অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

ভাৱ-বিষয়ক

১। অতি চমু উত্তৰ লিখাঃ

(ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
উত্তৰ: ত্ৰয়োদশ শতিকাত হুকং উপত্যকা আৰু চীনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা আহোম বা টাই-মংগোলীয় গোষ্ঠী।

(খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? 
উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশখন যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?
উত্তৰ: ভাষিক সংমিশ্ৰণে (বা বিভিন্ন জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ সমন্বয়ে) অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
উত্তৰ: সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

(ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীের লোক কোনবিলাক?
উত্তৰ: আহোম, বড়ো, কছাৰী, চুটিয়া, মিচিং, ৰাভা, তিৱা, কাৰ্বি, দেউৰী আদি।

২। চমু উত্তৰ লিখাঃ

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰ: অসমলৈ বহিৰাগত গোষ্ঠী অহাৰ আগৰে পৰা ইয়াত বাস কৰি থকা থলুৱা অনাৰ্য জনজাতীয় জনগোষ্ঠীসমূহ— যেনে কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিক বুজায়।

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উত্তৰ: ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ (দীৰ্ঘ ৩৭ বছৰ) অসমৰ বিদ্যালয় আৰু আদালতত বঙলা ভাষা চলিছিল।

(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰ: চাহ-উদ্যোগৰ কৰ্মীসকল হ’ল চাহ বনুৱাসকল (চাওঁতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি)। তেওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

(ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ: পাঠটিত উল্লেখ থকা খাদ্য-বস্তুসমূহ হ’ল:

  • পাৰাথা, পোলাও, কোৰ্মা, কোপ্তা

  • কে’ক-বিস্কুট, ৰুটি, লুচি-পুৰী

  • ৰসগোল্লা, লাল-মোহন, চিঙাৰা

  • ড’চা, চাম্বাৰ, ইডলি।

৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ’ল— অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বনগীত, বিহুগীত, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি মৌখিক লোকসাহিত্যৰ উপাদানসমূহ।

৪। ‘অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’ — কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।

উত্তৰ: অসম এখন বিচিত্ৰ জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্য। প্ৰাচীন কালৰ অনাৰ্য জনগোষ্ঠী (কছাৰী, বড়ো, চুটিয়া, কোচ, মেচ, ডিমাচা, মিচিং, তিৱা, কাৰ্বি আদি)-ৰ লগত পৰৱৰ্তী কালত আহোম, মুছলমান, উত্তৰ ভাৰতীয় ব্ৰাহ্মণ-ক্ষত্ৰিয়, ব্ৰিটিছৰ দিনত অহা চাহ শ্ৰমিকসকল, পূৰ্ববংগৰ কৃষকসকল আৰু ব্যৱসায়ৰ বাবে অহা মাৰোৱাৰী, বিহাৰী, পঞ্জাবী, নেপালী আদি নানা লোক অসমলৈ আহি থিতাপি লয়। এই সকলো সম্প্ৰদায়ে নিজৰ নিজৰ উৎসৱ, সাজ-পাৰ, ৰীতি-নীতি আৰু ৰন্ধন প্ৰণালীৰ আদান-প্ৰদানেৰে এক উমৈহতীয়া আৰু বাৰেৰহণীয়া সমন্বয়ৰ সংস্কৃতি গঢ়ি তুলিছে। সেয়েহে এই জনগোষ্ঠীয় বৈচিত্ৰ্যই অসমীয়া সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য আৰু সৌন্দৰ্য।

৫। ‘বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।’ — ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে— পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰ:
* ইয়াত ব্ৰিটিছৰ দিনত গঢ়ি উঠা ‘চাহ উদ্যোগৰ আবেষ্টনী’ অৰ্থাৎ চাহ বাগিচাৰ সুকীয়া পৰিৱেশের কথা উল্লেখ কৰা হৈছে।
* ভাৰতৰ বিভিন্ন প্ৰান্তৰ (বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদি) পৰা অহা চাহ বনুৱা বা শ্ৰমিকসকলে আঁতৰি পৰাৰ কথা কোৱা হৈছে।
* কাৰণ: ব্ৰিটিছসকলে চাহ শ্ৰমিকসকলক কেৱল বাগিচাৰ নিৰ্দিষ্ট এলেকাৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিছিল আৰু তেওঁলোকৰ শিক্ষা-দীক্ষাৰ কোনো ব্যৱস্থা কৰা নাছিল। ফলত তেওঁলোকে থলুৱা অসমীয়া সমাজখনৰ লগত পোনপটীয়াভাৱে সম্পৰ্ক গঢ়াত পলম হৈছিল আৰু থলুৱা সংস্কৃতিৰ পৰা কিছু আঁতৰি থাকিবলগীয়া হৈছিল।

৬। ‘এটা সংমিশ্ৰিত – সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।’ — ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ‘নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই’ বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰ:
* ইয়াত লেখকে ‘বৃহৎ অসমীয়া জাতি’-ক নানা ধৰ্ম, ভাষা আৰু জনগোষ্ঠীৰ মিলনত গঢ় লৈ উঠা ‘সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি’ বুলি কৈছে।
* সত্যাসত্য বিচাৰ: এই কথাষাৰ সম্পূৰ্ণ সত্য। কাৰণ অসমীয়া জাতিটো কোনো এটা নিৰ্দিষ্ট একক গোষ্ঠীৰ দ্বাৰা গঢ় লোৱা নাই। অনাৰ্য জনজাতীয় কৃষ্টিৰ ভেটিত আৰ্য, আহোম, ইছলাম, চাহ জনগোষ্ঠী আদি সকলোৰে ভাষা, খাদ্য, সাজ-পাৰ আৰু আচাৰ-নীতি মিলি এক হৈ পৰিছে। সকলোৱে নিজৰ মূল পাহৰি অসমীয়া ভাষাক আঁকোৱালি লৈ একেখন সমাজৰ অংগ হৈ পৰিছে। গতিকে অসমীয়া জাতি যে এক সংমিশ্ৰিত জাতি, সেয়া এক ঐতিহাসিক সত্য।

৭। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’ — কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।

উত্তৰ:
* বাহিৰৰ পৰা অহা বিভিন্ন জাতি-গোষ্ঠীয়ে অসমক নিজৰ দেশ আৰু অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰি থলুৱা সমাজৰ লগত জাহ যোৱাৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল।
* ৰূপান্তৰৰ প্ৰক্ৰিয়া: এই ৰূপান্তৰ বলপ্ৰয়োগেৰে নহয়, ‘দিয়া-লোৱা আৰু এৰা-ধৰা’ৰ এক স্বাভাৱিক প্ৰক্ৰিয়াৰে ঘটিছিল। এটা সম্প্ৰদায়ৰ ভাল লগা ৰীতি-নীতি, সাজ-পোছাক, ৰন্ধন প্ৰণালী আৰু অলংকাৰ আনটোৱে গ্ৰহণ কৰিলে। ভাষাত বিভিন্ন জনগোষ্ঠীৰ শব্দ সোমাই পৰিল। এনে আদান-প্ৰদানেৰে পুৰণি সংস্কৃতিয়ে নতুন সমন্বয়ৰ ৰূপ ধাৰণ কৰিলে।

৮। তাৎপৰ্য ব্যাখ্যা কৰা:

(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
* তাৎপৰ্য: অসমত বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোক থকা সত্ত্বেও সকলোৰে মাজত ভাবৰ আদান-প্ৰদান আৰু সংহতি ৰক্ষা কৰাৰ মূল মাধ্যম আছিল অসমীয়া ভাষা। পাহাৰ-ভৈয়ামৰ সকলো লোকেই এই ভাষাটোৰ জৰিয়তে একেডাল একতাৰ সূতাৰে বান্ধ খাই পৰিছিল।

(খ) এই গোটেইবোৰ হ’ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।
* তাৎপৰ্য: অসমত বিভিন্ন সম্প্ৰদায়ৰ মাজত ঘটা সমন্বয় বা সাংস্কৃতিক মিলন কোনেও কাৰো ওপৰত জাপি দিয়া নাছিল। মানুহে নিজৰ আন্তৰিক ইচ্ছা আৰু সামাজিক প্ৰয়োজনত আপোনমনে ইজনে সিজনৰ খাদ্য, সাজ-পাৰ, ভাষা আৰু উৎসৱ-পাৰ্বণ গ্ৰহণ কৰি লৈছিল।

(গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।
* তাৎপৰ্য: সাংস্কৃতিক সমন্বয় সদায় পাৰস্পৰিক আদান-প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰে। কোনো জোৰ-জবৰদস্তি নোহোৱাকৈ এটা সম্প্ৰদায়ে আনটোৰ পৰা ভাল গুণ গ্ৰহণ কৰা আৰু নিজৰো কিছু উপাদান আনক দিয়াৰ উদাৰ মানসিকতাই অসমীয়া জাতিক গঢ়ি তুলিছে।

ভাষা-বিষয়ক

১। সন্ধি ভাঙা:

  • সংস্কৃতি: সম্ + কৃতি

  • জলাঞ্জলি: জল + অঞ্জলি

  • স্বাধীন: স্ব + অধীন

২। ‘প্ৰ’ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা:

  1. ১. প্ৰ + চাৰ = প্ৰচাৰ

  2. ২. প্ৰ + গতি = প্ৰগতি

  3. ৩. প্ৰ + ভাৱ = প্ৰভাৱ

৩। বাক্য ৰচনা কৰাঃ

  • ভাষা-সংস্কৃতি: আমাৰ নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰাটো প্ৰতিজন অসমীয়াৰ পৱিত্ৰ দায়িত্ব।

  • পূজা-পাৰ্বণ: অসমত বিহু আৰু বিভিন্ন পূজা-পাৰ্বণ সকলো সম্প্ৰদায়ে মিলি-জুলি পালন কৰে।

  • বেপাৰ-বাণিজ্য: পুৰণি কালৰে পৰা অসমলৈ বেপাৰ-বাণিজ্যৰ সূত্ৰে নানা জাতিৰ লোক আহিছিল।

  • সহজ-সৰল: অসমৰ থলুৱা সহজ-সৰল মানুহবোৰে সকলো বাহিৰাগত লোককে আদৰি লৈছিল।

  • দিয়া-লোৱা: পাৰস্পৰিক দিয়া-লোৱাৰ মাজেৰেই সংস্কৃতি অধিক শক্তিশালী হয়।

  • এৰা-ধৰা: সমাজত শান্তি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ এৰা-ধৰাৰ মনোভাৱ অপৰিহাৰ্য।

Scroll to Top