বৰগীত

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ

(ক) “…..নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”

 – কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰি ভগৱানক অনুৰোধ কৰিছে।

(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’

– সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰঃ বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰঃ বৰগীতটি বসন্তৰাগত বন্ধা আছে ।

(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ কবিয়ে ‘বান্ধৱ’ বুলি হৰিক সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ’ মানে কি?

উত্তৰঃ  ‘মোহ-পাশ’ মানে হৈছে মায়াৰ বান্ধোন।

২। বৰগীতটিৰ মূলভাৱ লিখা।

৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

৪। ব্যাখ্যা কৰাঃ

(ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।

(খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।

(গ)  তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীৱন। 

৬) বৰগীতৰ চাৰিটা লক্ষণ বিষয়ে লিখা?

ভাষা-বিষয়কঃ

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য়সমূহ উল্লখ কৰা।

Scroll to Top