সৰুকণ খনিকৰৰ ঘৰলৈ এদিন আলহী আহিল। আলহীক শ’ল বা বৰালি মাছেৰে ভাত এসাঁজ খুৱাবলৈ বুলি সৰুকণে পিঠীয়া (জাপি) মূৰত লৈ আৰু খালৈ লগত লৈ বিললৈ বৰশী বাবলৈ গ’ল। বৰশী বাই তেওঁ এঘাৰটা সৰু পুঠি মাছ পালে যদিও ডাঙৰ মাছ এটা ধৰাৰ আশাত ৰৈ থাকিল। কিন্তু ভাগৰত সৰুকণ টোপনিত লালকাল দিয়াৰ সুযোগ লৈ গছত চোপ লৈ থকা এহাল বগলীয়ে খালৈৰ আটাইকেইটা পুঠি মাছ খাই খালৈটো উদং কৰি পেলালে। শেষত বেলি মাৰ যোৱাত সৰুকণ খালি হাতেৰে ঘৰলৈ উভতিবলগীয়া হ’ল।
| শব্দ | অৰ্থ |
|---|---|
| গাধৈ | ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ ওলাই থকা অংশ |
| পিঠীয়া | পিঠিত বৰষুণ নপৰিবলৈ লোৱা দীঘলীয়া জাপি |
| খালৈ | বাঁহেৰে সজা মাছ থোৱা এবিধ পাত্ৰ |
| চোপ লোৱা | সুযোগ বিচাৰি খাপ পিটি থকা |
| টুপাই | বৰশীত কেঁচু আদি টোপ লগোৱা কাৰ্য |
| প্ৰকাণ্ড | অতি ডাঙৰ / বিশাল |
| টোপনিত লালকাল | অচেতন হৈ গভীৰ টোপনিত পৰা |
(ক) সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল?
উত্তৰ: সৰুকণে মূৰত পিঠীয়া লৈ মাছলৈ গৈছিল।
(খ) সাধুটোত পোৱা মাছকেইবিধৰ নাম কি কি?
উত্তৰ: সাধুটোত পোৱা মাছকেইবিধৰ নাম হ’ল— শ'ল, বৰালি আৰু পুঠি মাছ।
(গ) সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল?
উত্তৰ: ঘৰলৈ অহা আলহীক তৃপ্তিৰে খুৱাবলৈ এটা প্ৰকাণ্ড শ'ল বা বৰালি মাছ ধৰাৰ আশা লৈ সৰুকণে বৰশী বাবলৈ গৈছিল।
(ঘ) সৰুকণে বৰশী বাই কেইটা পুঠিমাছ পাইছিল?
উত্তৰ: সৰুকণে বৰশী বাই এঘাৰটা (11 টা) পুঠিমাছ পাইছিল।
(ঙ) বগলীকেইটাই কিয় চোপ লৈ আছিল?
উত্তৰ: সৰুকণৰ খালৈত থকা পুঠিমাছকেইটা সুবিধা বুজি খাই উদং কৰাৰ বাবে বগলী এহালে গছৰ ডালত চোপ লৈ আছিল।
| শব্দ | শুদ্ধ অৰ্থ |
|---|---|
| গাধৈ | ➔ ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ |
| পিঠীয়া | ➔ পিঠিত লোৱা জাপি |
| খালৈ | ➔ মাছ থোৱা এবিধ পাত্ৰ |
| চোপ লোৱা | ➔ খাপ দিয়া |
| টুপাই | ➔ বৰশীত টোপ লগোৱা কাৰ্য |
• বিল : আমাৰ গাঁৱৰ কাষত পদুম ফুলেৰে ভৰি থকা এখন ধুনীয়া বিল আছে।
• আলহী : ঘৰলৈ আলহী আহিলে আমি আদৰ-সাদৰ আৰু শুশ্ৰূষা কৰিব লাগে।
• খালৈ : সৰুকণে মাছ থ’বলৈ কঁকালত বাঁহৰ খালৈ এটা বান্ধি লৈছিল।
• প্ৰকাণ্ড ➔ ণ্ড = ণ্ + ড (অন্য শব্দ: খণ্ড, দণ্ড, ঠাণ্ডা, কাণ্ড, পণ্ডিত)
• ঘণ্টা ➔ ণ্ট = ণ্ + ট (অন্য শব্দ: কণ্টক, বণ্টন, বেডমিন্টন, আটলান্টিক)
• মই অমিতা আনিছোঁ।
• তুমি অমিতা আনিছা।
• আপুনি অমিতা আনিছে।
• তেওঁ অমিতা আনিছে।
• তই অমিতা আনিছ।
• সৰুকণে বৰশী বাই আছে।
• মই বৰশী বাই আছোঁ।
• তুমি বৰশী বাই আছা।
• আমি বল খেলোঁ।
• তোমালোকে বল খেলা।
• সিহঁতে বল খেলে।
| বাকলি থকা মাছ | বাকলি নথকা মাছ |
|---|---|
| পুঠি, ৰৌ, বাহু (ভকুৱা) | বৰালি, শিঙি, মাগুৰ |
| মিৰিকা, কাৱৈ, খলিহনা | টেঙৰা, আৰি, কুচিয়া |
(ক) বৰশীৰ বাহিৰে মাছ ধৰা আন কি কি সঁজুলি আছে?
উত্তৰ : জাল (খেৱালি জাল, লাঙি জাল), পল’, জাকৈ, জুলুকী, চেপা, থোহা আৰু বান।
(খ) বগলীৰ বাহিৰে আন কি কি চৰায়ে মাছ ধৰি খায়?
উত্তৰ : মাছৰোকা, পানী কাউৰী, চিলা, কণামুচৰি আৰু শেন চৰায়ে।
ক) খাদ্য-তালিকা মতে আজিৰ খাদ্য কি আছিল?
উত্তৰ : সেউজীয়া শাক-পাচলি আৰু দাইল।
খ) ৰান্ধনীয়ে পাচলি ক'ৰপৰা তুলি আনি ৰান্ধিছিল?
উত্তৰ : বিদ্যালয়ৰ 'পোষণ বাগিচা'ৰ পৰা।
গ) ৰান্ধনীয়ে বাগিচাখনৰ পৰা কি কি পাচলি তুলি আনিছিল?
উত্তৰ : পুৰৈ শাক, ভেণ্ডি আৰু ধুন্দুলি।
ঘ) তেওঁলোকে কিয় ৰ'দত বহি খোৱাৰ কথা আলচ কৰিছিল?
উত্তৰ : সেইদিনা বৰ ঠাণ্ডা পৰাৰ বাবে।
ঙ) তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কি সুধিবলৈ থিৰাং কৰিছিল?
উত্তৰ : ফলকত দেখা 'কেলৰি' (Calorie) শব্দটোৰ অৰ্থ কি, সেই বিষয়ে।
১. পুখুৰী | ২. বিল | ৩. নদী / জান-জুৰি | ৪. সাগৰ | ৫. খাল / দ-পথাৰ