মোৱামৰীয়া গণ বিদ্ৰোহ

চমু প্ৰশ্ন উত্তৰ

১) মায়ামৰা কি?

উত্তৰঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম ।

২) সত্ৰ বুলিলে কি বুজা?

উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত  নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

৩) সংহতি কি?

উত্তৰঃ শংকৰদেৱৰ মহাপ্ৰয়ানৰ পিছত তেওঁৰ শিষ্য – প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল । এই ভাগসমূহৰ প্ৰতিটো ভাগকে সংহতি বুলি কোৱা হয় । 

৪) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত  আৰম্ভ হৈছিল ।

৫) মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰজাৰ দিনত শেষ হৈছিল।

৬) কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?

উত্তৰঃ আহোম ৰজা চুহুংমুঙে প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়।

৭) চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?

উত্তৰঃ চুৰুমফা ভগাৰজাৰ দিনত গুৰু নিত্যানন্দদেৱক  হত্যা কৰা হৈছিল ।

৮) ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?

উত্তৰঃ ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তক অপমান কৰা হৈছিল ।

৯) আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা?

উত্তৰঃ আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ’ল ছোমদেউ ।

১০) জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল।

১১) ৰুদ্ৰ সিংহই কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল ।

১২) কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?

উত্তৰঃ এজন শাক্ত ব্ৰাহ্মণ আছিল ।

১৩) কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল।

১৪) গাগিনী কোন?

উত্তৰঃ গাগিনী মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ আছিল।

১৫) মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?

উত্তৰঃ মোৱামৰীয়াসকলে পুন প্ৰথমে ৰমাকান্ত বা ৰামানন্দক ৰজা পাতিছিল ।

১৬) কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?

উত্তৰঃ কেপ্তেইন ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল।

১৭)অসমৰ ক’ত লোণ উৎপাদন হৈছিল?

উত্তৰঃ অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল।

১৮) অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?

উত্তৰঃ লোণ বৰ দামী বস্তু আছিল সেই বাবে অসমৰ সৰ্বসাধাৰন মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল ।

Scroll to Top