আকাশৰ কথা
১। উত্তৰ লিখা—
(ক) চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি?
উত্তৰঃ চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা কাৰণেহে ইয়াৰ আকাৰ সলনি হৈ থকা দেখা যায়।
(খ) ৰামধেনুৰ ৰং কেইটা আৰু কি কি?
উত্তৰঃ ৰামধেনুৰ ৰং সাতটা- বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।
(গ) তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি?
উত্তৰঃতৰাবোৰ দিনত নেদেখাৰ কাৰণ সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্র।
২। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✓’ চিন দিবা
(ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ/ সূৰ্য /তৰাবোৰ আছে ।
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ আছে ।
(খ) পূৰ্ণিমাৰপৰা অমাৱস্যালৈ ১০/১৫ দিন সময় লাগে।
উত্তৰঃ পূৰ্ণিমাৰপৰা অমাৱস্যালৈ ১৫ দিন সময় লাগে।
(গ) ৰামধেনুৰ ৰং মুঠতে পাঁচটা / সাতটা।
উত্তৰঃ ৰামধেনুৰ ৰং মুঠতে সাতটা।
৩। খালী ঠাই পূৰ কৰা—
(ক) সূৰ্যৰ নিজা তাপ আৰু ________________ আছে।
উত্তৰঃ সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে।
(খ) তৰাবোৰ আমাৰপৰা বহুত ______________ থকাৰ কাৰণে সৰু যেন দেখি।
উত্তৰঃ তৰাবোৰ আমাৰপৰা বহুত দূৰৈত থকাৰ কাৰণে সৰু যেন দেখি।
(গ) চন্দ্ৰৰ নিজা _______________নাই।
উত্তৰঃ চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই।
8। দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰোঁ?
উত্তৰঃ দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নোৱাৰি। কিয়নো বেলিৰ তীব্ৰ পোহৰ চকুয়ে সহ্য কৰিব নোৱাৰে।
৫। পৃথিৱীৰপৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়া একে আকাৰৰ যেন কিয় লাগে?
উত্তৰঃ পৃথিৱীৰপৰা চালে পূৰ্ণিমাৰ দিনা খন সূৰ্য আৰু চন্দ্ৰক একে আকাৰৰ যেন লাগে।
৬। সৌৰজগতৰ ছবি আঁকা।
উত্তৰঃ নিজে কৰিবা।