আমাৰ গাওঁ
১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা-
২। কওঁ আহা—
(ক) পদূলিমুখত কি ফুল ফুলে?
উত্তৰঃ পদূলিমুখত গধূলিগোলাপ ফুল ফুলে।
(খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে?
উত্তৰঃ ৰাজহাঁহ চৰে।
(গ) পথাৰখন দেখিবলৈ কেনেকুৱা?
উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া।
(ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে?
উত্তৰঃ গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাট পাতে।
(ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভবি আছে?
উত্তৰঃ গাওঁখন ভৰি থকা শুৱনি বস্তুবোৰ হ’ল–ঘৰবাৰী পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল-পানৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু,পানী ভৰা নৈৰ ঘাট, বকুল তলৰ বাট আৰু সহজ-সৰল জীৱনযাপন কৰা মানুহবোৰৰ মাজত থকা মিলা প্রীতি।
(চ) পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে?
উত্তৰঃ গাঁৱৰ ভাই-ভনী ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনাক একেটি থুপিৰে ফুল বুলি কৈছে।
২। ‘আমাৰ গাঁও’ পদ্যটিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা—
৩। পদ্যটি পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰ চিনাক্ত কৰা। সেইবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা—
৪। লিখা—
(ক) পদ্যটোত থকা মানুহৰ নাম লিখা?
(খ) পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম লিখা?
(গ) পদ্যটোত বিচাৰি উলিয়াই লিখা—
‘ৰ’ আখৰটো প্ৰথমতে থকা শব্দ | ‘ৰ’ আখৰটো মাজত থকা শব্দ | ‘ৰ’ আখৰটো শেষত থকা শব্দ |
তলৰ স্বৰচিহ্নযুক্ত বৰ্ণকেইটাৰ ৰূপ সলনি কৰি দুটাকৈ শব্দ গঠন কৰা—
তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজোঁ আহা—
শুৱনি, মনোহৰ, ৰচকী, মিলিজুলি।
উদাহৰণঃ শুৱনিঃ (i) আমাৰ গাঁওখন অতি শুৱনি।
তলত আঁচ টনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰোঁ আহা—
সৰু নামঘৰ ___________নামঘৰ।
ভৰা বাৰীখনি ___________ বাৰীখনি।
পকা ধান_______________ ধান।
তলেদি বাট________________ বাট।