Coorg

Thinking about the Text (Page 93)

  1. Where is Coorg?
    (কুৰ্গ ক’ত অৱস্থিত?)
    Answer: Coorg (or Kodagu) is the smallest district of Karnataka, situated midway between Mysore and the coastal town of Mangalore. It is a land of rolling hills, lush coffee plantations, evergreen rainforests, and diverse spices.
    কুৰ্গ (বা কোডাগু) হৈছে কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু জিলা, যি মহীশূৰ আৰু উপকূলীয় চহৰ মাংগালোৰৰ মাজভাগত অৱস্থিত। ই মনোৰম পাহাৰ, চিৰসেউজ বৰ্ষাৰণ্য, কফি বাগান আৰু মছলাৰ বাবে বিখ্যাত।

  1. What is the story about the Kodavu people’s descent?
    (কোডাভু লোকসকলৰ বংশোদ্ভৱ সম্পৰ্কে কি কাহিনী প্ৰচলিত আছে?)
    Answer: The fiercely independent people of Coorg are believed to be of Greek or Arabic descent. According to the Greek descent theory, a part of Alexander’s army moved south along the coast and settled there when return became impossible, marrying locals. The Arabic descent theory is supported by their traditional long black coat with an embroidered waist belt known as ‘kuppia’, which resembles the ‘kuffia’ worn by Arabs and Kurds.
    কুৰ্গৰ লোকসকল গ্ৰীক বা আৰব বংশোদ্ভৱ বুলি বিশ্বাস কৰা হয়। এটা প্ৰবাদ অনুসৰি মহামতি আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ এটা দলে উভতি যাব নোৱাৰি দক্ষিণ উপকূলত থাকি যায় আৰু স্থানীয় লোকক বিয়া কৰাই স্থায়ীভাৱে বসবাস কৰে। আনহাতে আৰব বংশোদ্ভৱৰ যুক্তিটো তেওঁলোকৰ পৰম্পৰাগত ক’লা কোট আৰু কঁকালৰ বেল্ট ‘কুপ্পিয়া’ (Kuppia)-ৰ পৰা আহে, যি আৰব আৰু কুৰ্দসকলৰ ‘কুফিয়া’ (Kuffia) নামৰ পোছাকৰ সৈতে হুবহু মিলে।

  1. What are some of the things you now know about:
    (i) the people of Coorg?
    Answer: They are fiercely independent, hospitable, courageous, and of Greek or Arab descent. The Coorg Regiment is one of the most decorated in the Indian Army, General Cariappa (first Indian Army Chief) was a Coorgi, and Kodavus are the only citizens in India permitted to carry firearms without a licence.
    কুৰ্গৰ লোকসকল অতি অতিথিপৰায়ণ, স্বাধীনচিতিয়া আৰু সাহসী। ভাৰতীয় সেনাৰ ‘কুৰ্গ ৰেজিমেন্ট’ সৰ্বাধিক পদকপ্ৰাপ্ত আৰু সেনাৰ প্ৰথম মুৰব্বী জেনেৰেল কেৰিয়াপ্পা এগৰাকী কুৰ্গী আছিল। ভাৰতত কেৱল কোডাভুসকলেহে অনুজ্ঞাপত্ৰ নোহোৱাকৈ বন্দুক ৰাখিব পাৰে।

(ii) the main crop of Coorg?
Answer: Coffee is the main crop of Coorg, alongside a wide variety of fragrant spices.
কফি হৈছে কুৰ্গৰ প্ৰধান শস্য আৰু ইয়াৰ লগতে বিভিন্ন সুগন্ধি মছলা প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

(iii) the sports it offers to tourists?
Answer: Coorg offers high-energy adventure sports like river rafting, canoeing, rappelling, rock climbing, mountain biking, and trekking along numerous nature trails.
কুৰ্গে পৰ্যটকসকলক ৰিভাৰ ৰাফটিং, কেন’য়িং, ৰেপেলিং, ৰক ক্লাইম্বিং, মাউণ্টেন বাইকিং আৰু পাহাৰীয়া ট্ৰেকিং আদি ৰোমাঞ্চকৰ দুঃসাহসিক ক্ৰীড়াৰ সুবিধা প্ৰদান কৰে।

(iv) the animals you are likely to see in Coorg?
Answer: Animals found in Coorg include the large freshwater fish Mahaseer, kingfishers, giant Malabar squirrels, langurs, macaques, slender loris, and wild elephants.
কুৰ্গত মহাচীৰ নামৰ ডাঙৰ মাছ, মাছৰোকা, মালাবাৰ কেৰ্কেটুৱা, বান্দৰ, লাংগুৰ, শ্লেন্দাৰ লৰিচ আৰু বনৰীয়া হাতী আদি দেখিবলৈ পোৱা যায়।

(v) its distance from Bangalore, and how to get there?
Answer: Coorg is around 250 to 260 km from Bangalore. It can be reached by road via Mysore (the most frequented route) or via Neelamangal, Kunigal, and Chanrayanapatna. The nearest airports are Mangalore (135 km) and Bangalore (260 km).
বাংগালোৰৰ পৰা কুৰ্গৰ দূৰত্ব প্ৰায় 250 ৰ পৰা 260 কিলোমিটাৰ। মহীশূৰ হৈ বা কুনিগাল হৈ পথ পৰিবহণেৰে ইয়ালৈ যাব পাৰি। আটাইতকৈ ওচৰৰ বিমানকোঠ হৈছে মাংগালোৰ (135 কিমি) আৰু বাংগালোৰ (260 কিমি)।

Scroll to Top