পৃথিৱীৰ ভূগোল

অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Textbook Exercises & Solutions)

প্ৰশ্ন ১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:
পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰ উপৰিভাগ স্থলমণ্ডল আৰু জলমণ্ডল— এই দুটা প্ৰধান ভাগত বিভক্ত।

  • স্থলমণ্ডল (Lithosphere): ভূপৃষ্ঠৰ সাগৰপৃষ্ঠৰ ওপৰত থকা মাটিৰে গঠিত অংশকে স্থলমণ্ডল বোলে। ই পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় ২৯ শতাংশ (১৪৯ নিযুত বৰ্গ কিমি) আগুৰি আছে। পৃথিৱীৰ স্থলভাগ সাতখন মহাদেশেৰে গঠিত— এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এণ্টাৰ্কটিকা। স্থলভাগৰ প্ৰায় ৬৭ শতাংশই উত্তৰ গোলাৰ্ধত অৱস্থিত।

  • জলমণ্ডল (Hydrosphere): সাগৰ-মহাসাগৰ, নদ-নদী, হ্ৰদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশক জলমণ্ডল বোলে। ই ভূপৃষ্ঠৰ প্ৰায় ৭১ শতাংশ (৩৬১ নিযুত বৰ্গ কিমি) এলেকা জুৰি আছে। পৃথিৱীৰ জলভাগ পাঁচখন মহাসাগৰেৰে গঠিত— প্ৰশান্ত, আটলান্টিক, ভাৰত, দক্ষিণ আৰু উত্তৰ মহাসাগৰ। জলমণ্ডলৰ প্ৰায় ৫৭ শতাংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত।

প্ৰশ্ন ২। মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?

উত্তৰ:
মহাদেশীয় বিস্থাপন সূত্ৰ (Continental Drift Theory) অনুসৰি, আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে (পাৰমিয়ান যুগত) পৃথিৱীৰ সকলো স্থলমণ্ডল একত্ৰিত হৈ এটা বিশাল ভূখণ্ড হিচাপে আছিল।

  • এই অবিভক্ত আদিম স্থলমণ্ডলটোক পেঞ্জিয়া (Pangaea) বোলা হৈছিল।

  • পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা সুবিশাল আদিম জলমণ্ডলটোক পান্থালাছা (Panthalassa) বোলা হৈছিল।

  • পৰৱৰ্তী সময়ত পেঞ্জিয়াৰ সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি টেথিছ সাগৰ (Tethys Sea) সৃষ্টি হৈছিল আৰু পেঞ্জিয়াক দুভাগত বিভক্ত কৰিছিল— উত্তৰ অংশক লৰেছিয়া বা আঙ্গাৰালেণ্ড আৰু দক্ষিণ অংশক গণ্ডোৱানালেণ্ড বোলা হৈছিল। মধ্যজীৱীয় কল্পত এই ভূখণ্ডসমূহ পুনৰ বিভাজিত আৰু সঞ্চাৰিত হৈ বৰ্তমানৰ মহাদেশসমূহৰ সৃষ্টি হৈছিল।

প্ৰশ্ন ৩। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ:
মহাসাগৰৰ উপৰিভাগ মসৃণ যেন লাগিলেও ইয়াৰ তলিভাগ স্থলভাগৰ দৰেই অত্যন্ত ওখোৰা-মোখোৰা আৰু বৈচিত্ৰ্যপূৰ্ণ। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্ৰায় ৪,০০০ মিটাৰ। উপকূলৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্ৰমান্বয়ে পোৱা প্ৰধান ভূ-অৱয়বসমূহ হ’ল—

(১) মহীসোপান (Continental Shelf): উপকূলৰ কাষতে লাগি থকা সাগৰৰ অগভীৰ অংশ (প্ৰায় ২০০ মিটাৰ পৰ্যন্ত গভীৰ)।
(২) মহীঢাল (Continental Slope): মহীসোপানৰ পিছৰ থিয় ঢালযুক্ত গভীৰ অংশ (প্ৰায় ২,০০০ মিটাৰ পৰ্যন্ত গভীৰ)।
(৩) গভীৰ সমুদ্ৰতল (Deep Sea Plain): মহীঢালৰ পিছত থকা প্ৰায় ৪,০০০ মিটাৰ গভীৰ বিস্তৃত সমতল অংশ।
(৪) সমুদ্ৰতলীয় দ্ৰোণী, শৈলসিৰা আৰু সামুদ্ৰিক দ্বীপ (Oceanic Ridges & Islands): মহাসাগৰৰ তলিত থকা পানীৰ তলৰ পাহাৰ আৰু দ্বীপসমূহ।
(৫) গভীৰ সমুদ্ৰখাত (Deep Sea Trench): মহাসাগৰৰ আটাইতকৈ গভীৰ খাদসমূহ। প্ৰশান্ত মহাসাগৰৰ ১১,০২২ মিটাৰ গভীৰ মেৰিয়ানা খাত পৃথিৱীৰ গভীৰতম স্থান।

প্ৰশ্ন ৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ:
পৃথিৱীৰ উপৰিভাগ সাতখন মহাদেশ আৰু পাঁচখন মহাসাগৰেৰে গঠিত।

  • মহাদেশসমূহৰ বিতৰণ (মাটিকালি অনুসৰি): 
    (১) এছিয়া (৪৪.৬ নিযুত বৰ্গ কিমি – ২৯.৯%)
    (২) আফ্ৰিকা (৩০.১ নিযুত বৰ্গ কিমি – ২০.২%)
    (৩) উত্তৰ আমেৰিকা (২৪.৩ নিযুত বৰ্গ কিমি – ১৬.৩%)
    (৪) দক্ষিণ আমেৰিকা (১৭.৮ নিযুত বৰ্গ কিমি – ১১.৯%)
    (৫) এণ্টাৰ্কটিকা (১৩.২ নিযুত বৰ্গ কিমি – ৮.৮%)
    (৬) ইউৰোপ (১০.৯ নিযুত বৰ্গ কিমি – ৭.৩%)
    (৭) ওছেনিয়া (৮.১ নিযুত বৰ্গ কিমি – ৫.৪%)

  • মহাসাগৰসমূহৰ বিতৰণ (মাটিকালি অনুসৰি):
    (১) প্ৰশান্ত মহাসাগৰ (১৬৫.২ নিযুত বৰ্গ কিমি – ৪৫.৮%)
    (২) আটলান্টিক মহাসাগৰ (৮২.৪ নিযুত বৰ্গ কিমি – ২২.৮%)
    (৩) ভাৰত মহাসাগৰ (৭৩.৪ নিযুত বৰ্গ কিমি – ২০.৩%)
    (৪) দক্ষিণ মহাসাগৰ (২০.৩ নিযুত বৰ্গ কিমি – ৫.৬%)
    (৫) উত্তৰ মহাসাগৰ (১৪.১ নিযুত বৰ্গ কিমি – ৩.৯%)

প্ৰশ্ন ৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:
পৃথিৱীৰ স্থলভাগৰ ভূ-প্ৰকৃতি সকলোতে একে নহয়। স্থলমণ্ডলৰ উপৰিভাগত থকা প্ৰধান ভূ-অৱয়বসমূহ হ’ল—

(১) পৰ্বত-পাহাৰ: অতি ওখ শিলাময় ভূখণ্ড (যেনে— হিমালয়, এণ্ডিজ, ৰ’কি, আল্পছ)।
(২) মালভূমি: চাৰিওফালৰ সমতলতকৈ ওখ কিন্তু ওপৰভাগ চেপেটা অনুচ্চ শিলাময় ভূখণ্ড (যেনে— তিব্বত মালভূমি, পামিৰ মালভূমি, দাক্ষিণাত্য় মালভূমি)।
(৩) সমভূমি: সাগৰপৃষ্ঠৰ সমান বা সামান্য ওখ বিস্তৃত সাৰুৱা ভূখণ্ড (যেনে— গংগা-ব্ৰহ্মপুত্ৰ সমভূমি, আমাজন সমভূমি)।
(৪) উপকূলীয় সমভূমি আৰু নদী উপত্যকা: নদীৰ দুয়োপাৰৰ পলসুৱা উপত্যকা আৰু সাগৰৰ পাৰৰ সমতল ভূমি।

প্ৰশ্ন ৬। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ:

  • অৱস্থান ও মাটিকালি: ৪৪.৬ নিযুত বৰ্গ কিমি মাটিকালিৰে এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ, যিয়ে বিশ্বৰ স্থলভাগৰ প্ৰায় ৩০% আৱৰি আছে।

  • পৰ্বতমালা ও শৃংগ: মহাদেশখনৰ মধ্যাংশ সুউচ্চ পৰ্বতমালাৰে আবৃত। পৃথিৱীৰ সৰ্বোচ্চ হিমালয় পৰ্বতমালাৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট (৮,৮৪৮ মি.) আৰু দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা K2 (৮,৬১১ মি.) এছিয়াতে অৱস্থিত।

  • মালভূমি: পৃথিৱীৰ চালি হিচাপে পৰিচিত পামিৰ মালভূমি আৰু বিশ্বৰ সৰ্ববৃহৎ তিব্বত মালভূমি এছিয়াতে অৱস্থিত।

  • নদ-নদী: সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, হোৱাংহো, ইয়াংজে কিয়াং, ওবি, লেনা, মেকং আদি প্ৰধান নদী।

  • মৰুভূমি ও হ্ৰদ: গোবি, থৰ, আৰব মৰুভূমি আৰু বৈকাল, বালখাচ, চিল্কা আদি উল্লেখযোগ্য হ্ৰদ।

প্ৰশ্ন ৭। কাৰণ দৰ্শাই উত্তৰ লিখা:

(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থুপ খাই আছে কিয়?
উত্তৰ: পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ৬৭ শতাংশই উত্তৰ গোলাৰ্ধত অৱস্থিত। তদুপৰি মানুহৰ জীৱন-নিৰ্বাহ, কৃষি, শিল্প-উদ্যোগ আৰু যাতায়াতৰ বাবে অনুকূল নাতিশীতোষ্ণ জলবায়ু, সাৰুৱা নদী উপত্যকা আৰু প্ৰাকৃতিক সম্পদৰ সৰহভাগেই উত্তৰ গোলাৰ্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশত থকাৰ বাবে বিশ্বৰ ৯০% জনসংখ্যা উত্তৰ গোলাৰ্ধতে বাস কৰে।

(খ) এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?
উত্তৰ: এণ্টাৰ্কটিকা মহাদেশখন পৃথিৱীৰ দক্ষিণ মেৰুত অৱস্থিত হোৱাৰ বাবে ই গোটেই বছৰ ডাঠ বৰফৰ স্তূপেৰে ঢাক খাই থাকে। ইয়াত অতিপাত প্ৰচণ্ড ঠাণ্ডা, ধুমুহা আৰু প্ৰতিকূল জলবায়ুৰ বাবে কোনো কৃষিকাৰ্য বা উদ্ভিদৰ বিকাশ সম্ভৱ নহয়। সেয়েহে ইয়াত কোনো স্থায়ী মানৱ বসতি নাই।

প্ৰশ্ন ৮। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?
উত্তৰ: ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে।

(খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক’ত অৱস্থিত?
উত্তৰ: এণ্ডিজ পৰ্বতমালা (দৈৰ্ঘ্য প্ৰায় ৮,০০০ কিমি); ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।

(গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা।
উত্তৰ: বৃহত্তম মহাদেশ: এছিয়া; ক্ষুদ্ৰতম মহাদেশ: ওছেনিয়া।

(ঘ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?
উত্তৰ: ৰাছিয়া (আৰু তুৰস্ক) দেশখন এছিয়া আৰু ইউৰোপ— এই দুয়োখন মহাদেশলৈ বিস্তৃত।

(ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা।
উত্তৰ: বৃহত্তম দেশ: ৰাছিয়া; ক্ষুদ্ৰতম দেশ: ভেটিকান চিটি।

(চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত?
উত্তৰ: ৰ’কি পৰ্বতমালা (Rocky Mountains); ই মহাদেশখনৰ পশ্চিম অংশত উত্তৰা-দক্ষিণাকৈ অৱস্থিত।

(ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত?
উত্তৰ: চাহাৰা মৰুভূমি; ই আফ্ৰিকা মহাদেশত অৱস্থিত।

(জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰৱাহিত আৰু পূব দিশলৈ প্ৰৱাহিত নদীৰ নাম লিখা।
উত্তৰ:

  • উত্তৰ দিশলৈ প্ৰৱাহিত নদী: ওবি (Ob) আৰু লেনা (Lena)।

  • পূব দিশলৈ প্ৰৱাহিত নদী: হোৱাংহো (Hwang Ho) আৰু ইয়াংজে কিয়াং (Yangtze Kiang)।

(ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
উত্তৰ:

  • পৰ্বতশ্ৰেণী: গ্ৰেট ডিভাইডিং ৰেঞ্জ (Great Dividing Range)

  • নদী: মূৰে (Murray) বা ডাৰ্লিং (Darling)

  • মৰুভূমি: গ্ৰেট ভিক্টোৰিয়া মৰুভূমি (Great Victoria Desert)

(ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।
উত্তৰ: ইটালী, স্পেইন আৰু গ্ৰীচ।

প্ৰশ্ন ৯। চমুটোকা লিখা:

(ক) পেঞ্জিয়া:
আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ সকলোবোৰ স্থলমণ্ডল একত্ৰিত হৈ থকা একক আদিম বিশাল ভূখণ্ডটোক পেঞ্জিয়া (Pangaea) বোলা হৈছিল।

(খ) উত্তৰ মহাসাগৰ:
উত্তৰ মেৰুক কেন্দ্ৰ কৰি বিস্তৃত পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ (মাটিকালি ১৪.১ নিযুত বৰ্গ কিমি)। ইয়াৰ আকৃতি ঘূৰণীয়া আৰু বছৰৰ বেছিভাগ সময় ডাঠ বৰফেৰে ঢাক খাই থাকে।

(গ) ওছেনিয়া মহাদেশ:
অষ্ট্ৰেলিয়া মহাদ্বীপ, নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি অজস্ৰ সৰু-বৰ দ্বীপসমূহক লৈ দক্ষিণ গোলাৰ্ধত গঠিত পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ (মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কিমি)।

(ঘ) এছিয়া মহাদেশৰ নদ-নদী:
এছিয়াৰ নদীসমূহ মধ্যাংশৰ উচ্চভূমিৰ পৰা চাৰিওফালৰ সাগৰলৈ বৈ গৈছে। উল্লেখযোগ্য নদীসমূহ হ’ল— সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, হোৱাংহো, ইয়াংজে কিয়াং, ওবি, লেনা, মেকং ইত্যাদি।

(ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ:
আফ্ৰিকা মহাদেশৰ প্ৰধান হ্ৰদসমূহ হ’ল— ভিক্টোৰিয়া হ্ৰদ (পৃথিৱীৰ অন্যতম বৃহৎ নিৰ্মল পানীৰ হ্ৰদ), টাংগানিকা, এলবাৰ্ট, চাড, ভোল্টা আৰু নায়াছা হ্ৰদ।

(চ) ইউৰোপ মহাদেশৰ নদ-নদী:
ইউৰোপৰ প্ৰধান নদীসমূহ হ’ল— ভল্গা (ইউৰোপৰ দীৰ্ঘতম নদী), ডানিয়ুব, ৰাইন, চেইন, পো, এল্বে, থেমছ আৰু ডন নদী।

(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল:
উত্তৰ আমেৰিকা মহাদেশৰ পূব অংশত নিউফাউণ্ডলেণ্ডৰ পৰা ফ্লৰিডালৈকে বিস্তৃত প্ৰাচীন ভগ্ন পৰ্বত, পাহাৰ আৰু ওখোৰা-মোখোৰা মালভূমিৰে গঠিত অঞ্চল।

(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ:
উত্তৰ আমেৰিকাৰ প্ৰসিদ্ধ পঞ্চহ্ৰদ হ’ল— ছুপেৰিঅ’ৰ (বিশ্বৰ বৃহত্তম নিৰ্মল পানীৰ হ্ৰদ), হুৰ’ন, মিচিগান, এৰি আৰু ওণ্টেৰিঅ’। ইয়াৰ উপৰি গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ আৰু উইনিপেগ হ্ৰদ উল্লেখযোগ্য।

প্ৰশ্ন ১০। পাৰ্থক্য লিখা:

বিষয়

মহীসোপান

মহীঢাল

গভীৰতা

উপকূলৰ কাষতে থকা সাগৰৰ অগভীৰ অংশ (প্ৰায় ২০০ মিটাৰ গভীৰ)।

মহীসোপানৰ ঠিক পিছতেই থকা খৰস্ৰোতা আৰু অধিক গভীৰ অংশ (প্ৰায় ২,০০০ মিটাৰ গভীৰ)।

বিষয়

এভাৰেষ্ট শৃংগ

গডউইন অষ্টিন শৃংগ

অৱস্থান ও উচ্চতা

হিমালয় পৰ্বতমালাত অৱস্থিত আৰু ই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ (উচ্চতা ৮,৮৪৮ মিটাৰ)।

কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত আৰু ই পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ (উচ্চতা ৮,৬১১ মিটাৰ)।

বিষয়

ওছেনিয়া মহাদেশ

এণ্টাৰ্কটিকা মহাদেশ

বৈশিষ্ট্য

অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপসমূহেরে গঠিত জনবসতিপূৰ্ণ মহাদেশ।

দক্ষিণ মেৰুত অৱস্থিত চিৰবৰফাবৃত আৰু স্থায়ী জনবসতিহীন মহাদেশ।

বিষয়

গোবি মৰুভূমি

আটাকামা মৰুভূমি

প্ৰকাৰ

এছিয়া মহাদেশত অৱস্থিত এক শীতল/নাতিশীতোষ্ণ মৰুভূমি।

দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিজ পৰ্বতৰ কাষত অৱস্থিত এক উষ্ণ আৰু বৃষ্টিহীন শুকান মৰুভূমি।

প্ৰশ্ন ১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
উত্তৰ: (৩) আটলান্টিক মহাসাগৰ

(খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?
উত্তৰ: (৪) ওছেনিয়া মহাদেশ

(গ) ফক্লেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
উত্তৰ: (১) আটলান্টিক মহাসাগৰ

(ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?
উত্তৰ: (২) লোহিত সাগৰ

(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে?
উত্তৰ: (১) ইউৰাল পৰ্বতমালা

(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত?
উত্তৰ: (২) দক্ষিণ আমেৰিকা

(ছ) ব্ৰাজিলৰ ৰাজধানী কি?
উত্তৰ: (৩) ব্ৰাছিলিয়া 

Scroll to Top