মাঘৰ দোমাহী (ভোগালী বিহু) উপলক্ষে ভেবেলাই গুৰৰ টেকেলি আৰু কলৰ আষি ভাৰ বান্ধি লৈ খোজকাঢ়ি শহুৰেকৰ ঘৰলৈ গৈছিল। আবেলি পৰত শহুৰৰ ঘৰ পাই হাত-ভৰি ধুই, সেৱা জনাই ঘৰৰ আৰু খেতিৰ সকলো খবৰ দিলে। তাৰ পিছত শহুৰৰ ঘৰত আদৰেৰে খাবলৈ দিয়া চিৰা-দৈ, জুলীয়া গুৰ আৰু নানাবিধ জুতি লগা পিঠা-পনা (চুঙা, তিল, ঘিলা, ফেনী, তেল পিঠা, লাড্ডু, সান্দহ) লোভ সামৰিব নোৱাৰি মূৰ তুলিব নোৱাৰাকৈ অত্যাধিক খালে। ফলত তেওঁৰ পেটৰ বিষ হ’ল আৰু একেকোবে টিঙনা-ঘৰত (শৌচাগাৰত) সোমাইহে মান বচাবলগীয়া হ’ল।
শিক্ষা: যিমানেই সোৱাদ নহওক কিয়, প্ৰয়োজনতকৈ অধিক খালে স্বাস্থ্যৰ ক্ষতি আৰু বিপদ অনিবাৰ্য।
| শব্দ | অৰ্থ |
|---|---|
| মাঘী দোমাহী | মাঘ বিহু / পুহ মাহৰ শেষ আৰু মাঘৰ প্ৰথম দিনৰ সংক্ৰান্তি |
| টেকেলি | মাটিৰ সৰু কলহ / পাত্ৰ |
| আষি | কলৰ ফৈ / থোকৰ এটা অংশ |
| বাটকুৰি বাই | বহু দূৰ বাট খোজকাঢ়ি গৈ |
| আঁতিগুৰি মাৰি | আদ্যোপান্ত / সকলো কথা বিতংকৈ |
| আথে-বেথে | বৰ আদৰেৰে / অতি যতনেৰে |
| পৰমান্ন | গাখীৰ আৰু চাউলেৰে ৰন্ধা পায়েস |
| টিঙনা-ঘৰ | শৌচাগাৰ / পায়খানা |
| একে কোবে | একে লৰে / তৎক্ষণাত |
ক) ভেবেলাই কি দোমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল?
উত্তৰ: ভেবেলাই মাঘী দোমাহীত (ভোগালী বিহুত) শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল।
খ) ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল?
উত্তৰ: বাটকুৰি বাই খোজকাঢ়ি গৈ ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল।
গ) ভেবেলাই শহুৰ-শাহুয়েকক আঁতি-গুৰি মাৰি কি কৈছিল?
উত্তৰ: ভেবেলাই শহুৰ-শাহুয়েকক ঘৰৰ খবৰ আৰু খেতি-বাতিৰ কথা আঁতি-গুৰি মাৰি কৈছিল।
ঘ) ভেবেলাই টিঙনা-ঘৰত কিয় সোমোবলগীয়া হৈছিল?
উত্তৰ: লোভ সামৰিব নোৱাৰি প্ৰয়োজনতকৈ অতি বেছি পিঠা-পনা খোৱাৰ বাবে ভেবেলাৰ পেটত টান ধৰাত (পেট বেয়া হোৱাত) মান বচাবলৈ সি একেকোবে টিঙনা-ঘৰত (শৌচাগাৰত) সোমাবলগীয়া হৈছিল।
• ভেবেলাই—
(ক) টেকেলিৰ পানী খাইছিল। (খ) লোটাৰ পানী খাইছিল।
(গ) বাটিৰ পানী খাইছিল। (ঘ) কলহৰ পানী খাইছিল।
➔ উত্তৰ : (ঘ) কলহৰ পানী খাইছিল।
• ভেবেলাই দোমাহীত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি কি নিছিল?
(ক) দৈৰ টেকেলি আৰু গুৰৰ টেকেলি
(খ) দৈৰ টেকেলি আৰু কলৰ আষি
(গ) গুড়ৰ টেকেলি আৰু কলৰ আষি
(ঘ) গুড়ৰ টেকেলি আৰু পানীৰ কলহ
➔ উত্তৰ : (গ) গুড়ৰ টেকেলি আৰু কলৰ আষি
| বাক্য | পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশ |
|---|---|
| বান্দৰটো চকুৰ পচাৰতে গছত উঠিল। | ➔ একে কোবে গৈ |
| শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে। | ➔ ক'লে আঁতি-গুৰি মাৰি |
| খেতিয়কজনে কাণ-মাৰিৰে ডাঙৰি কঢ়িয়াইছে। | ➔ ভাৰ কৰি নিলে |
| বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ'ল। | ➔ হেৰাল মুখৰ মাত |
| ভোজত দঁকচি খাই কণবাপু গেৰেউ-গেঁথেউ হ'ল। | ➔ পেট ধৰিলে টানি |
চিৰা, দৈ, জুলীয়া গুড়, চুঙা পিঠা, তিল পিঠা, ঘিলা পিঠা, ফেনী পিঠা, তেল পিঠা, লাড্ডু, পৰমান্ন (পায়েস), টেকেলি পিঠা, মুঠি পিঠা, টোপোলা পিঠা, সুতুলি পিঠা, সান্দহ আৰু কঢ়াই।
• বাটকুৰি বাই ➔ বহু দূৰ বাট খোজকাঢ়ি যোৱা
• আথে-বেথে ➔ আদৰেৰে / যতনেৰে
• টিঙনা-ঘৰ ➔ পাইখানা / শৌচাগাৰ
• খবৰ ➔ বাতৰি
• আঁতিগুৰি ➔ আগ-গুৰি / সবিশেষ
• তেল ➔ শেল
• তিল ➔ শীল (শিল)
• ঘৰ ➔ শৰ
• কৰাই ➔ শৰাই
ক) ব'হাগৰ দোমাহীত গৰুক গা ধুৱায়।
খ) বাটৰুৱাজনে ভাৰখন থৈ গছৰ ছাঁত জিৰণি ল'লে।
গ) ভেবেলাই খেতিৰ ফচল নিছে।
ঘ) মৌ এবিধ জুলীয়া খাদ্য।
• কলৰ ➔ আষি (বা থোক)
• তামোলৰ ➔ থোক
• আঙুৰৰ ➔ থোপা
• ধানৰ ➔ শীহ
| বাচনৰ নাম | ব্যৱহাৰ |
|---|---|
| কাঁহী | ভাত খাবলৈ ব্যৱহাৰ কৰা হয়। |
| বান্-কাঁহী | সন্মানীয় ব্যক্তিক ভাত বা জলপান বাঢ়ি দিবলৈ। |
| বটা | তামোল-পাণ সজাই সন্মান যাচিবলৈ। |
| কলহ | পানী সংৰক্ষণ কৰি ৰাখিবলৈ। |
| বাটি | আঞ্জা বা তৰকাৰী খাবলৈ। |
| বান-বাটি | পায়েস বা দৈ খাবলৈ দিয়া বিশেষ বাটি। |
| লোটা | হাত-মুখ ধুবলৈ পানী লোৱা পাত্ৰ। |
| শৰাই | নামঘৰত নৈবেদ্য আগবঢ়াবলৈ আৰু বৰঘৰত গুৰুভোজনত। |
(ক) ব'হাগ মাহৰ প্ৰথম দিনটো (খ) জেঠ মাহৰ শেষৰ দিনটো
(গ) চ'তৰ শেষৰ দিনটো (ঘ) চ'তৰ প্ৰথম দিনটো
➔ উত্তৰ : (গ) চ'তৰ শেষৰ দিনটো (চ'তৰ সংক্ৰান্তিয়েই হ’ল ব'হাগৰ দোমাহী বা গৰু বিহুৰ দিন)।
১. বাৰীৰ পৰা পকা কুঁহিয়াৰ কাটি অনা।
২. কুঁহিয়াৰ শালত পেৰি ৰস উলিওৱা।
৩. ডাঙৰ কেৰাহীত জুইৰ ওপৰত কুঁহিয়াৰৰ ৰস ঘন হোৱালৈকে উতলোৱা।
৪. উতলি ডাঠ হোৱা ৰস মাটিৰ কলহত বাকি জুলীয়া গুৰ তৈয়াৰ কৰা।