আকাশ কথা

১। উত্তৰ লিখা- 

(ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি?

উত্তৰঃ দিশ প্ৰধানকৈ চাৰিটা- পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।

(খ) আকাশত কি কি দেখা পোৱা যায়?

উত্তৰঃ জোন, বেলি, তৰা, ৰামধেনু।

(গ) চন্দ্ৰৰ নিজা পোহৰ আছে নে?

উত্তৰঃ চন্দ্ৰৰ নিজা পোহৰ নাই।

(ঘ) বেলিৰ আন এটা নাম কি?

উত্তৰঃ বেলিৰ আন এটা নাম হ’ল- সূৰ্য।

(ঙ) ৰামধেনুৰ ৰং কেইটাৰ নাম লিখা।

উত্তৰঃ ৰামধেনুৰ ৰং কেইটাৰ নাম হ’ল- বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘√’ চিন দিবা-

(ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ/সূৰ্য/তৰাবোৰ আছে।

উত্তৰঃ চন্দ্ৰ আছে।

(খ) পূৰ্ণিমাৰ পৰা অমাৱস্য়ালৈ ১০/১৫ দিন সময় লাগে।

উত্তৰঃ ১৫ দিন সময় লাগে।

(গ) খালী চকুৰে সূৰ্যলৈ চাব লাগে/নালাগে।

উত্তৰঃ নালাগে।

(ঘ) ৰামধেনুৰ মুঠতে পাঁচটা/সাতটা ৰং।

উত্তৰঃ সাতটা ৰং।

৩। খালী ঠাই পূৰ কৰা-

(ক) সূৰ্যৰ নিজা তাপ আৰু ________ আছে।

উত্তৰঃ পোহৰ।

(খ) _______ চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ।

উত্তৰঃ সূৰ্য।

(গ) তৰাবোৰ আমাৰ পৰা বহুত ______ থকাৰ কাৰণে সৰু যেন দেখি।

উত্তৰঃ দূৰত।

(ঘ) চন্দ্ৰৰ নিজা ________ নাই।

উত্তৰঃ পোহৰ।

৪। দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা।

উত্তৰঃ দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নালাগে কাৰণ- এই সময়ছোৱাত বেলিৰ পোহৰে চকু চাট মাৰি ধৰে। এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰে

Scroll to Top