কোনে
কবিতাটিৰ মূল ভাব / সাৰাংশ:
‘কোনে’ কবিতাটি অসমৰ বিশিষ্ট শিশু-সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ এটি শিশু-মনস্তত্ত্বমূলক সুন্দৰ কবিতা। শিশুৰ মন সদায় কৌতূহলেৰে ভৰা। চাৰিওফালৰ জগতখন দেখি শিশুৰ মনত নানা ধৰণৰ প্ৰশ্নৰ উদয় হয়।
কবিয়ে ইয়াত কৈছে যে ঘৰ, মেজ, চকী আদি মানুহে (মিস্ত্ৰিয়ে) সাজে আৰু পিন্ধা কাপোৰ-চোলাবোৰ বজাৰৰ পৰা দেউতাই কিনি আনি দিয়ে। কিন্তু এই বিশাল ধুনীয়া আকাশখন কোনে সজাই তাত তৰাবোৰ আঁকি দিলে? ফুলবোৰে ইমান ধুনীয়া ৰঙা-নীলা চোলা (পাপৰি) ক’ৰ পৰা পালে? তেওঁলোকক কোনে এই চোলাবোৰ কিনি দিয়ে? কবিয়ে কৈছে যে এই অনুপম সৃষ্টিৰ মূল খনিকৰজনক (প্ৰকৃতি বা ভগৱানক) কেতিয়াবা লগ পালে তেওঁ এই কৌতূহলপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিব।
ক্ৰিয়া-কলাপ (পাঠভিত্তিক অনুশীলনী)
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা:
(ক) ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে?
উত্তৰ: ঘৰবোৰ মিস্ত্ৰিয়ে সাজে বুলি কবিয়ে কৈছে।(খ) মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে আন কি কি সাজে?
উত্তৰ: মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে মেজ, চকী, খিৰিকী, দুৱাৰ আদি কাঠৰ নানা লাগতিয়াল আচবাব আৰু সামগ্ৰী সাজে।(গ) কবিৰ দেউতাকে চোলাবোৰ ক’ৰপৰা আনি দিয়ে?
উত্তৰ: কবিৰ দেউতাকে চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে।(ঘ) আকাশ গঢ়োঁতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন?
উত্তৰ: আকাশ গঢ়োঁতা খনিকৰজনক চিনি পালে কবিয়ে সুধিলেহেঁতেন যে পৃথিৱীৰ ইমানবোৰ ফুলক ৰঙা-নীলা চোলাবোৰ কোনে কিনি দিয়ে।(ঙ) কবিয়ে আকাশ গঢ়োঁতা খনিকৰ বুলি কাক বুজাইছে?
উত্তৰ: কবিয়ে আকাশ গঢ়োঁতা খনিকৰ বুলি বিশ্ব-ব্ৰহ্মাণ্ডৰ স্ৰষ্টা ভগৱানক (বা মহান প্ৰকৃতিক) বুজাইছে।
২। কবিৰ মনত উদয় হোৱা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কাষত ‘✓’ চিন দিয়া:
(ক) ধুনীয়া আকাশখন কোনে সাজে? — [ ✓ ]
(খ) চোলাবোৰ বজাৰৰপৰা কোনে আনি দিয়ে? — (উত্তৰ আছে: দেউতাই আনি দিয়ে)
(গ) ধুনীয়া আকাশখনত কোনে তৰা আঁকি দিয়ে? — [ ✓ ]
(ঘ) ফুলবোৰে ৰঙা-নীলা চোলাবোৰ ক’ত পায়? — [ ✓ ]
(ঙ) আকাশ গঢ়োঁতা খনিকৰজন কোন? — [ ✓ ]
(চ) ফুলবোৰক চোলা কোনে কিনি দিয়ে? — [ ✓ ]
ভাষা-অধ্যয়ন (ভাষাজ্ঞান আৰু ব্যাকৰণ)
৩। যুক্তাক্ষৰ চিনাকি আৰু পাঠ:
মিস্ত্ৰি শব্দত থকা যুক্তাক্ষৰটো হ’ল ‘স্ত্ৰ’।
(স্ত্ৰ = স + ত + ৰ বা ৰ-ফলা)
■ ‘স্ত্ৰ’ যুক্ত আন কেইটিমান শব্দ:
নিৰস্ত্ৰ
ইস্ত্ৰি
বস্ত্ৰ
শাস্ত্ৰ
শাস্ত্ৰী
অস্ত্ৰ
স্ত্ৰী
৪। কবিতাটোত থকা একবচন আৰু বহুবচন শব্দবোৰ লিখোঁ আহা:
একবচন (এটা বুজোৱা শব্দ) | বহুবচন (এটাতকৈ অধিক বুজোৱা শব্দ) |
|---|---|
চোলা | চোলাবোৰ |
মেজ | মেজবোৰ |
চকী | চকীবোৰ |
ঘৰ | ঘৰবোৰ |
তৰা | তৰাবোৰ |
ফুল | ফুলবোৰ |
মোৰ | আমাৰ |
৫। ‘সজা’ আৰু ‘গঢ়া’ কাৰ্যৰ তালিকা পূৰণ:
বিভিন্ন উপাদান একত্ৰিত কৰি কোনো বস্তু নিৰ্মাণ কৰা কামক ‘সজা’ বোলে। আনহাতে, কেঁচা উপাদানক বিশেষ সাঁচত পেলাই হাতৰ কলাত্মক পৰশেৰে এক নতুন ৰূপ দিয়া বা চৰিত্ৰৰ বিকাশ ঘটোৱা কাৰ্যক ‘গঢ়া’ বোলে।
কি কি ‘সাজে’ | কি কি ‘গঢ়ে’ |
|---|---|
১) মিস্ত্ৰিয়ে ঘৰ সাজে। | ১) খনিকৰে আকাশ গঢ়ে। |
২) ল’ৰাবোৰে মেজি সাজে। | ২) সোণাৰীয়ে অলংকাৰ গঢ়ে। |
৩) ৰাইজে বাঁহৰ দলং সাজে। | ৩) কঁহাৰে বাচন-বৰ্তন গঢ়ে। |
৪) শিশুৱে বালিঘৰ সাজে। | ৪) কুমাৰে মাটিৰ বাচন-বৰ্তন গঢ়ে। |
৫) উৎসৱৰ তোৰণ সাজে। | ৫) মহাপুৰুষৰ আদৰ্শেৰে চৰিত্ৰ গঢ়ে। |
৬) টোকোৰা চৰায়ে বাহ সাজে। | |
৭) মাঘ বিহুত ভেলাঘৰ সাজে। |
৬। ‘হেনো’ আৰু ‘বাৰু’ শব্দৰ ব্যৱহাৰ আৰু অৰ্থ:
‘হেনো’ শব্দই সম্ভাৱনা বুজায়; কথাটো নিশ্চিত নহয়।
উদহৰণ: তোমাৰ খুৰাৰা হেনো কাইলৈ আহিব। আমালৈ হেনো লিচু আনিব।‘বাৰু’ শব্দই সন্মতি, শলাগ বা প্ৰশ্নত কোমল ভাব সূচায়।
উদহৰণ: আপোনাৰ কথাটো ভাবি চাম বাৰু। ল’ৰাজনৰ নাম কি আছিল বাৰু?
৭। ‘—ওঁতা’ প্ৰত্যয় যোগ হৈ শব্দ গঠন:
গঢ় + ওঁতা = গঢ়োঁতা
লিখ্ + ওঁতা = লিখোঁতা
পঢ়্ + ওঁতা = পঢ়োঁতা
কৰ্ + ওঁতা = কৰোঁতা
খা + ওঁতা = খাওঁতা
চা + ওঁতা = চাওঁতা
দি + ওঁতা = দিওঁতা
শুন + ওঁতা = শুনোঁতা
জ্ঞান-সম্প্ৰসাৰণ
৮। আঁচ টনা শব্দ সলনি কৰি নিজৰ শব্দৰে পদ্য পূৰণ:
মূল পদ্য:
মোৰ চোলাবোৰ বজাৰৰ পৰা
আনি দিয়ে দেউতাই,
ফুলবোৰে বাৰু ৰঙা-নীলা এই
চোলাবোৰ ক’ত পায়?
(নমুনা ১):
মোৰ কিতাপবোৰ বজাৰৰ পৰা
আনি দিয়ে আইতাই,
চৰাইবোৰে বাৰু মিঠা-সুৰীয়া এই
গীতবোৰ ক’ত পায়?
(নমুনা ২):
মোৰ খেলনাবোৰ বজাৰৰ পৰা
আনি দিয়ে দদাই,
পখিলাবোৰে বাৰু ৰং-বিৰঙী এই
পাখিবোৰ ক’ত পায়?
৯। কামৰ লগত বৃত্তি বুজোৱা শব্দ মিলোৱা:
কৰিবলগীয়া কাম | বৃত্তি / বৃত্তধাৰী ব্যক্তি |
|---|---|
১) জোতা চিলোৱাবলৈ | মুচী |
২) ৰোগৰ চিকিৎসা কৰাবলৈ | চিকিৎসক (Doctor) |
৩) কাপোৰ চিলোৱাবলৈ | দৰ্জী (Tailor) |
৪) মাটিৰ পাত্ৰ গঢ়াবলৈ | কুমাৰ (Potter) |
৫) বাঁহ-কাঠৰ সামগ্ৰী সজোৱাবলৈ | বাঢ়ৈ (Carpenter) |
১০। হাতৰ আখৰ (সুন্দৰকৈ লিখা):
“কামৰ সৰু-বৰ নাই। সকলো কাম সমান।”
১১। পাহিৰ আইতাকৰ উণ গোঁঠাৰ দফাটো পঢ়ি প্ৰশ্নৰ উত্তৰ:
(ক) পাহিৰ আইতাক কি কামত পাকৈত?
উত্তৰ: পাহিৰ আইতাক উণ গোঁঠাত পাকৈত।(খ) গাঁৱৰ ডালিমী খুৰীয়েকহঁত আইতাকৰ ওচৰলৈ কিয় আহে?
উত্তৰ: ডালিমী খুৰীয়েকহঁতৰ আত্মসহায়ক গোটৰ সদস্যসকলে পাহিৰ আইতাকৰ ওচৰলৈ উণ গোঁঠা শিকিবৰ বাবে আহে।(গ) উণেৰে ছুৱেটাৰৰ বাহিৰে আৰু কি কি গুঁঠিব পাৰি?
উত্তৰ: উণেৰে ছুৱেটাৰৰ বাহিৰে টুপি, মোজা, মাফলাৰ, হাতমোজা (গ্লভছ) আৰু গাত লোৱা চাদৰ বা শ্বল আদি গুঁঠিব পাৰি।(ঘ) পাহিয়ে কিয় মেচিন কিনিবলৈ কৈছে?
উত্তৰ: উণ গোঁঠা মেচিন কিনিলে কম সময়ৰ ভিতৰতে অধিক সংখ্যক ছুৱেটাৰ গুঁঠিব পৰা যাব আৰু তেওঁলোকৰ আয় বা উপাৰ্জনো বাঢ়িব বাবে পাহিয়ে মেচিন কিনিমলৈ কৈছে।(ঙ) উণৰ কাম নকৰি তেওঁলোকে আন কি কি কাম কৰিব পাৰিলেহেঁতেন?
উত্তৰ: উণৰ কাম নকৰি তেওঁলোকে তাঁত-শালত কাপোৰ বোৱা, বাঁহ-বেতৰ সামগ্ৰী সজা, খাদ্য-সামগ্ৰী (যেনে আচাৰ, জাম-জেলি, পিঠা-লাড়ু) প্ৰস্তুত কৰা, চিলাই কাম কৰা অথবা শাক-পাচলি আৰু ফল-মূলৰ খেতি কৰিব পাৰিলেহেঁতেন।
১২। উপযুক্ত যতি চিন ব্যৱহাৰ কৰি পুনৰ লিখা:
(ক) আইতাকে গোঁঠা ছুৱেটাৰটো কিমান যে ধুনীয়া
উত্তৰ: আইতাকে গোঁঠা ছুৱেটাৰটো কিমান যে ধুনীয়া!(খ) এদিন তাই ডালিমী খুৰীয়েকক সুধিলে তোমালোকে কিয় ঊণ-গোঁঠা শিকিছা বাৰু
উত্তৰ: এদিন তাই ডালিমী খুৰীয়েকক সুধিলে, “তোমালোকে কিয় ঊণ-গোঁঠা শিকিছা বাৰু?”
১৩। শুনি শুনি লিখা (শ্ৰুতলিপিৰ বাবে আৰ্হি পাঠ):
“সকলো কামৰে মৰ্যাদা আছে। কামৰ কোনো সৰু বা বৰ নাই। নিজৰ হাতেৰে কাম কৰি জীৱিকা নিৰ্বাহ কৰাটো এক মহৎ গুণ। আমি সকলো বৃত্তিকে শ্ৰদ্ধা কৰিব লাগে।”
প্ৰকল্প কাৰ্য
১৪। ভেণ্ডিৰে ব্লকম সাঁচ / ছাপ দিয়া প্ৰকল্প:
উপকৰণ: এটা কেঁচা ভেণ্ডি, পানী ৰং (Water colour/Fabric colour), বগা কাগজ বা কাপোৰ।
কৌশল: ভেণ্ডিটো মাজতে তিৰ্যকভাৱে বা চিধাকৈ কাটিলে তাৰ ভিতৰত সুন্দৰ ফুলৰ দৰে নক্সা ওলাই পৰে। কটা অংশটো ৰঙত ডুবাই চোলাৰ ছবিত বা কাগজত সাঁচ বহুৱাই দিলে সুন্দৰ প্ৰাকৃতিক নক্সা প্ৰস্তুত হয়।