প্ৰাণীৰ থকা ঠাই

প্ৰশ্নাৱলী- 

(১) কোনবোৰ প্ৰাণী গুহাত থাকে ?

উত্তৰঃ বাঘ, সিংহ, হাতী আদি ডাঙৰ ডাঙৰ প্ৰাণী বোৰ গুহাত থাকে।

(২) মাটিত গাঁত আৰু সুৰংগ খান্দি থকা প্ৰাণী কোনবোৰ ? এনেদৰে থাকিলে কি সুবিধা পোৱা যায় ?

উত্তৰঃ এন্দুৰৰ দৰে সৰু সৰু প্ৰাণীবোৰে মাটিৰ তলত সুৰংগ আৰু গাঁত খান্দি থাকে। এইদৰে থাকি সিহঁতে অতিপাত ঠাণ্ডা, গৰম,বৰষুণ আদিৰ উপৰিও আন চিকাৰী শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰে।

(৩) মকৰাই জাল কেনেকৈ বান্ধে ? কিয় বান্ধে ?

উত্তৰঃ মকৰাই নিজৰ গাৰ পৰা উলিওৱা ৰসেৰে জাল বান্ধে। মহ, মাখি, ফৰিং আদি উৰণীয়া প্ৰাণীবোৰ মকৰা জালত পৰি লাগি ধৰি উৰিব নোৱাৰা হয় সেয়ে এইবোৰ প্ৰাণীৰ গাৰ ৰস শুহি খাবলৈ মকৰাই জাল বান্ধে।

(৪) পোক-পৰুৱাৰ বাসস্থান ক’ত ?

উত্তৰঃ পোক-পৰুৱাই মাটিৰ তলত সৰু সৰু সুৰঙা তৈয়াৰ কৰি এইবোৰত থাকে। মৌ-মাখি আৰু বৰল গছৰ ডালত বা ঘৰৰ চালত মৌচাক আৰু বাহ সাজি থাকে।

(৬) টোকোৰা আৰু পাতসিয়া চৰায়ে কেনেকৈ বাহ সাজে ?

উত্তৰঃ টোকোৰা চৰায়ে গছৰ পাতৰ আগত ঘাঁহ-বন আৰু পাতেৰে পাক লগাই ঠিক সূতা চিলোৱাৰ দৰে মজবুত বাহ সাজে আৰু পাতসিয়া চৰায়ে পাতৰ কাষ দুটা ঠোঁটেৰে চিলাই জোৰা লগাই বাহ সাজে।

(৭) কোনবিধ প্ৰাণী তোমাৰ বাৰু ঘৰচীয়া কৰিবলৈ মন যায় ? প্ৰাণীবিধৰ উপকাৰিতাৰ বিষয়ে কেইশাৰীমান লিখা ।

উত্তৰঃ তোমালোকে নিজে কৰিবা ।

Scroll to Top