৪০, ৪১, ৪২, ৪৩)

উপযুক্ত কাৰণটো বাছি উলিওৱা (পৃষ্ঠা - ৪০):
• ৬৩২তকৈ ৪১১ সৰু, কাৰণ — (গ) ৬৩২ৰ শতকৰ ঘৰৰ অংকটো ৬ আৰু ৪১১ৰ শতকৰ ঘৰৰ অংকটো ৪।
• ৭১৭তকৈ ৭২৩ ডাঙৰ, কাৰণ — (খ) ৭২৩ৰ দহকৰ ঘৰৰ অংকটো ২ আৰু ৭১৭ৰ দহকৰ ঘৰৰ অংকটো ১।

খালী ঠাইত >, <, = চিন বহুওৱা:
• ২২৮ > ২২৩   |   ৮৮০ = ৮৮০   |   ৫৮৪ < ৬৩৮   |   ৭৪৪ = ৭৪৪   |   ৯৩৫ > ৯০৫

যুগ্ম সংখ্যা (Even) এককৰ স্থানত: ০, ২, ৪, ৬, ৮ অযুগ্ম সংখ্যা (Odd) এককৰ স্থানত: ১, ৩, ৫, ৭, ৯
বস্তুবোৰ যোৰ হিচাপে লিখোঁ আহা (পৃষ্ঠা - ৪০, ৪১):

• ৩টা কণী = ১ যোৰ আৰু ১টা কণী (বিযোৰ / অযুগ্ম)
• ৪টা আনাৰস = ২ যোৰ আনাৰস (যোৰ / যুগ্ম)
• ৫টা নাৰিকল = ২ যোৰ আৰু ১টা নাৰিকল (বিযোৰ / অযুগ্ম)
• ৬পাহ ফুল = ৩ যোৰ ফুল (যোৰ / যুগ্ম)
• ৭টা কলম = ৩ যোৰ আৰু ১টা কলম (বিযোৰ / অযুগ্ম)
• ৮টা বটল = ৪ যোৰ বটল (যোৰ / যুগ্ম)
• ৯টা মৰ্টন = ৪ যোৰ আৰু ১টা মৰ্টন (বিযোৰ / অযুগ্ম)
• ১০টা মাৰ্বল = ৫ যোৰ মাৰ্বল (যোৰ / যুগ্ম)
যুগ্ম নে অযুগ্ম বাছি উলিওৱা (পৃষ্ঠা - ৪৩):

• ২৩ → অযুগ্ম   |   ৫৮৩ → অযুগ্ম   |   ৫৫ → অযুগ্ম
• ৪৪৭ → অযুগ্ম   |   ৭২ → যুগ্ম   |   ১৬৮ → যুগ্ম   |   ৮৩৬ → যুগ্ম
৫. সংখ্যাৰ শ্ৰেণী, জাঁপ মৰা আৰু সৰু-ডাঙৰ সংখ্যা (পৃষ্ঠা - ৪৩, ৪৪, ৪৫)
খালী ঠাই পূৰণ কৰা:

• ৬০১, ৬০৩, ৬০৫, ৬০৭, ৬০৯, ৬১১ (২কৈ বাঢ়িছে)
• ৭১২, ৭১৪, ৭১৬, ৭১৮, ৭২০, ৭২২ (২কৈ বাঢ়িছে)
• ৬০১, ৬০৪, ৬০৭, ৬১০, ৬১৩, ৬১৬ (৩কৈ বাঢ়িছে)
• ৮৩৩, ৮৩৬, ৮৩৯, ৮৪২, ৮৪৫, ৮৪৮ (৩কৈ বাঢ়িছে)
• ৯৯৯, ৯৯৭, ৯৯৫, ৯৯৩, ৯৯১, ৯৮৯ (২কৈ কমিছে)
• ৫৭০, ৫৬৮, ৫৬৬, ৫৬৪, ৫৬২, ৫৬০ (২কৈ কমিছে)
• ৬০৬, ৬০৩, ৬০০, ৫৯৭, ৫৯৪, ৫৯১ (৩কৈ কমিছে)
• ৭৪৯, ৭৪৬, ৭৪৩, ৭৪০, ৭৩৭, ৭৩৪ (৩কৈ কমিছে)
সংখ্যাৰ খেল (৫০০ৰ পৰা জাঁপ - পৃষ্ঠা ৪৪):

• ৫ ঘৰকৈ: ৫০০ → ৫০৫ → ৫১০
• ১০ ঘৰকৈ: ৫০০ → ৫১০ → ৫২০
• ১৫ ঘৰকৈ: ৫০০ → ৫১৫ → ৫৩০
• ২০ ঘৰকৈ: ৫০০ → ৫২০ → ৫৪০
• ৫০ ঘৰকৈ: ৫০০ → ৫৫০ → ৬০০
• ১০০ ঘৰকৈ: ৫০০ → ৬০০ → ৭০০

প্ৰকল্প: ২৫ ঘৰকৈ জঁপিয়াই ৫০০ৰ পৰা ৯৫০লৈ সংখ্যাবোৰ লিখা (পৃষ্ঠা - ৪৪):
৫০০, ৫২৫, ৫৫০, ৫৭৫, ৬০০, ৬২৫, ৬৫০, ৬৭৫, ৭০০, ৭২৫, ৭৫০, ৭৭৫, ৮০০, ৮২৫, ৮৫০, ৮৭৫, ৯০০, ৯২৫, ৯৫০

ভিন ভিন ধৰণে সংখ্যা প্ৰকাশ (পৃষ্ঠা - ৪৪, ৪৫):

২৯৫:
  = ২০০ + ৯৫ (২০০তকৈ ৯৫ বেছি)
  = ৩০০ - ৫ (৩০০তকৈ ৫ কম)
  = ২৫০ + ৪৫ (২৫০তকৈ ৪৫ বেছি)

৩৪৮:
  = ৩০০ + ৪৮ (৩০০তকৈ ৪৮ বেছি)
  = ৩৪০ + ৮ (৩৪০তকৈ ৮ বেছি)
  = ৩৫০ - ২ (৩৫০তকৈ ২ কম)

৩২৭:
  = ৩০০ + ২৭ (৩০০তকৈ ২৭ বেছি)
  = ৩২০ + ৭ (৩২০তকৈ ৭ বেছি)
  = ৩৫০ - ২৩ (৩৫০তকৈ ২৩ কম)
সংখ্যা গঠনৰ তালিকা (পৃষ্ঠা - ৪৫):

এটা অংকেৰে গঠিত:
  আটাইতকৈ সৰু = , আটাইতকৈ ডাঙৰ =

দুটা অংকেৰে গঠিত:
  আটাইতকৈ সৰু = ১০, আটাইতকৈ ডাঙৰ = ৯৯

তিনিটা অংকেৰে গঠিত:
  আটাইতকৈ সৰু = ১০০, আটাইতকৈ ডাঙৰ = ৯৯৯

চাৰিটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যা:
  ৯৯৯ + ১ = ১০০০ (এক হাজাৰ)
Scroll to Top