এছিড ক্ষাৰক আৰু লৱণ

প্ৰশ্নাৱলী-

1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

উত্তৰঃ দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এইবোৰে  পিতল  আৰু তাম ধাতুৰ সৈতে বিক্ৰিয়া কৰি বিষাক্ত যৌগ সৃষ্টি কৰে, যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সেই কাৰণে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় ।

2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?

উত্তৰঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

যেনে- 2Na (s) + 2HCl (aq) → 2NaCl (aq) + H₂ (g)

গেছৰ ওচৰত জ্বলি থকা কাঠি এটা ৰাখিলে ই নীলা শিখাৰে জ্বলি উঠে, যিয়ে হাইড্ৰজেনৰ উপস্থিতিৰ ইংগিত দিয়ে।

3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

উত্তৰঃ CaCO₃(s) + 2HCl (aq) → > CaCl₂ (aq) + CO₂ (g) + H₂O (l)

প্ৰশ্নাৱলী-

1. জলীয় দ্রৱত HCI, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় ?

উত্তৰঃ HCl, HNO₃ জলীয় দ্ৰৱত আয়নিত হৈ H⁺ মুক্ত কৰে, যাৰ ফলত আম্লিক ধর্ম দেখুৱায় ।

এলক’হল আৰু গ্লুক’জ জলীয় দ্ৰৱত আয়নিত নহয়, গতিকে আম্লিক ধর্ম নেদেখুৱায়।

2. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

উত্তৰঃ এছিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে কাৰণ জলীয় দ্ৰৱত এছিড আয়নিত হৈ মুক্ত H⁺ আয়ন সৃষ্টি কৰে।

3. শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়?

উত্তৰঃ আমি জানো যে লিটমাছ কাগজৰ ৰং হাইড্ৰজেন আয়নৰ দ্বাৰা সলনি হয় আৰু হাইড্ৰজেন আয়ন কেৱল জলীয় দ্ৰৱতহে উৎপন্ন হ’ব পাৰে। শুকান HCl গেছত H+ আয়ন নাথাকে। গতিকে লিটমাছ কাগজৰ ৰং সলনি নহয়।

 4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয় ?

উত্তৰ: এছিড এটা লঘূ কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কাৰণ পানী এছিডত যোগ কৰাটো এটা অতিশয় টাপবৰ্জী বিক্ৰিয়া । তেনে কৰিলে অতিমাত্ৰা তাপ উৎপন্ন হব পাৰে আৰু জুই লাগিব পাৰে।

5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হয় ?

উত্তৰ: এচিডৰ দ্ৰৱ এটা লঘূ কৰোঁতে হাইড্ৰ’ নিয়াম(H3O+) আয়নৰ গাঢ়তা প্ৰতি একক আয়তনত হ্ৰাস পাব।

6. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হ’ব?

উত্তৰ: ছডিয়াম হাইড্ৰ’ অক্সাইডৰ দ্ৰৱ এটা অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ ‘ অক্সাইড আয়নৰ(OH -) গাঢ়তা প্ৰতি একক আয়তনত বৃদ্ধি পাব।

প্ৰশ্নাৱলী-

1. তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ pᴴ ৰ মান 6 আৰু দ্ৰৱ B ৰ pᴴ ৰ মান ৪; কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ?

উত্তৰ: দ্ৰৱ A ৰ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি।দ্ৰৱ A হল আম্লিক আৰু দ্ৰৱ B হল ক্ষাৰকীয়।

2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H⁺ (aq) আয়নৰ গাঢ়তাৰ কি প্রভাৱ থাকে ?

উত্তৰ: দ্ৰৱ এটাৰ হাইড্ৰজেন H+ আয়নৰ গাঢ়তা বৃদ্ধি কৰিলে দ্ৰবটোৰ আম্লিক ধৰ্ম বৃদ্ধি পায় আৰু হাইড্ৰজেন H- আয়নৰ গাঢ়তা হ্ৰাস কৰিলে দ্ৰৱটোৰ ক্ষৰকীয় ধৰ্ম বৃদ্ধি পায়।

3. ক্ষাৰকীয় দ্ৰৱত H⁺(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰৰ্কীয় ?

উত্তৰ: ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে। ক্ষাৰকীয় দ্ৰৱ এটাত H+ আয়ন থাকিলেও OH – আয়নৰ তুলনাত ইয়াৰ পৰিমাণ কম।সেয়েহে দ্ৰবটো ক্ষাৰকীয়।

4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চুণ (কেলছিয়াম অক্সাইড) বা শিখিলিত চুপ (কেলছিয়াম হাইড্রক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা ?

উত্তৰ: মাটিত আম্লিকতা ধৰ্ম বৃদ্ধি পালে মাটি প্ৰশমিত কৰিবলৈ কৃষক এজনে পূৰ চূণ,(কেলেছিয়াম অক্সাইড), শিথিলিতি চূণ(কেলেছিয়াম হাইড্ৰ’ অক্সাইড) বা চক (কেলেছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব।

প্ৰশ্নাৱলী-

1. যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি ?

উত্তৰঃ CaOCl₂-ৰ সাধাৰণ নাম হ’ল-  ব্লিচিং পাউদাৰ ।

2. ক্ল’ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰঃ কেলচিয়াম হাইড্ৰ’ক্সাইড (Ca(OH)₂) ।

3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰঃ ছ’ডিয়াম কাৰ্ব’নেট বা ৱাছিং ছ’ডা।

4. ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।

উত্তৰঃ ছডিয়াম হাইড্ৰজেন কার্বনেট উত্তপ্ত কৰিলে ছ’ডিয়াম কার্বনেট, পানী আৰু কার্বন-ডাই-অক্সাইড উৎপন্ন হয়।

বিক্ৰিয়াৰ সমীকৰণটো হ’লঃ 2 NaHCO₃ → Na₂CO₃ + H₂O + CO₂

5. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল-

অনুশীলনী-

1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত Pᴴ হ’ব পাৰে–

(a) 1        (b) 4        (c) 5      (d) 10

উত্তৰঃ (d) 10

2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে—

(a) NaCl    (b) HCI    (c) LiCI    (d) KCI

উত্তৰঃ (b) HCI

3. NaOH দ্ৰৱ এটাৰ 10 mL এ HCI দ্ৰৱএটাৰ 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্রৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব—

(a) 4mL    (b) 8m L    (c) 12mL      (d) 16mL

উত্তৰঃ (d) 16mL

4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?

(a) এন্টিবায়টিক (b) বেদনানাশক (analgesic) (c) অম্লনাশক (d) বীজাণুবাৰক (antiseptic)

উত্তৰঃ (c) অম্লনাশক

5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।

উত্তৰঃ যিংক + ছালফিউৰিক এছিড → যিংক ছালফেট + হাইড্ৰ’জেন গেছ

Zn (s) + H₂SO₄ (aq) → ZnSO₄ (aq) + H₂ (g)

(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।

উত্তৰঃ মেগনেছিয়াম + হাইড্ৰ’ক্ল’ৰিক এছিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ

Mg (s) + 2HCl (aq) → MgCl₂ (aq) + H₂ (g)

(c) লঘু ছালফিউৰিক এছিড়ে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।

উত্তৰঃ এলুমিনিয়াম + ছালফিউৰিক এছিড → এলুমিনিয়াম ছালফেট + হাইড্ৰ’জেন গেছ

2Al (s) + 3H₂SO₄ (aq) → Al₂(SO₄)₃ (aq) + 3H₂ (g)

(d) লঘু হাইড্রক্ল’ৰিক এছিড়ে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।

উত্তৰঃ লো + হাইড্ৰ’ক্ল’ৰিক এছিড → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ

Fe (s) + 2HCl (aq) → FeCl₂ (aq) + H₂ (g)

6. এলকহল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?

উত্তৰঃ পাতিত পানীত আয়ন নথকাৰ বাবে বিদ্যুৎ পৰিবাহী কৰিব নোৱাৰে, আনহাতে বৰষুণৰ পানীত দ্ৰৱীভূত লৱণৰ উপস্থিতিৰ বাবে আয়ন থকাৰ বাবে বিদ্যুৎ পৰিবাহী হয়।

৪. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্ৰদৰ্শন নকৰে কিয়?

উত্তৰঃ পানীৰ অনুপস্থিতিত এছিডে হাইড্ৰ’জেন আয়ন উৎপন্ন কৰিব নোৱাৰে। গতিকে পানীৰ অনুপস্থিতিত এছিডে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে।

9. পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্ব্বজনীন সূচকেৰে পৰীক্ষা কৰাত pᴴ ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রৱ—

(a) প্রশম   (b) তীব্র ক্ষাৰকীয়   (c) তীব্র আম্লিক    (d) মৃদু আম্লিক

হাইড্ৰ’জেন  আয়নৰ গাঢ়তাৰ বৰ্ষিত ক্ৰমত pᴴ মানবোৰ সজোৱা ।

উত্তৰঃ (a) D – 7= প্রশম

(b) C – 11= তীব্র ক্ষাৰকীয়

(c) B – 1= তীব্র আম্লিক

(d) A – 4= মৃদু আম্লিক  

(e) E – 9= মৃদু ক্ষাৰকীয় 

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ ক্ৰমিক বৃদ্ধিৰ ওপৰত ভিত্তি কৰি pᴴ ৰ মান হ’ব: 11 <9 <7 <4 <1

10. পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল এত হাইড্ৰ’ক্ল’ৰিক এছিড (HCI) আৰু পৰীক্ষানল Bত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয় ?

উত্তৰ: পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰনি ওলাব, কাৰণ পৰীক্ষা নল A ত HCL যোগ কৰা হৈছে যি হৈছে তীব্ৰ এছিড আৰু এছিডদিক এছিড হল HCL এচিডৰ তুলনাত কম তীব্ৰ ।গতিকে আছিদিক এচিডৰ তুলনাত HCL এছিড বেছি বেগেৰে বিক্ৰিয়া কৰিব।যাৰ ফলত পৰীক্ষা নল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব।

11. কেঁচা গাখীৰৰ pᴴ ৰ মান 6। ই দৈত পৰিণত হ’লে pᴴ সলনি হ’বনে? ব্যাখ্যা কৰা।

উত্তৰ: কেঁচা গাখীৰৰ pH ৰ মান 6 ।ই দৈত পৰিণত হলে pH ৰ মান সলনি হব।কাৰণ গাখীৰ খিনি দৈত পৰিণত হলে গাখীৰ খিনিয়ে আম্লিকতাৰ ধৰ্ম দেখুৱাব সেয়ে pH ৰ মান 6 তকৈ কমিব।

12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে। (a) কিয় তেওঁ কেঁচা গাখীৰৰ pᴴ ৰ মান 6 ৰ পৰা সামান্যভাবে ক্ষাৰকীয় কৰি ল’লে? (b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয় ?

উত্তৰ: a) কেঁচা গাখীৰ খিনি যাতে সহজতে দৈত পৰিণত নহয় তাৰ লক্ষ্য ৰাখি তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ললে।
b) এই গাখীৰ খিনি দৈত পৰিণত হওঁতে বেছি সময় লাগে কাৰণ গাখীৰ খিনিত ক্ষাৰকীয় মান বৃদ্ধি পালে।

13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

উত্তৰ: প্লাষ্টৰ অৱ পেৰিছক জলী বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কাৰণ প্লাষ্টাৰ অৱ পাৰিছে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি টান গোটা পদাৰ্থ জিপচামলৈ পৰিবৰ্তন হয়।

14. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

উত্তৰ: এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় ।এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে।
প্ৰশমন বিক্ৰিয়াৰ দুটা উদাহৰণ হল:
i)NaOH(aq) + HCL(aq)——NaCl(aq)+H2O(l)
ii)2Mg(OH)2+HCL——MgCl2+H2O
কাপোৰ ধোৱা ছ’ ডাৰ দুটা উদাহৰণ হল:-
i)ছ ‘ ডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয়।
ii)পানীৰ স্থায়ী কঠিনতা দুৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
বেকিং ছ’ ডাৰ দুটা ব্যবহাৰ হল:-
i)অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়।
ii) বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

Scroll to Top