আমাৰ চাৰিওকাষৰ বস্তুবোৰ
প্ৰশ্নাৱলীঃ
১. তলৰ কোনবোৰ পদাৰ্থ ?
চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।
উত্তৰঃ পদাৰ্থবোৰ হ’ল – চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়, সুগন্ধী দ্ৰব্যৰ সুবাস।
২. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।
উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
উত্তৰঃ গৰম, উতলি থকা খাদ্যৰ গোন্ধ কেইবা মিটাৰ দূৰলৈ যায় কাৰণ গৰম খাদ্যৰ কণিকাৰ গতিশক্তি বেছি আৰু সেয়েহে ঠাণ্ডা খাদ্যৰ কণাতকৈ প্ৰসাৰণৰ হাৰ বেছি।
এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?
প্ৰশ্নাৱলীঃ
পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমানকে ঘনত্ব বোলে । (ঘনত্ব = ভৰ/আয়তন) । তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা- বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁঁৱা. মৌ, পানী, চকমাটি, কপাহ আৰু লো ।
3. এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?
প্ৰশ্নাৱলীঃ
1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। ঘনত্ব = ভৰ /আয়তন তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা – বায়ু, চিমনিৰ পৰা ওলোৱা ধোৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
2. 2. (a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।
(b) তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া —
দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্রবাহীতা (fluidity),আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)
3. কাৰণ দৰ্শোৱা 一
(a) কোনে এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।
b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।
c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি।
d) বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
4. 8. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে, কিয় বাৰু?
প্ৰশ্নাৱলীঃ
1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা 一
(a) 300 k (b) 573 k
2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব?
(a) 250°C (b) 100°C
3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?
4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
প্ৰশ্নাৱলীঃ
1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
3. হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয়?
4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?
5. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?
অনুশীলনীঃ
1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা 一
(a) 293 k (b) 470 k
2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা一
(a) 25°C (b) 373°C
3. কাৰণ দৰ্শোৱাঃ
(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা 一 পানী, চেনি আৰু অক্সিজেন।
5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?
(a) 25°C (b) 0°C (c) 100°C
6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা 一
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।
7. 273 k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয়?
8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।