ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
অতি চমু /চমু উত্তৰৰ প্ৰশ্ন-
১) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰঃ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো হল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ।
২) আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰঃ আনন্দমঠ উপন্যাসৰ ৰচয়িতা হল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
৩) ‘স্যাৰে জাহাছে আচ্ছা ….’ গীতৰ গীতিকাৰ কোন?
উত্তৰঃ ‘স্যাৰে জাহাছে আচ্ছা’…. গীতৰ গীতিকাৰ হ’ল কবি মহম্মদ ইকবাল।
৪) ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথম ৰেল যাতায়ত ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল।
৫) ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাবৰাৰৰ মাজত বেচৰকাৰী খণ্ডত সূচনা হৈছিল।
৬) ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?
উত্তৰঃ ভাৰতৰ পোন প্ৰথম ছপাশাল ১৭৯৭ খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন কৰা হৈছিল।
৭) কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক’ত প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল।
৮) লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ a. সতীদাহ প্রথা বিলুপ্তি ঘটোৱা ।
b. স্ত্ৰী শিক্ষাৰ বিস্তাৰৰ বাবে গুৰুত্ত্বপূৰ্ণ ভূমিকা লোৱা ।
৯) ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰঃ ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হ’ল- বেংগল গেজেট।
চমু/দীঘল উত্তৰৰ প্ৰশ্ন-
১। চিপাহী বিদ্রোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
উত্তৰঃ ২8৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল একপ্ৰ্কাৰ ৰাজনৈতিক যুক্তিৰ আন্দোলন । কাৰণ চিপাদ্ৰী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিছাৰিছিল । বিদ্ৰোহৰ উদ্দেশ্য পুনৰ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগনৰ কাৰণে সূদূৰ প্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল ।
ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশচাত্য শিক্ষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিবৰ্তন হৈছিল। তেওঁলোকৰ মনত নতুন নতুন চেতনাৰ উন্মেষ ঘটিছিল। শোষন অন্যায় আদিৰ দিশ বিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰিছিল। লগতে সমাজ জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাই তুলিছিল।
২। ‘উদৰ প্ৰেৰণপত্ৰ’ৰ মূল উদ্দেশ্য কি কি আছিল লিখা।
উত্তৰঃ উদৰৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য সমূহ তলত দিয়া হ’ল-
(ক) প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পাৰ্যাত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষক আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল |
(খ) মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল ।
(গ) প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল ।
৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে লিখা হ’ল-
(ক) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱঃ ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজী মিছনাৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰহৰ হয়। প্ৰথমে বাংলাদেশত আৰু পিছলৈ ভাৰতত আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে ।
যাতায়তৰ উন্নতি: কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰিণ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয় ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডৰ প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়ত ব্যৱস্থা উন্নয়ন কৰাৰ প্ৰয়োজন হৈছিল ।
ধৰ্ম আৰু সংস্কাৰ আন্দোলন: সমাজত প্ৰচলিত ধৰ্মীয় অন্ধবিশ্বাস আৰু কু- সংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্ৰয়োজনেৰে সামাজিক আন্দোলন গঢ়ি তুলিছিল।
বাতৰি কাকতৰ ভূমিকা: ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ পত্ৰ ইতিহাসৰ পাতনি মেলা হৈছিল। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসত জেমজ আগষ্ট হিকিম দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদ পত্ৰ বেংগল গেজেট প্ৰকাশ হয়।
জাতীয় গঠনৰ অনুষ্ঠান প্ৰস্তুতি: ইণ্ডিয়ান এচিছয়েন জাতীয় চেতনাক এটা সৰ্বভাৰতীয় সংঘব্দ্ধ ৰূপ প্ৰদান কৰিছিল। ইংলেণ্ডৰ চৰকাৰে ভাৰতীয়ক আই চি এছ চাকৰি পদত নিয়োগ নকৰাৰ চক্ৰান্ত চলাইছিল।
ভাৰতীয় জাতীয় কংগ্ৰেছ: গৱৰ্নৰ জেনেৰেল লৰ্ড ডাফৰিণৰ কাৰ্যকালত এলেন অক্টেভিয়ানৰ হিউম নামৰ এজন অৱসৰ প্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল।
৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে তলত লিখা হ’ল-
(ক) ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধন ইংৰাজী মিছনেৰী আৰু কেইগৰাকী মান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে আগ্ৰহৰ হয়।
(খ) প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে।
(গ) একে সময়ত ব্ৰিটিচ চৰকাৰে আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল।
(ঘ) ১৮৩৫ খ্ৰীষ্টাব্দত গৱৰ্নৰ জেনেৰেল পৰিষদৰ আইনৰ সদস্যা তথা শিক্ষা সমিতিৰ সভাপতি লৰ্ড মেগলেই ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্ৰবৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল।
৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ ভাৱ পেলাইছিল লিখা।
উত্তৰঃ কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়ত ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰত বৰ্ষৰ যাতায়ত ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন হৈছিল। ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল। দুটা বছৰৰ ভিতৰতে এই পথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ যাতায়ত ব্ৱস্থাৰ আমূল পৰিবৰ্তন হয়। লৰ্ড ডেলহাউচিৰ কাৰ্যকালত এই পথ পেছোৱাৰলৈকে সংযোগ ঘটোৱা হৈছিল। ১৮৩২খ্ৰীষ্টাব্দত ইংলেণ্ডৰ আৰ্হিত ভাৰ্ব্বব্ব ভাপ কলেৰে ৰেল যোগাযগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল। ১৮৫৪ খ্ৰীষ্টাব্দত মাদ্ৰাছাত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। অসমতো ১৮৮৩ খ্ৰীষ্টাব্দত শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয়। অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাধাৰণৰ দিশটো চিন্তা কৰিয়েই এই ৰেল যোগাযোগৰ সূচনা হয়।
৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন বায়ৰ অৱদানৰ বিষয়ে লিখা।
৭। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানব বিষয়ে লিখা।
৮।ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশব চন্দ্র সেনব অৱদানৰ বিষয়ে লিখা।
৯।ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসব অৱদানৰ বিষয়ে লিখা।
১০।ভাৰতীয় জাতীয় জাগবণ গঢ়ি তোলাত এনি বেছাণ্টৰ অৱদানব বিষয়ে লিখা।
১১।’আলিগড় আন্দোলন’ কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।
১২।’বাতৰি কাকত’ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্রেক ঘটাইছিল বর্ণনা কৰা।
১৩।ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পর্কে এটি চমু টোকা লিখা।
১৪। ভাৰতীয় জাতীয় কংগ্রেছৰ কার্যাবলী আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।