আমাৰ যান-বাহন
১। উত্তৰ লিখা-
(ক) তিনিখন যান-বাহনৰ নাম লিখা।
উত্তৰঃ বাছ, টেম্পু, উৰা জাহাজ।
(খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে?
উত্তৰঃ বাছ, ই – ৰিক্সা, চাইকেল, বাইক ।
(গ) প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ ঘোঁৰা গাড়ী আৰু গৰু গাড়ী।
(ঘ) হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ গৰু গাড়ী, ঠেলা গাড়ী আৰু ঘোঁৰা গাড়ী।
(ঙ) যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয় ?
উত্তৰঃ যান-বাহনৰ পৰা আমাৰ বিভিন্ন ধৰণে সুবিধা হয় –
১) কম সময়তে এঠাইৰ পৰা আনঠাইলৈ যাব পাৰো।
২) বয়-বস্তু কঢ়িয়াব পাৰি।
২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা
উত্তৰঃ
‘ক’ | ‘খ’ |
মটৰ-গাড়ী | মাটিত চলে |
উৰা-জাহাজ | আকাশত উৰে |
ফেৰী | পানীত চলে |
মালবাহী ৰে’ল | বস্তু অনা-নিয়া কৰে |
অগ্নিনির্বাপক গাড়ী | জুই নুমোৱাত সহায় কৰে |
৩। খালী ঠাই পূৰ কৰা—
(ক) ট্রাকেৰে ____________ দূৰলৈ কঢ়িওৱা হয়।
উত্তৰঃ বয়-বস্তু।
(খ) ঘোঁৰা-গাড়ীৰে ______________ অনা-নিয়া কৰা হয়।
উত্তৰঃ বয়-বস্তু।
৪। তোমাৰ ঘৰৰপৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান-বাহনেৰে যাবা লিখা।
(বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ)
উত্তৰঃ বিদ্যালয়লৈ চাইকেলেৰে, বাছে, ই- ৰিক্সা
নৈৰ সিপাৰলৈ নাওৰে আৰু
দিল্লীলৈ উৰা-জাহাজৰে।