পৃথিৱীৰ ভূগোল
১) পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল বোলা হয়। আনহাতে, সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল বোলা হয়। ভূপৃষ্ঠৰ কেবল প্রায় ২৯ শতাংশ, অর্থাৎ ১৪৯ নিযুত বর্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী ৭১ শতাংশ, অর্থাৎ ৩৬১ নিযুত বর্গ কিলোমিটাৰ জলভাগে আবৰি আছে।
২) মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
উত্তৰঃ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হৈছিল। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্রায় সোঁমাজেৰে পূৱা-পশ্চিমাকৈ ফাট মেলি এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ইয়াক টেথিছ সাগৰ বোলা হৈছিল। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আঙ্গাৰালেণ্ড অথবা লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হৈছিল ।মধ্যজীৱীয় কল্পৰ সময়ত, অর্থাৎ আজিৰ পৰা ২৫০ নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেও পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্রীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে, গণ্ডোৱানালেও বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অস্ট্রেলিয়া, এন্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।
৩) মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ মহাসাগৰৰ জলপৃষ্ঠ যদিও অতি মসৃণ, ইয়াৰ তলিভাগৰ ভূ-প্রকৃতি তেনেই অসমান। স্থলমণ্ডলত যিদৰে পৰ্বত-পাহাৰ, মালভূমি, সমভূমি আদিয়ে ভূ-পৃষ্ঠীয় অৱয়ব অসমান কৰি ৰাখে, ঠিক তেনেদৰে সাগৰ-মহাসাগৰৰ তলিভাগো শৈলসিৰা, দ্রোণী, সামুদ্রিক টিলা, খাত আদিয়ে ওখোৰা-মোখোৰা কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্রায় ৪০০০ মিটাৰ। আমি জানো যে স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্ৰকাৰৰ অৱয়ব পোৱা যায়। সাধাৰণতে উপকূলৰ পৰা সাগৰ-মহাসাগৰৰ মাজভাগলৈ যথাক্রমে মহীসোপান , মহীঢাল , গভীৰ সমুদ্রতল , সমুদ্রতলীয় দ্রোণী,সামুদ্রিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্রখাত আছে । উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ প্ৰায় ২০০ মিটাৰ পৰ্য্যন্ত অংশকে মহীসোপান বোলে। মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ প্ৰায় ২০০০ মিটাৰ পৰ্য্যন্ত অংশটোক মহীঢাল বোলা হয়। মহীঢালৰ পিছত সাগৰ-মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্রতলীয় দ্রোণী ৪০০০ মিটাৰ পৰ্য্যন্ত গভীৰ, গভীৰতম সামুদ্রিক খাত গড় হিচাপে ৮০০০ মিটাৰ পৰ্য্যন্ত গভীৰ আৰু সিঁচৰতিভাৱে অ’ত ত’ত সমুদ্রপৃষ্ঠৰ ওপৰলৈ বহু শৈলসিৰা, দ্বীপ আদি দেখা যায়। সমুদ্ৰ খাতসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই পৃথিৱীৰ গভীৰতম খাত ১১,০২২ মিটাৰ গভীৰ।
৪) মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ মহাদেশসমূহৰ বিতৰণঃ- স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে।
স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশৰে গঠিত।
দ্বিতীয়, অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ।
তৃতীয়, অংশটোত অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশ।
চতুৰ্থ, অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত।
মহাসাগৰসমূহৰ বিতৰণঃ- পৃথিৱীৰ জলভাগত ৫ খন প্ৰধান মহাসাগৰ হৈছে – প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।
প্ৰশান্ত মহাসাগৰ 一 এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত।
আটলান্টিক মহাসাগৰ 一 এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত।
ভাৰত মহাসাগৰ 一 এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূৱত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত।
উত্তৰ মহাসাগৰ 一 উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত।
দক্ষিণ মহাসাগৰ 一 দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত।
৫) পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
৬) এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
৭। কাৰণ দর্শাই উত্তৰ লিখা-
(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয়?
(খ) এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি দেখা নাযায় কিয়?
Updated on: 31/10/2025