ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত হৈছিল ।
২। কোম্পানিৰ আমােল বুলিলে কোনটো সময়ক বুজোৱা হয় ?
উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।
৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰঃ অসমত বাংলা ভাষাৰ প্ৰচলন ১৮৩৭ চনত হৈছিল ।
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰঃ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ১৮৭৩ চনত হৈছিল ।
৫। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?
উত্তৰঃ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন মিলন আছিল ।
৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?
উত্তৰঃ ৰায়ত সভাসমূহৰ মূল উদ্দেশ্য আছিল কৃষকসকলৰ অধিকাৰ সুৰক্ষিত কৰা, ভূমি সংস্কাৰ, আৰু অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা।
৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?
উত্তৰঃ সদৌ অসম ৰায়ত সভাৰ গঠন ১৯৩৩ চনৰ ৮ এপ্রিলত মাহত হৈছিল ।
৮। আহোম সভাৰ সম্পাদক কোন আছিল ?
উত্তৰঃ আহােম সভাৰ সম্পাদক পদ্মনাথ গােহাঁইবৰুৱা আছিল ।
৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?
উত্তৰঃ যােৰহাট সার্বজনিক সভা
১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল।
১০। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?
উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্র বৰদলৈ আছিল ।
১১। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল ?
উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি বিষ্ণুৰাম মেধি আছিল ।
১২। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল ?
উত্তৰঃ অসমৰ প্রথম প্রধানমন্ত্রী গােপীনাথ বৰদলৈ আৰু ১৯৪৬ চনত নির্বাচিত হৈছিল ।
১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?
উত্তৰঃ কুশল কোঁৱৰক বৰপথাৰত ৰে’ল বগৰােৱাৰ অপৰাধত ফাঁচী দিয়া হৈছিল ।
১৪। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত হৈছিল ।
১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?
উত্তৰঃ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰত নামাংকিত হয় ।
১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?
উত্তৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ।