মোৱামৰীয়া গণ বিদ্ৰোহ

অনুশীলনীৰ প্ৰশ্নোত্তৰ

অতি চমু / চমু উত্তৰৰ প্ৰশ্ন

১। মায়ামৰা কি?
উত্তৰ: ‘মায়ামৰা’ হৈছে কাল সংহতিৰ অন্তৰ্ভুক্ত এখন প্ৰসিদ্ধ বৈষ্ণৱ সত্ৰৰ নাম। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল।

২। সত্ৰ বুলিলে কি বুজা?
উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহকে ‘সত্ৰ’ বোলা হয়।

৩। সংহতি কি?
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত শিষ্য-প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলত বৈষ্ণৱ সত্ৰসমূহ চাৰিটা ভাগ বা শাখাত বিভক্ত হৈছিল। এই ভাগসমূহকে ‘সংহতি’ বোলা হয় (যেনে— ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি)।

৪। মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰ: স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত (১৭৬৯ খ্ৰীষ্টাব্দত)।

৫। মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰ: স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত (১৮০৫ খ্ৰীষ্টাব্দত)।

৬। কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰ: স্বৰ্গদেউ চুহুংমুঙে (দিহিঙীয়া ৰজা)।

৭। চুৰুম্‌ফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰ: মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক।

৮। ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰ: চতুৰ্ভূজদেৱ মহন্তক।

৯। আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা।
উত্তৰ: ছোমদেউ।

১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰ: আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত।

১১। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰ: আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত।

১২। কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?
উত্তৰ: কৃষ্ণৰাম ভট্টাচাৰ্য আছিল বংগদেশৰ নদীয়াৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁক ৰাজ্যলৈ মতাই আনিছিল আৰু পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈ নীলাচল পাহাৰত সংস্থাপন কৰিছিল (তেওঁলোকক ‘পৰ্বতীয়া গোসাঁই’ বোলা হয়)।

১৩। কোনজন আহোম ৰজাৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰ: স্বৰ্গদেউ শিৱসিংহৰ দিনত (বৰৰজা ফুলেশ্বৰীৰ কাৰ্যকালত)।

১৪। গাগিনি কোন?
উত্তৰ: গাগিনি আছিল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ (ডেকা-মহন্ত)। তেওঁ যোৰহাটৰ ওচৰৰ মালৌ পথাৰত প্ৰতিজন শিষ্যৰ পৰা এচপৰাকৈ মাটি সংগ্ৰহ কৰি বিশাল ‘বৰভেটি’ নিৰ্মাণ কৰাই শিষ্যসকলৰ অপাৰ জনবল প্ৰদৰ্শন কৰিছিল।

১৫। মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?
উত্তৰ: মৰাণ নেতা নাহৰখোৱা শইকীয়াৰ পুত্ৰ ৰমাকান্ত (বা ৰমানন্দ)-ক।

১৬। কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰ: ১৭৯২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈকে (১৭৯৪ চনৰ ৩ জুলাইত গোৱালপাৰা পায়)।

১৭। অসমৰ ক’ত লোণ উৎপাদন হৈছিল?
উত্তৰ: শদিয়া আৰু নগাপাহাৰত।

১৮। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰ: অসমত লোণৰ চৰম নাটনি আছিল আৰু বংগৰ পৰা আমদানি কৰা লোণ অতিশয় দামী হোৱাৰ বাবে সাধাৰণ দৰিদ্ৰ মানুহে ক্ৰয় কৰিব নোৱাৰিছিল।

চমু / দীঘল উত্তৰৰ প্ৰশ্ন

১। মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক’ব পৰা যায় নে?
উত্তৰ:

  • পৰিচয়: মোৱামৰীয়াসকল মূলতঃ কাল সংহতিৰ অন্তৰ্ভুক্ত মায়ামৰা বৈষ্ণৱ সত্ৰৰ শিষ্য আছিল। ইয়াৰ অধিকাংশ আছিল মৰাণ জনগোষ্ঠীৰ লোক আৰু লগতে চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত আদি বিভিন্ন জনজাতীয় তথা সমাজৰ নিম্নবৰ্গৰ সাধাৰণ শ্ৰমজীৱী লোক।

  • গণ অভ্যুত্থান: হয়, মোৱামৰীয়া বিদ্ৰোহক নিশ্চিতভাৱে এক গণ অভ্যুত্থান বুলি ক’ব পাৰি। কাৰণ—

    1. এই বিদ্ৰোহত কেৱল কেইজনমান নিৰ্দিষ্ট নেতাই নহয়, বৰঞ্চ ৰাজ্যখনৰ হাজাৰ হাজাৰ সাধাৰণ প্ৰজা, কৃষক আৰু বিভিন্ন কাৰিকৰ শ্ৰেণীয়ে (কমাৰ, কুমাৰ, চমাৰ, খনিকৰ আদি) স্বতঃস্ফূৰ্তভাৱে অংশ লৈছিল।

    2. আহুম সামন্তবাদী শোষণ, পাইক প্ৰথাৰ কঠোৰ শ্ৰম আৰু ধৰ্মীয় নিৰ্যাতনৰ বিৰুদ্ধে ই আছিল সাধাৰণ শ্ৰমজীৱী জনতাৰ এক সৰ্বাত্মক গণ সংগ্ৰাম।

২। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
উত্তৰ: মোৱামৰীয়া বিদ্ৰোহৰ মূল ৰাজনৈতিক কাৰণসমূহ হ’ল—

  1. ৰাজতন্ত্ৰৰ দুৰ্বলতা: ৰুদ্ৰসিংহৰ পৰৱৰ্তী আহোম ৰজাসকল ক্ৰমে দুৰ্বল হৈ পৰাত মন্ত্ৰী-বিষয়াসকল প্ৰতাপী আৰু স্বেচ্ছাচাৰী হৈ পৰিছিল, যাৰ ফলত ৰাজ্যত অপশাসন আৰু অৰাজকতা বৃদ্ধি পাইছিল।

  2. সত্ৰৰ ওপৰত ধাৰাবাহিক ৰাজ আতিশয্য: চুৰুম্‌ফা ভগাৰজাৰ দিনত গুৰু নিত্যানন্দদেৱক হত্যা, গদাধৰ সিংহৰ দিনত বৈকুণ্ঠদেৱ মহন্তক হত্যা আৰু ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভূজদেৱ মহন্তক কৰা অপমানে মোৱামৰীয়াসকলক ক্ষুব্ধ কৰি ৰাখিছিল।

  3. কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অবিচাৰ: কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মায়ামৰা মহন্তক মুকলিকৈ অপমান কৰাৰ উপৰি ৰাজকৰ দিবলৈ অহা মৰাণ নেতা নাহৰখোৱাৰ কাণ কটা আৰু ৰাঘৱ নেওগক বেতেৰে কোবোৱাৰ ঘটনাই ক্ষোভৰ উদগীৰণ ঘটায়।

  4. ৰাজনৈতিক উচ্চাকাংক্ষা: মৰাণ তথা মোৱামৰীয়াসকলৰ বৰ্ধিত জনবল আৰু শক্তিয়ে তেওঁলোকক আহোম ৰাজতন্ত্ৰ ওফৰাই নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰিবলৈ উৎসাহিত কৰিছিল।

৩। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা।
উত্তৰ: হয়, আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম প্ৰধান কাৰক আছিল:

  1. আহোমসকলে আৰম্ভণিতে নিজৰ উপাস্য দেৱতা ‘ছোমদেউ’ক পূজা কৰিছিল যদিও পাছলৈ হিন্দু ধৰ্ম গ্ৰহণ কৰে।

  2. স্বৰ্গদেউ ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈ ব্ৰাহ্মণ সত্ৰসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে আৰু শূদ্ৰ সত্ৰাধিকাৰসকলক হেয় জ্ঞান কৰাত ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত সামাজিক বিভেদৰ সৃষ্টি হয়।

  3. শিৱসিংহৰ দিনত শাক্ত ধৰ্ম ৰাজধৰ্মত পৰিণত হয়। বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত বৈষ্ণৱ মোৱামৰীয়া মহন্তক বলপূৰ্বকভাৱে শাক্ত দেৱীপূজাত বলিৰ তেজৰ ফোঁট ল’বলৈ বাধ্য কৰোৱা হয়।

  4. বৈষ্ণৱ ধৰ্মত বলিদান আৰু বলিৰ তেজ সম্পূৰ্ণ নিষিদ্ধ হোৱা বাবে এই ধৰ্মীয় অপমানে মোৱামৰীয়াসকলৰ অন্তৰত বিদ্ৰোহৰ জুই জ্বলাই তোলে।

৪। পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমানদূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।
উত্তৰ: পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে জগৰীয়া আছিল:

  1. শ্ৰমৰ বোজা বৃদ্ধি: প্ৰথমতে ৪ জনীয়া পাইক গোটত এজন পাইকে বছৰত ৩ মাহ কাম কৰিব লাগিছিল। কিন্তু ৰাজেশ্বৰ সিংহৰ দিনত গোট ৩ জনীয়া কৰাত এজন পাইকৰ খাটনি ৪ মাহলৈ বৃদ্ধি পায়, যাৰ ফলত সাধাৰণ খাটিখোৱা প্ৰজাৰ ওপৰত অতিৰিক্ত শ্ৰমৰ বোজা পৰে।

  2. কাড়ী আৰু চমুৱা পাইকৰ বৈষম্য: চমুৱা পাইকসকলে ধন বা কৰ দি শাৰীৰিক শ্ৰমৰ পৰা ৰেহাই পাইছিল। কিন্তু সংখ্যাগৰিষ্ঠ কাড়ী পাইকসকলে (যাৰ সৰহভাগেই আছিল মোৱামৰীয়া) কঠোৰ শ্ৰম কৰিবলগীয়া হৈছিল, যাৰ ফলত সামাজিক শোষণ আৰু অসন্তোষ বৃদ্ধি পাইছিল।

  3. কাৰিকৰী দক্ষতাৰ শোষণ: মোৱামৰীয়াসকল আছিল কুমাৰ, কমাৰ, চমাৰ, খনিকৰ আৰু নাও-অস্ত্ৰ নিৰ্মাণত নিপুণ। আহোম ৰাষ্ট্ৰযন্ত্ৰই তেওঁলোকৰ এই দক্ষতাৰ পূৰ্ণ শোষণ কৰিছিল কিন্তু বিনিময়ত তেওঁলোকক কোনো মৰ্যাদা দিয়া নাছিল।
    গতিকে, পাইক প্ৰথাৰ অন্তৰালত থকা এই অবিৰত অৰ্থনৈতিক আৰু শাৰীৰিক শোষণেই বিদ্ৰোহৰ অন্যতম মূল কাৰণ আছিল।

৫। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।
উত্তৰ: মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—

  1. ৰাজনৈতিক ফলাফল:

    • ছশ বছৰীয়া আহোম ৰাজতন্ত্ৰৰ ভেটি সম্পূৰ্ণৰূপে ধ্বংসৰ মুখলৈ গতি কৰে।

    • বিদ্ৰোহ দমনৰ চলেৰে কেপ্তেইন ওৱেলছৰ নেতৃত্বত ইংৰাজ সৈন্যৰ অসমত প্ৰৱেশ ঘটে, যিয়ে পৰৱৰ্তী সময়ত অসমত ব্ৰিটিছ শাসন প্ৰতিষ্ঠাৰ পথ সুগম কৰে।

    • বেংমৰাক কেন্দ্ৰ কৰি ১৮০৫ চনত স্বতন্ত্ৰ ‘মটক ৰাজ্য’ৰ সৃষ্টি হয়।

  2. অৰ্থনৈতিক ফলাফল:

    • দীঘলীয়া যুদ্ধৰ ফলত ঘৰ-দুৱাৰ, শস্যৰ পথাৰ ধ্বংস হয় আৰু দেশত ভয়ংকৰ দুৰ্ভিক্ষই দেখা দিয়ে।

    • বহু কাৰিকৰ আৰু খেতিয়কৰ মৃত্যু হোৱাত সোণ, লো আৰু লোণৰ উৎপাদন হ্ৰাস পায়।

  3. সামাজিক ফলাফল:

    • দুয়োপক্ষৰ চূড়ান্ত অত্যাচাৰত বহু প্ৰজাৰ মৃত্যু হয় আৰু বহুতে পাহাৰ-হাবিলৈ পলাই যোৱাত অসমৰ প্ৰায় আধা অংশ জনশূন্য হৈ পৰে।

    • ব্ৰাহ্মণ্যবাদী শাক্ত আৰু বৈষ্ণৱসকলৰ মাজত সামাজিক বিভেদ বৃদ্ধি পায়।

    • ক্ষত-বিক্ষত অসমে পৰৱৰ্তী কালত মানৰ আক্ৰমণ আৰু ইংৰাজৰ অধীনতাৰ কবলত পৰিবলগীয়া হয়।

৬। মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা? যুক্তি দিয়া।
উত্তৰ: মোৱামৰীয়া বিদ্ৰোহক আংশিকভাৱে সফল আৰু সামগ্ৰিকভাৱে বিফল বিদ্ৰোহ বুলি ক’ব পাৰি—

  • সফলতাৰ যুক্তি:

    1. সাধাৰণ খাটিখোৱা প্ৰজাই একত্ৰিত হৈ শক্তিশালী আহোম ৰাজধানী দখল কৰি নিজৰ ৰজা (ৰমাকান্ত, ভৰত সিংহ) পাতি সামন্তীয় শক্তিক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

    2. শেষত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেওঁলোকৰ সৈতে চুক্তি কৰি ১৮০৫ চনত ‘মটক ৰাজ্য’ নামেৰে এখন সুকীয়া স্বতন্ত্ৰ ৰাজ্য প্ৰদান কৰিবলৈ বাধ্য হৈছিল।

  • বিফলতাৰ যুক্তি:

  1. মোৱামৰীয়াসকলে কোনো নতুন সুস্থ প্ৰশাসন ব্যৱস্থা গঢ়ি তুলিব নোৱাৰিলে; পুৰণি সামন্তীয় শাসনকে বাহাল ৰাখিলে আৰু তেওঁলোকৰ মাজতেই ক্ষমতাৰ খোৱাকামোৰা আৰম্ভ হ’ল।

  2. সাধাৰণ প্ৰজা আৰু সত্ৰসমূহৰ ওপৰত চলোৱা অত্যাচাৰে তেওঁলোকক অপ্ৰিয় কৰি তুলিলে আৰু সমগ্ৰ অসমক এক ভয়ংকৰ দুৰ্ভিক্ষ, মানৰ আক্ৰমণ আৰু বিদেশী ইংৰাজৰ দাসত্বৰ দিশলৈ ঠেলি দিলে।

৭। কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ’ল?
উত্তৰ:

  • অসমলৈ অহাৰ পৰিস্থিতি: ১৭৮৬ চনৰ তৃতীয় মোৱামৰীয়া বিদ্ৰোহত ৰাজধানী ৰংপুৰ হেৰুৱাই স্বৰ্গদেউ গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই আহে। নামনি অসমতো কৃষ্ণনাৰায়ণ আৰু বংগৰ পৰা অহা ‘বৰকান্দাজ’ সৈন্যৰ অত্যাচাৰত চাৰিওফালে অৰাজকতাৰ সৃষ্টি হয়। উপায়ন্তৰ হৈ গৌৰীনাথ সিংহই ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিৰ সামৰিক সহায় বিচৰাত ১৭৯২ চনত কেপ্তেইন থমাছ ওৱেলছৰ নেতৃত্বত ব্ৰিটিছ সৈন্য অসমলৈ আহে।

  • ঘূৰি যোৱাৰ কাৰণ: ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ পিছত ছাৰ জন ছোৰে (Sir John Shore) দায়িত্ব লয়। তেওঁ আনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা ‘অহস্তক্ষেপ নীতি’ গ্ৰহণ কৰে আৰু ওৱেলছক তাৎক্ষণিকভাৱে অসমৰ পৰা উভতি আহিবলৈ নিৰ্দেশ দিয়ে। সেয়েহে স্বৰ্গদেউৰ বাৰম্বাৰ অনুৰোধ সত্ত্বেও ওৱেলছে ১৭৯৪ চনত আধৰুৱা অৱস্থাতে অভিযান সামৰি উভতি যায়।

৮। মোৱামৰীয়া বিদ্ৰোহ দমনত ওৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা?
উত্তৰ:

  • ওৱেলছৰ ভূমিকা:

  1. ওৱেলছে গুৱাহাটী পুনৰুদ্ধাৰ কৰে, বৈৰাগী ৰজাক বন্দী কৰে আৰু দৰঙৰ কৃষ্ণনাৰায়ণ ও বৰকান্দাজসকলক পৰাস্ত কৰি নামনি অসমত শান্তি স্থাপন কৰে।

  2. ১৭৯৩ চনত গৌৰীনাথ সিংহৰ সৈতে বাণিজ্যিক চুক্তি কৰি অতিৰিক্ত সৈন্য আনি ৰংপুৰ অভিমুখে যাত্ৰা কৰে।

  3. ১৭৯৪ চনৰ মাৰ্চত মোৱামৰীয়াসকলক পৰাস্ত কৰি ৰংপুৰ উদ্ধাৰ কৰে আৰু গৌৰীনাথ সিংহক পুনৰ ৰাজসিংহাসনত বহুৱায়।

  • সফলতাৰ মূল্যায়ন: ওৱেলছে সামৰিকভাৱে তাৎক্ষণিক সফলতা লাভ কৰিছিল যদিও তেওঁৰ সফলতা আছিল সাময়িক। কিয়নো তেওঁ অসম ত্যাগ কৰাৰ লগে লগেই মোৱামৰীয়াসকলে পুনৰ ৰংপুৰ দখল কৰে আৰু দেশত পুনৰ অৰাজকতাৰ সৃষ্টি হয়।

৯। কেপ্তেইন ওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা।
উত্তৰ: কেপ্তেইন ওৱেলছে গৱৰ্ণৰ জেনেৰেললৈ প্ৰেৰণ কৰা বিৱৰণীত ওঠৰ শতিকাৰ অসমৰ বিষয়ে তলৰ গুৰুত্বপূৰ্ণ কথাবোৰ পোৱা যায়—

  1. ৰাজনৈতিক ব্যৱস্থা: আহোম ৰজা নিৰ্বাচন, পাঁচগৰাকী প্ৰতাপী মন্ত্ৰীৰ দ্বন্দ্ব, পাইক প্ৰথা আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাচাৰিতা তথা মোৱামৰীয়া মহন্তৰ হত্যাকাণ্ডক ৰাজনৈতিক অস্থিৰতাৰ মূল কাৰণ বুলি উল্লেখ কৰিছে।

  2. বাণিজ্য আৰু শুল্ক: অসম আৰু বংগৰ বাণিজ্যৰ পৰা অসমে বছৰি প্ৰায় ৯০,০০০ টকাৰ শুল্ক পাইছিল (যাৰ ২৬,০০০ টকা ৰাজকোষত সোমাইছিল)।

  3. লোণৰ নাটনি: লোণ আছিল অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু দামী আমদানি সামগ্ৰী (বংগৰ পৰা বছৰি ১,২০,০০০ মোন আমদানি হৈছিল)। শদিয়া আৰু নগাপাহাৰৰ লোণ আছিল নিম্নমানৰ।

  4. প্রাকৃতিক সম্পদ: অসমত প্ৰচুৰ ধান, সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, লা, লো আৰু সোণ উৎপাদন হৈছিল। টকাতকৈ সোণ আৰু লোণৰ বিনিময়ত বেপাৰ চলিছিল।

  5. নগৰৰ বিৱৰণ: গুৱাহাটী আছিল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ জুৰি থকা এখন জনবহুল চহৰ (যাৰ গড়ত ১১৩ টা কামান আছিল)। আনহাতে ৰাজধানী ৰংপুৰ আছিল ২০ মাইল পৰিসীমাৰ ইটাৰ সুৰক্ষিত বেৰেৰে আগুৰা চহৰ।

চমুটোকা

১। কীৰ্তিচন্দ্ৰ বৰবৰুৱা: স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহৰ দিনৰ অতি প্ৰতাপী বৰবৰুৱা আছিল কীৰ্তিচন্দ্ৰ। তেওঁ দিহিং সত্ৰৰ শিষ্য আছিল। তেওঁৰ অহংকাৰী আৰু স্বেচ্ছাচাৰী আচৰণৰ বাবে মায়ামৰা মহন্তক মুকলিকৈ অপমান কৰিছিল। তদুপৰি ৰাজকৰ দিবলৈ অহা মৰাণ নেতা নাহৰখোৱাৰ কাণ কটা আৰু ৰাঘৱ নেওগক বেতেৰে কোবোৱাৰ ঘটনাই ১৭৬৯ চনৰ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ হৈ পৰে।

২। মায়ামৰা সত্ৰ: কাল সংহতিৰ অন্তৰ্ভুক্ত এখন প্ৰধান বৈষ্ণৱ সত্ৰ হ’ল মায়ামৰা সত্ৰ। এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্ৰ সম্প্ৰদায়ৰ। মৰাণ, চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত আদি বিভিন্ন জনজাতীয় আৰু সাধাৰণ খাটিখোৱা প্ৰজা এই সত্ৰৰ শিষ্য আছিল। শিষ্যসকলৰ অগাধ গুৰুভক্তি আৰু বাঢ়ি অহা শক্তিয়ে আহোম ৰাজশক্তিৰ সৈতে ঐতিহাসিক সংঘাতৰ সৃষ্টি কৰিছিল।

৩। পূৰ্ণানন্দ বুঢ়াগোহাঁই: ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ লাড়ি গোহাঁইয়ে পিছলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই নামে প্ৰসিদ্ধি লাভ কৰে। তেওঁ নিজৰ তীক্ষ্ণ বুদ্ধি, বিক্ৰম আৰু কৰ্তব্যনিষ্ঠাৰে মোৱামৰীয়া বিদ্ৰোহৰ সংকটকালত আহোম ৰাজ্য ৰক্ষা কৰিছিল। তেওঁ যোৰহাটত নতুন ৰাজধানী স্থাপন কৰে আৰু ১৮০৫ চনত মোৱামৰীয়া নেতা সৰ্বানন্দৰ সৈতে চুক্তি কৰি ‘মটক ৰাজ্য’ গঠনৰ জৰিয়তে ৩৫ বছৰীয়া মোৱামৰীয়া বিদ্ৰোহৰ ওৰ পেলায়।

৪। কাড়ী পাইক আৰু চমুৱা পাইক: আহোম ৰাজ্যৰ পাইক ব্যৱস্থাৰ দুটা মূল শ্ৰেণী আছিল কাড়ী আৰু চমুৱা। কাড়ী পাইকসকল আছিল সংখ্যাগৰিষ্ঠ সাধাৰণ শ্ৰমজীৱী প্ৰজা, যিয়ে ৰজাঘৰত বাধ্যতামূলকভাৱে শাৰীৰিক শ্ৰম আগবঢ়াব লাগিছিল। আনহাতে চমুৱা পাইকসকলে শাৰীৰিক শ্ৰমৰ সলনি ধন বা কৰ দি ৰেহাই পাইছিল। কাড়ী পাইকৰ ওপৰত চলা অতিৰিক্ত শ্ৰমৰ শোষণে মোৱামৰীয়া বিদ্ৰোহৰ সৃষ্টিত অৰিহণা যোগাইছিল।

৫। ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি: ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত কেপ্তেইন ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত এই ঐতিহাসিক বাণিজ্য চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিমতে অসমলৈ আমদানি আৰু ৰপ্তানি হোৱা সকলো সামগ্ৰীৰ ওপৰত ১০% কৰ ধাৰ্য কৰা হয়, ধান-চাউল কৰমুক্ত কৰা হয়, গুৱাহাটী আৰু কান্দাহাৰত শুল্ক চকী বহুওৱা হয় আৰু বিনা অনুমতিত আন কোনো ইউৰোপীয়ক বাণিজ্য কৰাত বাধা আৰোপ কৰা হয়।

৬। বৰৰজা ফুলেশ্বী: স্বৰ্গদেউ শিৱসিংহৰ প্ৰধান কুঁৱৰী ফুলেশ্বৰীক ৰজাই ‘বৰৰজা’ উপাধি দি শাসনৰ সম্পূৰ্ণ ক্ষমতা অৰ্পণ কৰিছিল। তেওঁ চৰম শাক্তধৰ্মী আছিল। তেওঁৰ নিৰ্দেশত দেৱীপূজাত বৈষ্ণৱ মোৱামৰীয়া মহন্তক জোৰ-জুলুমকৈ বলিৰ তেজৰ ফোঁট ল’বলৈ বাধ্য কৰোৱা হৈছিল, যিয়ে মোৱামৰীয়াসকলৰ ধৰ্মীয় আৱেগত তীব্ৰ আঘাত হানিছিল।

৭। পৰ্বতীয়া গোসাঁই: বংগদেশৰ নদীয়াৰ শাক্ত ব্ৰাহ্মণ পণ্ডিত কৃষ্ণৰাম ভট্টাচাৰ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অনাইছিল আৰু পিছলৈ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈ কামাখ্যাৰ নীলাচল পাহাৰত প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকলক ‘পৰ্বতীয়া গোসাঁই’ বুলি জনা যায়।

৮। সৰ্বানন্দ: মোৱামৰীয়া বিদ্ৰোহৰ চতুৰ্থ পৰ্যায়ৰ বেংমৰাৰ এগৰাকী প্ৰধান মৰাণ মোৱামৰীয়া নেতা আছিল সৰ্বানন্দ। তেওঁ নিজকে স্বাধীন ঘোষণা কৰি মোহৰ মাৰিছিল। ১৮০৫ চনত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেওঁৰ সৈতে চুক্তি কৰি তেওঁক ‘বৰসেনাপতি’ উপাধি দি স্বতন্ত্ৰ ‘মটক ৰাজ্য’ৰ শাসনকৰ্তা হিচাপে স্বীকৃতি দিয়ে।

৯। ভৰত সিংহ: মোৱামৰীয়া মহন্তৰ এগৰাকী আত্মীয় আৰু বিদ্ৰোহী নেতা আছিল ভৰত সিংহ। ১৭৮৮ চনত গৌৰীনাথ সিংহই ৰাজধানী এৰি পলাই যোৱাৰ পিছত মোৱামৰীয়াসকলে তেওঁক ৰংপুৰত ৰজা পাতিছিল। ১৮০১ চনত বেংমৰাত ৰজাঘৰীয়া সৈন্যৰ সৈতে হোৱা যুদ্ধত তেওঁৰ মৃত্যু হয়।

১০। ৰংপুৰ নগৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা আহোম ৰাজ্যৰ ঐতিহাসিক ৰাজধানী চহৰ আছিল ৰংপুৰ (বৰ্তমানৰ শিৱসাগৰৰ সমীপত)। ই প্ৰায় ২০ মাইল পৰিসীমাৰ ইটাৰ সুৰক্ষিত বেৰেৰে আগুৰা আছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে কেইবাবাৰো এই ঐতিহাসিক ৰংপুৰ নগৰ অধিকাৰ কৰিছিল।

Scroll to Top