আন্তৰ্জাতিক সংস্থা - ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

অতি চমু উত্তৰৰ প্ৰশ্ন-

১) ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?

উত্তৰঃ বিশ্বত শান্তি আৰু সম্প্ৰীতি স্থাপন, যুদ্ধৰ ভয়াবহতা ৰোধ, আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, সামাজিক-অৰ্থনৈতিক সমস্যা সমাধান কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘ গঠন হৈছিল।

২) ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ  (ক) আন্তঃৰাষ্ট্রীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্রণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

৩) ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্রসংঘৰ ছটা প্রধান অংগ হ’ল-

(ক) সাধাৰণ সভা, (খ) নিৰাপত্তা পৰিষদ, (গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ, (ঘ) ন্যাসৰক্ষী পৰিষদ, (ঙ) আন্তর্জাতিক ন্যায়ালয়  (চ) সচিবালয়।

৪) ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সি হৈছে ㅡ

(ক) আন্তর্জাতিক শ্রমিক সংস্থা (ILO)(খ) বিশ্ব স্বাস্থ্য় সংস্থা (WHO)

৫) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।

উত্তৰঃ (ক) আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (1963)।

(খ) পাৰমাণৱিক অস্ত্র – সংকোচন চুক্তি।

৬) মানৱ অধিকাৰ মানে কি বুজা?

উত্তৰঃ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যাদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়, এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে।

দীঘল উত্তৰৰ প্ৰশ্ন-

১) ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।

২) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।

৩) বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।

৪) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।

৫) মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা।

Scroll to Top