ধৰ ঝাডু ধৰ ভাই

ভাব-বিষয়ক প্ৰশ্নোত্তৰ

১। অতি চমুকৈ উত্তৰ দিয়া:

  • (ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
    উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

  • (খ) সাতামপুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
    উত্তৰ: সাতামপুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ কত যুগৰ ভূঁহুৰ (জাবৰ-জোঁথৰ বা পৰাধীনতাৰ মলি) পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।

  • (গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
    উত্তৰ: জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে ‘বীৰ-বেশেৰে’ ঝাড়ু ধৰিবলৈ কৈছে।

  • (ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
    উত্তৰ: কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কেৱল ‘কাজল-ছাই’ (কলংক বা পৰাধীনতাৰ কালিমা)ৰে ভৰি পৰিল বুলিছে।

২। ‘হ’ল এৱে তোৰ সময় হ’বৰ / জাতিৰ ঝাড়ুদাৰ যে ভাই।’ — ইয়াত কবিয়ে কি কাৰণে ‘ জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?

উত্তৰ: ভাৰতীয়সকলে দীৰ্ঘদিন ধৰি বিদেশী ইংৰাজৰ পদলেহন কৰি, হীনে-ঘিণে পৰ-গোলামি কৰি নিজৰ ঐতিহ্য আৰু সন্মান বিসৰ্জন দি আহিছে। এনে পৰাধীনতা আৰু দাসত্বৰ ফলত জাতিৰ জীৱনত জমা হোৱা মলি-মামৰ, ক্ৰটি-বিচ্যুতি আৰু মানসিক জড়তা আঁতৰাই জাতিক মুক্ত আৰু সজীৱ কৰিবলৈ কবিয়ে এতিয়া সকলোকে ‘জাতিৰ ঝাড়ুদাৰ’ হ’বলৈ সকীয়াই দিছে।

৩। ‘নহ’লে যে বিশ্ব সভাত / নহ’ব তোৰ বহাৰ ঠাই।’ — বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

উত্তৰ: বিশ্ব সভাত মৰ্যাদাৰে বহিবলৈ হ’লে কবিয়ে বীৰ-বেশেৰে ঝাড়ু হাতত লৈ জাতিৰ জীৱনৰ চুকে-কোণে থকা সকলো জাহি-জাবৰ, মনৰ হিংসা-দ্বেষ, জাতিভেদ, ঘৃণা, স্বাৰ্থপৰতা আৰু অহংকাৰৰূপী মলি-মামৰ সাৰি-পুছি জাতিৰ জীৱন মনোহৰ আৰু পবিত্ৰ কৰি তুলিবলৈ নিৰ্দেশ দিছে।

৪। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰ: ‘ধৰ ঝাড়ু ধৰ ভাই’ এটি দেশপ্ৰেমমূলক আৰু জাতীয় জাগৰণৰ কবিতা। কবিয়ে ইয়াত বাহ্যিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সমান্তৰালকৈ মানসিক আৰু সামাজিক পৰিশোধনৰ আহ্বান জনাইছে। পৰাধীনতাৰ গ্লানি আৰু দাসত্বৰ বাবে আমাৰ ঐতিহ্যমণ্ডিত পুৰণি সমাজ ব্যৱস্থাত নানা ক্ৰটি-বিচ্যুতি, হিংসা-বিদ্বেষ, ভেদাভেদ, অহংকাৰ আৰু স্বাৰ্থপৰতাৰূপী জাবৰ-জোঁথৰ জমা হৈছে। কবিয়ে এই সকলোবোৰ কু-সংস্কাৰ আৰু নীচতা ঝাড়ুৰে সাৰি-পুছি পৰিষ্কাৰ কৰি, একতাবদ্ধ হৈ দেশৰ পৰাধীনতাৰ শিকলি ছিঙি বিশ্বৰ দৰবাৰত নিজৰ যোগ্য স্থান দখল কৰিবলৈ দেশবাসীক বিপ্লৱী আহ্বান জনাইছে।

৫। ব্যাখ্যা কৰা:

(ক) “হিংসা-দ্বেষৰ, ভেদাভেদৰ, ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ কত যে কি মলি-মামৰ ভৰি জাতিৰ জীৱন যায়।”

উত্তৰ:

  • প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।

  • তাৎপৰ্য: কবিয়ে ইয়াৰ জৰিয়তে সমাজত প্ৰচলিত কু-অভ্যাস আৰু মানসিক ব্যাধিৰ প্ৰতি আঙুলিয়াই দিছে। পৰাধীন ভাৰতীয় সমাজে দীৰ্ঘদিন ধৰি বিদেশীৰ গোলামি কৰি নিজৰ মাজতে হিংসা, খিয়লা-খিয়লি, জাতিভেদ, উচ্চ-নীচৰ প্ৰভেদ, পৰস্পৰ ঘৃণা, স্বাৰ্থপৰতা আৰু অহংকাৰত লিপ্ত হৈ জাতীয় জীৱন কলুষিত কৰি পেলাইছে। এই মানসিক মলি-মামৰে সমগ্ৰ জাতিটোক পংগু কৰি তুলিছে। সেয়েহে কবিয়ে এই সকলোবোৰ বেয়া ভাব পৰিহাৰ কৰি জাতীয় জীৱন নিকাহ কৰিবলৈ আহ্বান জনাইছে।

(খ) “ধৰ ঝাড়ু ধৰ ভাই। আৰু চাবৰ সময় নাই চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল-ছাই।”

উত্তৰ:

  • প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।

  • তাৎপৰ্য: কবিয়ে জাতিৰ সন্তানসকলক সময় নষ্ট নকৰি জাগি উঠিবলৈ আহ্বান জনাইছে। আমি নিৰ্বিকাৰ হৈ হাত সাৱটি চাই থাকোঁতেই পৰাধীনতাৰ কালিমা আৰু কলংকই আমাৰ জীৱন ছানি ধৰিছে। আৰু বহি চাই থকাৰ সময় নাই, কাৰণ নিষ্ক্ৰিয় হৈ থাকিলে কেৱল লাঞ্ছনা আৰু অপমানেহে মুখ ঢাকিব। সেয়েহে এতিয়াই সকলোৱে কৰ্মত নামি জাতীয় কলংক মোচন কৰিবলৈ আৰু সমাজখন চাফ-চিকুণ কৰিবলৈ কবিয়ে তীব্ৰ আহ্বান জনাইছে। 

৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।

উত্তৰ: ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোত কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ এক বলিষ্ঠ আৰু সংগ্ৰামী স্বদেশপ্ৰেম প্ৰকাশ পাইছে। স্বাধীনতা সংগ্ৰামৰ সময়ত কাৰাবাসত থাকোঁতে কবিয়ে দেশবাসীৰ জড়তা আৰু পৰাধীনতাৰ বেদনা গভীৰভাৱে অনুভৱ কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে কেৱল বাহ্যিকভাৱে স্বাধীনতা লাভ কৰিলেই দেশ মহান নহ’ব, তাৰ বাবে আমাৰ মনৰ পৰা হিংসা, ভেদাভেদ, গোলামি মানসিকতা আৰু স্বাৰ্থপৰতা দূৰ হ’ব লাগিব। কবিয়ে জাতিক ‘ঝাড়ুদাৰ’ অৰ্থাৎ সমাজৰ মলি পৰিষ্কাৰ কৰোঁতা হৈ বীৰদৰ্পে জাগি উঠিবলৈ আহ্বান জনাইছে যাতে বিশ্বসভাত ভাৰতবৰ্ষই নিজৰ গৌৰৱময় স্থান পুনৰ লাভ কৰিব পাৰে। জাতিৰ প্ৰতি থকা অপৰিসীম মৰম আৰু স্বাধীনতাৰ প্ৰতি থকা অদম্য হেঁপাহেই এই কবিতাটোত উজ্জ্বলভাৱে ফুটি উঠিছে।

ভাষা-বিষয়ক প্ৰশ্নোত্তৰ

১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা:

  • হীনে-ঘিণে: পৰাধীন জাতিয়ে হীনে-ঘিণে দিন কটাবলগীয়া হয়।

  • ধাৰে-ঋণে: ধাৰে-ঋণে পোত গৈ মানুহজনে নিজৰ পৈতৃক সম্পত্তি হেৰুৱালে।

  • ঘৃণা-ঘৃণি: সমাজৰ উন্নতিৰ বাবে মানুহৰ মাজৰ পৰা ঘৃণা-ঘৃণি ভাৱ দূৰ হ’ব লাগিব।

  • জাহি-জাবৰ: পৰিৱেশ নিকা কৰি ৰাখিবলৈ ঘৰৰ জাহি-জাবৰবোৰ নিৰ্দিষ্ট ঠাইত পেলাব লাগে।

  • সাৰি-পুছি: পাহি আৰু বিদিশাই কোঠাটো সাৰি-পুছি পৰিষ্কাৰ কৰিলে।

  • মলি-মামৰ: বৰষুণৰ পানীত লোৰ সঁজুলিবোৰত মলি-মামৰ লাগি নষ্ট হ’ল।

২। তলৰ শব্দবোৰত মূৰ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা:

শব্দ

কাৰণ

সোণ

স্বাভাৱিকতেই মূৰ্ধন্য ‘ণ’ ব্যৱহাৰ হয় (স্বভাৱ-সিদ্ধ মূৰ্ধন্য ‘ণ’)।

ঘৃণা

‘ঋ’ স্বৰবৰ্ণৰ পিছত থকা বাবে মূৰ্ধন্য ‘ণ’ হৈছে (ণত্ববিধি অনুসৰি ঋ, ৰ, ষ-ৰ পিছত ‘ণ’ হয়)।

ঋণ

‘ঋ’ স্বৰবৰ্ণৰ ঠিক পিছত থকা বাবে মূৰ্ধন্য ‘ণ’ হৈছে।

৩। বিপৰীত শব্দ লিখা:

  • ঘৃণা — প্ৰেম / শ্ৰদ্ধা

  • স্বাৰ্থ — পৰাৰ্থ / নিঃস্বাৰ্থ

  • জীৱন — মৰণ / মৃত্যু

  • বীৰ — কাপুৰুষ / ভীৰু

Scroll to Top