সংযোগৰ সাঁকো

১। তলত দিয়া শব্দবোৰৰ অৰ্থ বাছি উলিওৱা:

  • বক্তৃতা = সভাত কোৱা কথা

  • সংগ্ৰহ = গোটোৱা

  • আমন্ত্ৰণ = নিমন্ত্ৰণ

  • প্ৰস্থান = যোৱা কাৰ্য

  • সাঁকো = দলং

২। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিওৱা:

  • “মইনা পাৰিজাতৰ খবৰটো পালানে নাই?”— কথাষাৰ কোনে কৈছিল?

    • উত্তৰ: (ঘ) লক্ষ্মীৰ দেউতাকে

  • মইনা পাৰিজাতে আয়োজন কৰা বক্তৃতা প্ৰতিযোগিতাৰ বিষয় কি আছিল?

    • উত্তৰ: (ক) জনসংযোগ

  • “সকলোৱে হাত চাপৰি বজোৱা।”— শিক্ষয়িত্ৰীগৰাকীয়ে কথাষাৰ কিয় কৈছিল?

    • উত্তৰ: (খ) লক্ষ্মীয়ে পুৰস্কাৰ পোৱাৰ বাবে

৩। কোৱা আৰু লিখা:

(ক) শিক্ষয়িত্ৰী বাইদেৱে লক্ষ্মীহঁতক কি লিখি আনিবলৈ কৈছিল? 
উত্তৰ: শিক্ষয়িত্ৰী বাইদেৱে লক্ষ্মীহঁতক কিছুমান বাতৰি-কাকত আৰু আলোচনীৰ নাম লিখি আনিবলৈ কৈছিল।

(খ) প্ৰকল্পৰ বাবে সমল বিচাৰি লক্ষ্মী ক’লৈ গৈছিল?
উত্তৰ: প্ৰকল্পৰ বাবে সমল বিচাৰি লক্ষ্মী মদন মোমায়েকহঁতৰ ঘৰলৈ গৈছিল।

(গ) বক্তৃতা প্ৰতিযোগিতাৰ শেষৰগৰাকী প্ৰতিযোগী কোন আছিল?
উত্তৰ: বক্তৃতা প্ৰতিযোগিতাৰ শেষৰগৰাকী প্ৰতিযোগী আছিল চতুৰ্থ শ্ৰেণীৰ বিশেষভাৱে সক্ষম ছাত্ৰী লক্ষ্মী মুণ্ডা।

(ঘ) “আজি মই তোমালোকক এটা ভাল খবৰ দিম।”— ভাল খবৰটো কি আছিল?
উত্তৰ: ভাল খবৰটো আছিল যে মইনা পাৰিজাতৰ বক্তৃতা প্ৰতিযোগিতাত লক্ষ্মীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছে।

(ঙ) জনসংযোগ বুলিলে কি বুজা?
উত্তৰ: কোনো সংস্থা, অনুষ্ঠান-প্ৰতিষ্ঠান বা কোম্পানী আদিৰ জৰিয়তে মানুহৰ লগত মানুহৰ সংযোগ বা যোগাযোগ স্থাপন কৰাৰ প্ৰক্ৰিয়াটোকেই জনসংযোগ বোলে।

৪। ভাবি কোৱা আৰু লিখা:

(ক) “সিদিনা তাই কোৱা কথাবোৰৰ মাজেৰে ৰাইজে হেনো বহু নজনা কথাও জানিলে।”— লক্ষ্মীয়ে কোৱা কথাবোৰৰ মাজেৰে ৰাইজে কি কি নজনা কথা জানিলে?
উত্তৰ: লক্ষ্মীয়ে কোৱা কথাবোৰৰ জৰিয়তে ৰাইজে জানিব পাৰিলে যে জনসংযোগ হৈছে মানুহৰ মাজত যোগাযোগ স্থাপন কৰা এক ব্যৱস্থা। এই ব্যৱস্থাত ব্যৱহৃত বিভিন্ন মাধ্যমসমূহ (যেনে— ৰেডিঅ’, টেলিভিচন, বাতৰি-কাকত, ইণ্টাৰনেট ইত্যাদি) আমাৰ সংযোগৰ সাঁকোস্বৰূপ। লগতে, এই মাধ্যমবোৰৰ সঠিক আৰু সাৱধান ব্যৱহাৰে জীৱন সফল কৰিব পাৰে যদিও ইয়াৰ অপব্যৱহাৰে মানুহক বিপদতো পেলাব পাৰে।

(খ) “এয়া আমাৰ বিদ্যালয়ৰ বাবে গৌৰৱৰ কথা”— ইয়াত গৌৰৱৰ কথাটো কি? এই কথাটোৱে কেনেকৈ বিদ্যালয়ৰ গৌৰৱ বঢ়াইছে?
উত্তৰ: ইয়াত গৌৰৱৰ কথাটো হ’ল— বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী লক্ষ্মী মুণ্ডাই মইনা পাৰিজাতৰ ‘জনসংযোগ’ বিষয়ক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰা। এই সফলতাই সকলোৱে মাজত বিদ্যালয়খনৰ সুখ্যাতি বৃদ্ধি কৰিলে আৰু আন সকলো ছাত্ৰ-ছাত্ৰীক উৎসাহ আৰু অনুপ্ৰেৰণা যোগালে।

৫। দলত আলোচনা কৰি কোৱা:

(ক) মোবাইল ফোন, টেলিভিচন আদিৰ কুপ্ৰয়োগৰ বিষয়ে কোৱা।
উত্তৰ: মোবাইল ফোন আৰু টেলিভিচনৰ কুপ্ৰয়োগৰ ফলত হোৱা কিছুমান সমস্যা হ’ল:

  1. অতিমাত্ৰা ব্যৱহাৰৰ ফলত চকুৰ ক্ষতি হয় আৰু শাৰীৰিক সমস্যা দেখা দিয়ে।

  2. পঢ়া-শুনা আৰু খেলা-ধূলাৰ সময় নষ্ট হয়।

  3. অনুপযুক্ত বা ক্ষতিকাৰক বিষয়বস্তু চাই শিশু আৰু কিশোৰ-কিশোৰী বিপথে পৰিচালিত হোৱাৰ আশংকা থাকে।

(খ) আমি কি কি মাধ্যমৰ জৰিয়তে নিজৰ ভাব বিলাই দিব পাৰোঁ?
উত্তৰ: আমি ৰেডিঅ’, টেলিভিচন, বাতৰি-কাকত, আলোচনী, ইণ্টাৰনেট, সামাজিক মাধ্যম (Social Media), আৰু বিভিন্ন অনলাইন এপৰ জৰিয়তে নিজৰ মনৰ ভাব আনৰ মাজত বিলাই দিব পাৰোঁ।

ভাষা-অধ্যয়ন

৬। (খ) শব্দকেইটা ভাঙি দেখুওৱা আৰু বাক্য গঠন কৰা:

  • ডাৱৰীয়া = ডাৱৰ + ঈয়া

  • বতৰীয়া = বতৰ + ঈয়া

  • জগৰীয়া = জগৰ + ঈয়া

  • আগতীয়া = আগত + ঈয়া

  • অসমীয়া = অসম + ঈয়া

বাক্য ৰচনা:

  • অসমীয়া: আমি অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে শ্ৰদ্ধা কৰোঁ।

  • ডাৱৰীয়া: আজি আকাশখন ডাৱৰীয়া হৈ আছে।

  • বতৰীয়া: বতৰীয়া শাক-পাচলি খোৱা স্বাস্থ্যৰ বাবে ভাল।

৭। (খ) তলত দিয়া দফাটোৰপৰা অতীত কালৰ পদবোৰ বাছি উলিওৱা:

উত্তৰ: দফাটোত থকা অতীত কালৰ ক্ৰিয়াপদবোৰ হ’ল:

  • আহিল

  • খালে

  • কৰিছিল

  • পালে

  • কৰিলে

  • দিলে

জ্ঞান-সম্প্ৰসাৰণ

৮। (খ) ‘টেলিভিছন’ সম্পৰ্কে এটি চমু বক্তৃতা:

[সম্বোধন]: পৰম শ্ৰদ্ধেয় শিক্ষক-শিক্ষয়িত্ৰী আৰু মোৰ মৰমৰ সহপাঠীসকল, সকলোকে মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ।
[বিষয় ঘোষণা]: আজিৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বাবে মোৰ বিষয় হৈছে— ‘টেলিভিছন’।
[মূল বক্তব্য]: টেলিভিছন বা দূৰদৰ্শন বিজ্ঞানৰ এক আশ্চৰ্যকৰ আৱিষ্কাৰ। ই জনসংযোগৰ এক অন্যতম শক্তিশালী দৃশ্য-শ্ৰাব্য মাধ্যম। টেলিভিছনৰ জৰিয়তে আমি ঘৰতে বহি সমগ্ৰ পৃথিৱীৰ বাতৰি, শিক্ষামূলক অনুষ্ঠান, কৃষি-বিজ্ঞান সম্পৰ্কীয় তথ্য আৰু খেলা-ধূলা উপভোগ কৰিব পাৰোঁ। কিন্তু আমি টেলিভিছন ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱা উচিত। অধিক সময় টেলিভিছন চালে পঢ়া-শুনাৰ ক্ষতি হয় আৰু চকুৰ সমস্যা হয়। সেয়েহে আমি কেৱল জ্ঞানবৰ্ধক অনুষ্ঠানসমূহ চাই ইয়াৰ সৎ ব্যৱহাৰ কৰা উচিত।
[সামৰণি]: ইয়াকে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।

৮। (গ) ছবিখন চাই সংলাপ লিখা (মাক আৰু ছোৱালীৰ কথোপকথন):

  • মাক: ৰূপা, বিছনাত শুই শুই এনেকৈ মোবাইল চাই নাথাকিবা, চকুৰ অনিষ্ট হ’ব। সোনকালে হাত-মুখ ধুই পঢ়িবলৈ বহা।

  • ৰূপা: হ’ব মা, মই স্কুলৰ প্ৰকল্পৰ এটা তথ্য বিচাৰি আছিলোঁ। এতিয়াই মোবাইলটো থৈ পঢ়িবলৈ বহিছোঁ।

৯। প্ৰকল্পৰ বাবে তুমি কিদৰে সমল সংগ্ৰহ কৰিলাহেঁতেন?

উত্তৰ: প্ৰকল্পৰ বাবে মই পুৰণি বাতৰি-কাকত আৰু আলোচনী সংগ্ৰহ কৰিলোঁহেঁতেন, গাঁৱৰ পুথিভঁৰালৰ কিতাপ অধ্যয়ন কৰিলোঁহেঁতেন, ঘৰৰ ডাঙৰ-দীঘল আৰু শিক্ষকসকলৰ পৰামৰ্শ ল’লোঁহেঁতেন, আৰু প্ৰয়োজন অনুসৰি ইণ্টাৰনেটৰ সহায় ল’লোঁহেঁতেন।

১০। জৰুৰীকালীন সেৱা আৰু যোগাযোগৰ তালিকা:

ক্ৰমিক নং

সেৱাৰ প্ৰকাৰ

যোগাযোগৰ নম্বৰ / স্থান

আৰক্ষী সেৱা (Police)

১০০ / ১১২ — নিকটৱৰ্তী আৰক্ষী থানা

অগ্নিনিৰ্বাপক সেৱা (Fire Station)

১০১ — অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়

এম্বুলেন্স সেৱা (Ambulance)

১০২ / ১০৮ — নিকটৱৰ্তী চৰকাৰী চিকিৎসালয়

শিশু সুৰক্ষা হেল্পলাইন (Childline)

১০৯৮ — জিলা শিশু সুৰক্ষা কোষ

Scroll to Top