আমাৰ চৌপাশৰ বায়ু

১। উত্তৰ লিখা –

(ক) দূষিত বায়ুৰপৰা হ’ব পৰা তিনিবিধ বেমাৰৰ নাম।

উত্তৰঃ দূষিত বায়ুৰপৰা হ’ব পৰা তিনিবিধ বেমাৰৰ নাম হ’ল- মূৰৰ বিষ, চকুৰ অসুখ, চৰ্দি, জ্বৰ, কাহ, ছালৰ বেমাৰ, হাওঁফাওঁৰ ৰোগ আদি।

(খ) পানীত থকা জীৱবোৰে ক’ৰ পৰা উশাহ লয়?

উত্তৰঃ পানীত থকা জীৱবোৰে পানীত দ্রবীভূত হৈ থকা বায়ুৰপৰাই উশাহ লয়।

(গ) বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা দুটা কার্য।

উত্তৰঃ (ক) বতাহ বলিলে বায়ুৰ উপস্থিতি অনুভৱ কৰিব পাৰি।

(খ) শুকাবলৈ দিয়া কাপোৰ বতাহত উৰি থকা দেখিও বায়ুৰ উপস্থিতি অনুভৱ কৰিব পাৰি।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✓’ চিন দিয়া—

(ক) ফটকা ফুটালে বায়ু দূষিত নহয় / হয়।

উত্তৰঃ ফটকা ফুটালে বায়ু দূষিত হয়।

(খ) মাটিৰ ভিতৰত বায়ু থাকে / নাথাকে।

উত্তৰঃ মাটিৰ ভিতৰত বায়ু থাকে ।

(গ) বায়ু আমি দেখোঁ / অনুভৱ কৰোঁ।

উত্তৰঃ বায়ু আমি অনুভৱ কৰোঁ।

(ঘ) জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে  নালাগে।

উত্তৰঃ জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে ।

৩। ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰুৰণি কিয় উঠে?

উত্তৰঃ  ইটাৰ টুকুৰাৰ ভিতৰত বায়ু থাকে। যেতিয়া ইয়াক পানীত পেলাই দিয়া হয় তেতিয়া ইয়াৰ ভিতৰত সোমাই থকা বাসুখিনি ওলাই আহে আৰু বুৰবুৰনি উঠে।

৪। আকাশত উৰি থকা এখন চিলাৰ ছবি আঁকা।

উত্তৰঃ নিজে কৰিবা ।

৫। বায়ু দূষিত ন’হবৰ বাবে কি কি ব্যৱস্থা হাতত ল’বা লিখা।

উত্তৰঃ(ক) কল-কাৰখানাৰপৰা ওলোৱা ধোঁৱাবোৰ ফিল্টাৰযুক্ত ওখ চিনি ব্যৱহাৰ কৰি সেইবোৰ বহু ওপৰত এৰি দিয়াৰ ব্যৱস্থা থাকিব লাগে।

(খ) গেলা-পচা বস্তু, জাৱৰ-জোঁথৰ আদি মুকলি ঠাইত জ্বলাই নিদি ডাষ্টবিনত পেলাব লাগে।

(গ) প্লাষ্টিক, ৰবৰৰ আৱৰ্জনা আদি জ্বলাব নালাগে।

Scroll to Top