ঘূৰণীয়া বস্তু আৰু বৃত্তৰ ধাৰণা (পৃষ্ঠা নং ১০৬-১০৭)
প্ৰশ্ন ১: জুহিহঁতৰ খোৱা মেজত আৰু আমাৰ চৌপাশে দেখা ঘূৰণীয়া বস্তুবোৰ কি কি?
ঘূৰণীয়া কাঁহী / বাটি
মেজত দেখা ঘূৰণীয়া বস্তু: কাঁহী, বাটি, ৰুটি, লাডু, পেঁৰা, গিলাচৰ মুখ, চাহৰ কাপ আদি।
চৌপাশে দেখা ৪ বিধ ঘূৰণীয়া বস্তু: খাৰু, ঘড়ী, গাড়ীৰ চকা, আৰু ধাতুৰ মুদ্ৰা (Coin)
প্ৰশ্ন ২: বৃত্ত (Circle) কাক বোলে? (পৃষ্ঠা নং ১০৭):
• কাগজৰ ওপৰত খাৰুপাত বা ঘূৰণীয়া বস্তু থৈ চাৰিওফালে পেঞ্চিলেৰে আঁকিলে যিটো বন্ধ ঘূৰণীয়া সমতলীয় আকৃতি পোৱা যায়, তাকে বৃত্ত (Circle) বোলে।
কেন্দ্ৰ, ব্যাস আৰু ব্যাসাৰ্ধৰ পৰিচয় (পৃষ্ঠা নং ১০৭-১০৯)
প্ৰশ্ন: বৃত্তৰ কেন্দ্ৰ, ব্যাস আৰু ব্যাসাৰ্ধ বুলিলে কি বুজা? ইহঁতৰ মাজৰ সম্পৰ্ক কি?
কেন্দ্ৰ ব্যাস ব্যাসাৰ্ধ
বৃত্তৰ অংশসমূহ
কেন্দ্ৰ (Centre): বৃত্তটোৰ ঠিক সোঁমাজত থকা নিৰ্দিষ্ট বিন্দুটোকে বৃত্তৰ কেন্দ্ৰ বোলে।
ব্যাস (Diameter): বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা আৰু পৰিধিৰ দুটা বিপৰীত বিন্দু সংযোগ কৰা সৰলৰেখাখণ্ডক ব্যাস বোলে। এটা বৃত্তত অসংখ্যডাল ব্যাস আঁকিব পাৰি আৰু আটাইবোৰ ব্যাসৰ দৈৰ্ঘ্য সমান।
ব্যাসাৰ্ধ (Radius): বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা যিকোনো ৰেখাখণ্ডক ব্যাসাৰ্ধ বোলে।

ব্যাস আৰু ব্যাসাৰ্ধৰ সম্পৰ্ক (পৃষ্ঠা নং ১০৯):
বৃত্তৰ ব্যাসৰ জোখ ব্যাসাৰ্ধৰ ➔ দুগুণ (ব্যাস = ২ × ব্যাসাৰ্ধ)।
বৃত্তৰ ব্যাসাৰ্ধৰ জোখ ব্যাসৰ ➔ আধা (ব্যাসাৰ্ধ = ব্যাস ÷ ২)।
চিন্তা কৰা আৰু জোখ নিৰ্ণয় (পৃষ্ঠা নং ১০৯-১১০)
প্ৰশ্ন ১: চিন্তা কৰা আৰু উত্তৰ দিয়া:
বৃত্ত এটাত কিমানডাল ব্যাসাৰ্ধ আঁকিব পাৰি?অসংখ্যডাল (Infinitely many)
সকলো বৃত্তৰ ব্যাসাৰ্ধৰ জোখ একে হয়নে?নহয়। বৃত্তৰ আকাৰ ডাঙৰ হ'লে ব্যাসাৰ্ধৰ জোখ বেছি হয় আৰু সৰু হ'লে কম হয়।
প্ৰশ্ন ২: বিভিন্ন বৃত্তৰ ব্যাস নিৰ্ণয় (পৃষ্ঠা নং ১১০):
• যদি এটা ঘড়ীৰ ব্যাসাৰ্ধ ২ চেমি হয়, তেন্তে তাৰ ব্যাস = ২ × ২ = ৪ চেমি
• যদি চকা এটাৰ ব্যাসাৰ্ধ ২০ চেমি হয়, তেন্তে তাৰ ব্যাস = ২০ × ২ = ৪০ চেমি
• যদি খাৰু এপাতৰ ব্যাসাৰ্ধ ৩ চেমি হয়, তেন্তে তাৰ ব্যাস = ৩ × ২ = ৬ চেমি
পেঞ্চিল কম্পাছেৰে বৃত্ত অংকন আৰু চানেকি (পৃষ্ঠা নং ১১০-১১১)
প্ৰশ্ন: পেঞ্চিল কম্পাছৰ সহায়ত বৃত্ত আৰু চানেকি কেনেকৈ অংকন কৰা হয়?
পেঞ্চিল কম্পাছেৰে বৃত্ত অংকন
প্ৰাৰ্থনাৰ বৃত্তীয় চানেকি
• জ্যামিতি বাকচত থকা সঁজুলিবিধৰ নাম হ'ল পেঞ্চিল কম্পাছ (Compass)
• পেঞ্চিল কম্পাছৰ জোঙা মূৰটো কাগজত য'ত স্থিৰকৈ ৰখা হয়, সেই ফুটটোৱেই হ'ল বৃত্তটোৰ কেন্দ্ৰ
• একে ব্যাসাৰ্ধৰ একাধিক বৃত্ত পৰস্পৰৰ কেন্দ্ৰৰ ওপৰত অংকন কৰি ফুল আৰু বিভিন্ন আটকধুনীয়া বৃত্তীয় চানেকি (Circular Patterns) তৈয়াৰ কৰিব পাৰি।
Scroll to Top