অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰঃ মুদ্ৰাৰ মাধ্যমেৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল।
২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উত্তৰঃ ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল ।
৩। কেঞাসকল কোন আছিল?
উত্তৰঃ মাৰোৱাৰি সম্প্ৰদায়ৰ লোক।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল ।
৫। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কন্দৰপেশ্বৰ সিংহক আহােম ৰাজকোঁৱৰক পুনৰায় আহােম সিংহাসনত বহুৱাব খুজিছিল ।
৬। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উত্তৰঃ মণিৰাম দেৱানক মধু মল্লিক বঙালী মুক্তিয়াৰে সহায় কৰিছিল ।
৭। মণিৰাম দেৱানৰ লগত কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল?
উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাচীকাঠত ওলমিব লগা হৈছিল ।
৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উত্তৰঃ কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল।
৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ
১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৰ্ৱতন কৰা হৈছিল?
উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৰ্ৱতন কৰা হৈছিল।
১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উত্তৰঃ লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল ।
১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল।
১৪। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ৰঙিয়াৰ কৃষক বিদ্ৰোহ ১৮৯৩ চনত সংঘটিত হৈছিল।
১৫। লচিমা ক’ত অৱস্থিত?
উত্তৰঃ লাচিমা অসমৰ বৰপেটা জিলাৰ সৰুক্ষেত্রী মৌজাত অৱস্থিত।
১৬। লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল।
উত্তৰঃ লচিমাৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত সংঘটিত হৈছিল।
১৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত সংঘটিত হৈছিল।
১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব ওকিয়াং নংবাহ দিছিল।
১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব সম্বোধন কছাৰীয়ে দিছিল।
২০। টিকেন্দ্ৰজিৎক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?
উত্তৰঃ টিকেন্দ্ৰজিৎক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ।
২১। জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল?
উত্তৰঃ জে ডব্লিউ কুইন্টনক ১৮৯১ চনত হত্যা কৰিছিল।
দীঘল উত্তৰৰ প্ৰশ্নঃ
১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ মূল কাৰণসমূহ তলত দিয়া হ’ল-
(ক) ৰাজনৈতিক কাৰণঃ 1826 চনত প্ৰথম ইংৰাজ-বুৰঞ্জী যুদ্ধৰ পিছত অসমক ব্রিটিছ শাসনত অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ ফলত স্থানীয় ৰজাসকল অসন্তুষ্ট হৈছিল। আহোম ৰাজবংশৰ সম্ভ্ৰান্ত ব্যক্তিসকল নিজৰ ক্ষমতা হেৰুৱাই প্ৰত্যাখ্যান অনুভৱ কৰিছিল। ব্ৰিটিছসকলে আহোম ৰাজ্য পুনৰ স্থাপন নকৰাৰ সিদ্ধান্ত লৈ স্থানীয় জনসাধাৰণক ক্ষুব্ধ কৰি তোলে।
(খ) অৰ্থনৈতিক কাৰণঃ ভূমি কৰ বৃদ্ধি কৰাৰ ফলত কৃষকৰ অবস্থা কষ্টকৰ হৈছিল।চাহ, কাঠ আৰু খনিজ সম্পদৰ শোষণ ব্ৰিটিছসকলৰ লাভৰ বাবে ব্যৱহৃত হৈছিল, কিন্তু স্থানীয় লোকসকল উপকৃত হোৱা নাছিল। অসমীয়া ব্যৱসায়ী আৰু শিল্পীসকল ব্ৰিটিছ ব্যৱসায়ীক নীতি ৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল।
(গ) সৈন্য বাহিনীৰ কাৰণঃ অসমত অসংখ্য অসন্তুষ্ট ভাৰতীয় সৈন্য আছিল, যিসকলে 1857 বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। মণিৰাম দেৱান আৰু পিযালী বৰুৱাই নেতৃত্ব দিয়া বিদ্ৰোহত স্থানীয় সৈন্যসকলৰ সহায় আছিল।
২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।
৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা।
৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাঙি ধৰা।
৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
চমুটোকা লিখাঃ
১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা।
২। মণিৰাম দেৱান।
৩। ফুলগুৰি ধাৱা।
৪। লচিমাৰ কৃষক বিদ্ৰোহ।
৫। পথৰুঘাটৰ ৰণ।
৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব।
৭। টিকেন্দ্ৰজিৎ।