ধাতু আৰু অধাতু
প্ৰশ্নাৱলী-
1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
উত্তৰঃ পাৰা।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
উত্তৰঃ লিথিয়াম।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
উত্তৰঃ কপাৰ।
(iv) তাপৰ কম পৰিবাহী।
উত্তৰঃ সীহ।
2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।
উত্তৰঃ ধাতুৰ ঘাত সহনীয়তাঃ কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি । এই ধৰ্মক ধাতুৰ ঘাত সহনীয়তা বোলে । যেনে- সোণ, ৰূপ, প্লেটিনাম আদি
ধাতুৰ নমনীয়তাঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে। যেনে- সোণ, ৰূপ, এলুমিনিয়াম আদি ।
প্ৰশ্নাৱলী-
1. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়?
উত্তৰঃ ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু ৷ ইয়াক মুক্ত অৱস্থাত ৰাখিলে বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া সংঘতিত কৰি অক্সাইড গঠন কৰে আৰু জুই জ্বলি উঠে ৷ সেয়েহে আকস্মিক জুই আৰু দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা হয় ৷
2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা 一
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
Q. 3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
ধাতু | আইৰন (II) ছালফেট | কপাৰ (III) ছালফেট | যিংক ছালফেট | ছিলভাৰ নাইট্রেট |
A | বিক্রিয়া নহয় | প্রতিস্থাপন | ||
B | প্রতিষ্ঠাপন | বিক্রিয়া নহয় | ||
C | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় | প্রতিস্থাপন |
D | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় | বিক্রিয়া নহয় |
ওপৰৰ তালিকা ব্যৱহাৰ কৰি ABCD ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্রিয় ধাতু কোনটো?
(ii) কপাৰ (II) ছালয়েট লৱণত B ধাতু দিলে কি হল?
(ii) ABCD ধাতুক সক্ৰিয়তাৰ নিম্নক্রমত সজোৱা।
4. লঘু হাইড্ৰ’ক্লৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H₂SO₄ ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
5. আইন (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্রিয়াটো লিখা।
পাঠভিত্তিক প্ৰশ্নাৱলীঃ
1. (i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা
(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na₂O আৰু MgO ৰ গঠন লিখা।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?
পাঠভিত্তিক প্ৰশ্নাৱলীঃ
1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (mineral)
(ii) আকৰ (ore)
(iii) খনিজ মল (gangue)
2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয়?
প্ৰশ্নাৱলীঃ
1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।
ধাতু | জিংক | মেগনেসিয়াম | কপাৰ |
যিংক অক্সাইড | |||
মেগনেছিয়াম অক্সাইড | |||
কপাৰ অক্সাইড |
কোনবিলাক ক্ষেত্রত প্রতিস্থাপন বিক্রিয়া ঘটিব?