ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
ভাব-বিষয়ক প্ৰশ্নোত্তৰ
১। অতি চমু উত্তৰ দিয়া:
(ক) প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?
উত্তৰ: আদিম অধিবাসী বোলা হৈছিল।(খ) বুদ্ধদেৱৰ আচল নাম কি?
উত্তৰ: বুদ্ধদেৱৰ আচল নাম সিদ্ধাৰ্থ।(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন?
উত্তৰ: মহৰ্ষি বেদব্যাস।(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰ: কণিষ্ক।(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?
উত্তৰ: মহাবীৰ (বৰ্ধমান)।
২। কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা।
উত্তৰ: ভাৰতবৰ্ষত তলত উল্লিখিত বিষয়সমূহত বিচিত্ৰতা লক্ষ্য কৰিব পাৰি:
ভৌগোলিক অৱস্থান: পাহাৰ-পৰ্বত, সাগৰ-মহাসাগৰ, সমভূমি, মালভূমি, মৰুভূমি আৰু জলবায়ুৰ ভিন্নতা।
মানৱগোষ্ঠী আৰু জাতি: আদিম অধিবাসী, দ্ৰাবিড়, অস্ট্ৰিক, মংগোলীয়, আৰ্য আদি বিভিন্ন গোষ্ঠী।
ধৰ্ম আৰু বিশ্বাস: হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মাৱলম্বী লোক।
ভাষা আৰু উপভাষা: পোন্ধৰটাৰো অধিক প্ৰধান আঞ্চলিক ভাষা আৰু শ শ উপভাষা।
আচাৰ-ব্যৱহাৰ, খাদ্য আৰু সাজ-পাৰ: অঞ্চলভেদে খাদ্যাভ্যাস, পোছাক-পৰিচ্ছদ আৰু সামাজিক ৰীতি-নীতিৰ ভিন্নতা।
৩। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্র্যপূৰ্ণ বুলি কোৱা হৈছে লিখা।
উত্তৰ: ভাৰতবৰ্ষৰ ভৌগোলিক গঠনত এফালে সুউচ্চ পৰ্বতমালা আৰু আনফালে সুগভীৰ সাগৰ-মহাসাগৰ, এফালে বিস্তীৰ্ণ সমতল ভূমি আৰু আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা আৰু আনফালে হ্ৰদ-জলাশয় আছে। ঠিক সেইদৰে জলবায়ুৰ ক্ষেত্ৰতো এফালে গ্ৰীষ্মৰ প্ৰখৰতা আৰু আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ প্ৰচুৰ বৰষুণ আৰু আনফালে শুকান মৰুভূমি দেখিবলৈ পোৱা যায়। এই সকলো প্ৰাকৃতিক বৈসাদৃশ্যৰ বাবেই ভাৰতৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ।
৪। আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: আৰ্যসকল অহাৰ অনেক কালৰ পাছতো পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ সোঁত ভাৰতলৈ আহিছিল। এছিয়া আৰু ইউৰোপৰ পৰা শক, কুশান, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি কেইবাটাও পৰাক্ৰমী জাতি আহি ভাৰতত ৰাজ্য স্থাপন কৰিছিল। এই বিজেতাসকলৰ সৰহভাগেই ভাৰতবৰ্ষক নিজৰ আপোন দেশ হিচাপে গ্ৰহণ কৰি ভাৰতীয় সংস্কৃতিৰ লগত একাত্ম হৈ পৰিছিল।
৫। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।
উত্তৰ: পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হ’ল ভাত; কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতৰ লোকসকলৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুসকলৰ মাজত মাছ-মাংস নচলে অৰ্থাৎ তেওঁলোক নিৰামিষভোজী। কিন্তু পূব ভাৰতৰ সকলো সম্প্ৰদায়ৰ লোকেই সাধাৰণতে মাছ-মাংস খায়।
৬। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: পূব ভাৰতৰ পুৰুষসকলে পোন্ধ মাৰি ধুতি/চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় পুৰুষে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ প্ৰচলন বেছি আৰু শিক্ষিত সমাজত লংপেন্ট বহুলভাৱে ব্যৱহাৰ হয়। মহিলাসকলৰ ক্ষেত্ৰত শাৰী প্ৰধান সাজ হলেও অসমীয়া মহিলাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ মহিলাই সাধাৰণতে চুড়িদাৰ-পায়জামা পৰিধান কৰে।
৭। আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।
উত্তৰ: আৰ্যসকলৰ পাছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হ’ল—
শক: মধ্য এছিয়াৰ অক্ষু নদীৰ পাৰৰ পৰা অহা এটি যাযাবৰ জাতি। পাছলৈ তেওঁলোকে যাযাবৰী জীৱন এৰি স্থায়ীভাৱে বসবাস কৰে আৰু পাঁচটা শাখাত বিভক্ত হয়। ইয়াৰ ভিতৰত কুশান বংশ আছিল শ্ৰেষ্ঠ।
মোগল: মধ্য এছিয়াৰ পৰা আহি সমগ্ৰ ভাৰতত এক বিশাল সাম্ৰাজ্য স্থাপন কৰা এটা শক্তিশালী জাতি। এওঁলোকে ভাৰতৰ শিল্প, স্থাপত্য আৰু সংস্কৃতিলৈ বিশেষ অৱ অবদান আগবঢ়াই ভাৰতীয় সমাজত মিলি গৈছিল।
৮। “যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে।”- এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।
উত্তৰ: এই কথাষাৰৰ জৰিয়তে প্ৰকাশ কৰা হৈছে যে ভাষা বা ধৰ্মীয় পাৰ্থক্য থাকিলেও স্থানবিশেষে সেইবোৰেই মানুহৰ মাজত ঐক্যৰ বান্ধোন গঢ়ি তোলে। যেনে— অসমত বাস কৰা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টানসকলৰ ধৰ্ম পৃথক হ’লেও মাতৃভাষা অসমীয়াই সকলোকে ‘অসমীয়া’ হিচাপে বান্ধি ৰাখিছে। আনহাতে, এজন অসমীয়া হিন্দু আৰু দক্ষিণ ভাৰতৰ হিন্দুৰ ভাষা বেলেগ হ’লেও উমৈহতীয়া সনাতন ধৰ্মীয় ভাৱধাৰাই দুয়োকে এক কৰি ৰাখিছে।
৯। “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি।’ – এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।
উত্তৰ: সংগীত, চিত্ৰকলা, ভাস্কৰ্য আৰু স্থাপত্য আদি সুকুমাৰ কলাসমূহে প্ৰাচীন কালৰে পৰা সমগ্ৰ ভাৰতবাসীকে একতাৰ ডোলেৰে বান্ধি ৰাখিছে। এই কলাসমূহৰ মাজেৰে ভাৰতীয় সভ্যতাৰ একেটি আত্মাই প্ৰকাশ পায়। তদুপৰি স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আৰু জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলী, ঈদ আদি ধৰ্মীয় উৎসৱ-পাৰ্বণে সকলো সম্প্ৰদায়ৰ মাজত মিলা-প্ৰীতি আৰু ঐক্য সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
১০। “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।” – তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰ: যুগে যুগে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা নানা জাতি-উপজাতিয়ে নিজা ভাষা-সংস্কৃতি লৈ ভাৰতলৈ আহিছিল। কিন্তু কোনেও নিজৰ সংস্কৃতিক সুকীয়াকৈ ধৰি ৰখা নাছিল। ভাৰতৰ প্ৰাচীন আৰু উমৈহতীয়া সাংস্কৃতিক প্ৰবাহত সকলো মিলি গৈ পৰস্পৰে পৰস্পৰক সমৃদ্ধ কৰি এক মহান মিশ্ৰিত সংস্কৃতি গঢ়ি তুলিছে। সেয়েহে ভাৰতীয় সংস্কৃতিক ‘সমন্বয়ৰ বস্তু’ বোলা হৈছে।
১১। চমু উত্তৰ লিখাঃ
(ক) কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ?
উত্তৰ: নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ।(খ) সুকুমাৰ কলা কোনবিলাক?
উত্তৰ: কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য— এই পাঁচবিধক সুকুমাৰ কলা বোলে।(গ) কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহায় কৰিছে?
উত্তৰ: বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ আৰু মহাভাৰত আদি গ্ৰন্থই।
১২। কি কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে?
উত্তৰ: ভাষাগত, ধৰ্মগত, অঞ্চলগত, খাদ্যাভ্যাস আৰু সাজ-পাৰৰ পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এক সামূহিক ‘সাংস্কৃতিক মিল’ আছে।
১৩। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া।
উত্তৰ: উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ আৰু পায়জামা-কুৰ্তা পৰিধান কৰে। ইয়াৰ উপৰি তেওঁলোকে শাৰীও পৰিধান কৰে।
১৪। চমুটোকা লিখা:
সুকুমাৰ কলা: কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য— এই পাঁচবিধ বিদ্যাকে সুকুমাৰ কলা বোলা হয়। ই মানৱ মনৰ সৌন্দৰ্যবোধ আৰু সাংস্কৃতিক চেতনা প্ৰকাশ কৰে।
সংগীত: গীত, বাদ্য আৰু নৃত্যৰ সন্মিলিত সমলয়ক সংগীত বোলে। ভাৰতীয় সংগীতে যুগে যুগে বিভিন্ন অঞ্চলৰ মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে।
কুশান: মধ্য এছিয়াৰ যাযাবৰ শক জাতিৰ পাঁচটা শাখাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বংশটো হ’ল কুশান বংশ। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কণিষ্ক।
ব্যাস: মহৰ্ষি বেদব্যাস মহাভাৰত আৰু ওঠৰখন পুৰাণৰ প্ৰণেতা তথা চাৰিখন বেদৰ বিভাগকৰ্তা এগৰাকী প্ৰসিদ্ধ ঋষি।
মক্কা: চৌদি আৰৱৰ এখন প্ৰাচীন আৰু পৱিত্ৰ ঐতিহাসিক চহৰ। ই ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্মস্থান।
বশিষ্ঠ: ব্ৰহ্মাৰ মানসপুত্ৰ, সূৰ্যবংশৰ ৰজাসকলৰ কুল-পুৰোহিত আৰু এগৰাকী মন্ত্ৰদ্ৰষ্টা ঋষি। গুৱাহাটী মহানগৰৰ দক্ষিণফালে পাহাৰৰ কাষত বশিষ্ঠ মুনিৰ আশ্ৰম আছিল বুলি জনা যায়।
১৫। “ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ।” কথাষাৰ বহলাই লিখা।
উত্তৰ: কেইবা হাজাৰ বছৰ পূৰ্বে যেতিয়া পৃথিৱীৰ বহু দেশ অজ্ঞানতাৰ আন্ধাৰত আছিল, তেতিয়াই ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান, সাহিত্য আৰু সুকুমাৰ কলাৰ চৰ্চাত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত আদি গ্ৰন্থ আৰু ব্যাস, বাল্মীকি, বুদ্ধ, মহাবীৰ, শংকৰাচাৰ্য, শংকৰদেৱ আদি ঋষি-মুনি আৰু মহাপুৰুষসকলৰ ত্যাগ, উদাৰতা আৰু আধ্যাত্মিক জ্ঞানৰ বাণীয়ে ভাৰতৰ সভ্যতাক বিশ্বৰ ভিতৰতে অনন্য আৰু ঐতিহ্যমণ্ডিত কৰি তুলিছে।
১৬। তোমাৰ দৈনন্দিন খাদ্যসম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যাভ্যাস পোৱা যায় চমুকৈ লিখা।
উত্তৰ: আমাৰ দৈনন্দিন খাদ্যসম্ভাৰত তলত উল্লিখিত মানৱজাতিৰ খাদ্যাভ্যাস লক্ষ্য কৰা যায়:
মোগল আৰু পাঠান: বিৰিয়ানি, কাবাব, পৰঠা, মোগলাই আদি।
মংগোলীয়/চীন: ম’ম’, চাওমিন, চূপ আদি।
ইউৰোপীয় (ইংৰাজ/পৰ্তুগীজ): পাউৰুটি, কেক, চাহ, কফি, বিস্কুট, আলু-টমেটোৰ ব্যৱহাৰ আদি।
ভাষা বিষয়ক
১৭। তলৰ শব্দবোৰৰ সন্ধি ভাঙা :
শব্দ | সন্ধি বিচ্ছেদ |
|---|---|
অনুষ্ঠান | অনু + স্থান |
জনাকীর্ণ | জন + আকীর্ণ |
স্বাধীন | স্ব + অধীন |
জন্মাষ্টমী | জন্ম + অষ্টমী |
১৮। তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা :
শাৰীৰিক = শৰীৰ + ইক (ষ্ণিক)
সামাজিক = সমাজ + ইক (ষ্ণিক)
সুকীয়া = সুকী + ইয়া (বা সুকী + আ)
ভৌগোলিক = ভূগোল + ইক (ষ্ণিক)
ফুলনি = ফুল + অনি
ভাৰতীয় = ভাৰত + ঈয় (ছ)
ফুলাম = ফুল + আম
অবিনাশী = অবিনাশ + ঈ (ইন্)
বাল্মীকি = বল্মীক + ই (ষ্ণি)
১৯। প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা:
হেতু = কাৰণ, নিমিত্ত
পৃথিৱী = ধৰণী, বসুন্ধৰা
গ্ৰন্থ = পুথি, কিতাপ
মাতা = আই, জননী
২০। বিপৰীত শব্দ লিখা:
পাৰ্থক্য = মিল / সাদৃশ্য
ত্যাগ = ভোগ / গ্ৰহণ
বৈচিত্ৰ্য = একতা / অভিন্নতা
প্ৰাচীন = অৰ্বাচীন / আধুনিক / নতুন