প্ৰাণী আৰু প্ৰাণীৰ আহাৰ
প্ৰশ্নাৱলী-
(১) প্ৰাণীক আহাৰ কিয় লাগে ?
উত্তৰঃ জীয়াই থাকিবলৈ প্রাণীক আহাৰ লাগে।
(২) তৃণভোজী প্ৰাণী কাক বোলে ? পাঁচবিধ তৃণভোজী প্ৰাণীৰ নাম লিখা ।
উত্তৰঃ যিবোৰ প্ৰাণীয়ে কেৱল গছ-বন খাই জীয়াই থাকে সেইবোৰ প্ৰাণীকে তৃণভোজী প্রাণী বোলে। পাঁচবিধ তৃণভোজী প্ৰাণীৰ নাম হ’ল–গৰু, ছাগলী, হৰিণা পহু, হাতী আৰু ম’হ।
(৩) পাঁচবিধ মাংসভোজী প্ৰাণী নাম লিখা।
উত্তৰঃ সিংহ,বাঘ, ভালুক, ফেঁচা আৰু চিলনী।
(৪) উদ্ভিদ আৰু মাংস দুয়োটা খোৱা পাঁচবিধ প্ৰাণী নাম লিখা ।
উত্তৰঃ মানুহ,শিয়াল,কুকুৰ, এন্দুৰ আৰু নিগনি।
(৫) পৰজীৱী কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ কিছুমান প্ৰাণীয়ে আন প্ৰাণীৰ দেহৰ পৰা আহাৰ শুহি লয়। এইবোৰ প্ৰাণীকে পৰজীৱী প্ৰাণী বোলে।
যেনে – পেলু, ওকণি আৰু উৰহ।
(৬) পেলনীয়া বস্তুবোৰ কিয় গেলি-পাঁচি যায় ?
উত্তৰঃ কিছুমান ভেঁকুৰ আৰু বেক্টেৰিয়া পেলনীয়া খোৱাবস্তু আৰু জাবৰ-জোঁথৰত গজে। ইহঁতে এইবোৰৰ পৰাই আহাৰ খায়। বেক্টেৰিয়া, ভেঁকুৰ য’ত গজে সেইবোৰ গেলি পঁচি যায়।
(৭) পাগুলি খোৱা মানে কি ? পাগুলি খালে কি হয় ?
উত্তৰঃ গৰু,ম’হৰ দৰে কিছুমান তৃণভোজী প্রাণীয়ে যথেষ্ট পৰিমাণে ঘাঁহ-বন খায়। ঘাঁহ-বন প্রথমে পেটলৈ যায়। পিছত আকৌ পেটৰ পৰা মুখলৈ উলিয়াই আনি চোবাই খায়। এনেদৰে খোৱাকে পাগুলি খোৱা বোলে। পাগুলি খালেহে ঘাঁহ-বনবোৰ ভালদৰে হজম হয়।
(৮) উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই থাকিবনে ? যদি নাথাকে, কিয় ?
উত্তৰঃ উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই নাথাকিব কাৰণ মাংসভোজী প্ৰাণীবোৰে তৃণভোজী প্ৰাণীৰ মাংস খাই জীয়াই থাকে। তৃণভোজী প্ৰাণীৰ প্ৰধান খাদ্য় হ’ল উদ্ভিদ গতিকে উদ্ভিদ নাথাকিলে তৃণভোজী প্ৰাণী জীয়াই নাথাকিব আৰু তৃণভোজী নাথাকিলে মাংসভোজী প্ৰাণী জীয়াই নাথাকিব।
(৯) উদ্ভিদে কি কি পদাৰ্থ উৎপন্ন পৰে ?
উত্তৰঃ উদ্ভিদে দেহত উৎপন্ন কৰা কাৰ্ব’হাইড্ৰেটৰ পৰা আন কিছুমান দৰকাৰী পদাৰ্থ প্ৰস্তুত কৰে। এইবোৰ হ’ল প্ৰ’টিন, তেল, চর্বী আৰু ভিটামিন।
(১০) জৈৱ-ৰায়াসনিক শক্তি কাক বোলে?
উত্তৰঃ কাৰ্ব’হাইড্রেট, প্ৰ’টিন, তেল, চর্বী, ভিটামিন আদিত থকা শক্তিক জৈৱ-ৰাসায়নিক শক্তি বোলে।
(১১) শস্য খোৱা চৰাইৰ ঠোঁটৰ গঠন কেনে হয় ? দুবিধ শস্য খোৱা চৰাই নাম লিখা ।
উত্তৰঃ শস্য খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান হয়।
যেনে – ঘৰচিৰিকা আৰু পাৰ।
(১২) শুদ্ধ বাক্যটো লিখা-
(ক) পখিলা আৰু জোকৰ আহাৰ গোটা/জুলীয়া ।
উত্তৰঃ জুলীয়া।
(খ) ভেকুলীয়ে জিভাৰ সহায়ত পোক-পৰুৱা চোবাই খায়/গোটে গোটে গিলি থয় ।
উত্তৰঃ গোটে গোটে গিলি খায়।
(গ) ভাটৌৰ দুয়োটা ঠোঁট সমান/সমান নহয় ।
উত্তৰঃ সমান নহয়।
(ঘ) প্ৰ’টিনত এবিধ জৈৱ-ৰাসায়নিক শক্তি থাকে/নাথাকে ।
উত্তৰঃ থাকে।
(ঙ) ওকণি পৰজীৱী প্ৰাণী হয়/নহয় ।
উত্তৰঃ হয়।