কৈশোৰ প্ৰাপ্তি
১) অন্তঃ স্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিবৰ্তনৰ বাবে নি: সৰণ কৰা পদাৰ্থ সমূহক কি নামেৰে নাম কৰণ কৰা হৈছে ?
উত্তৰঃ অন্তঃ স্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিবৰ্তনৰ বাবে নি: সৰণ কৰা পদাৰ্থ সমূহক হৰ্মন নামেৰে নাম কৰণ কৰা হৈছে ।
২) কৈশোৰ কাল কাক বোলে ?
উত্তৰঃ জীৱনৰ যিটো কালত শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্রজনন অৱস্থা প্রাপ্ত হয় সেই কালছোৱাকে কৈশোৰ কাল বুলি কয়।
৩) মাহেকীয়া ঋতু চক্ৰ কি ? ব্যাখ্যা কৰা ।
উত্তৰঃ মহিলাৰ প্ৰজনন প্রক্রিয়া প্রজনন ক্ষমতা প্রাপ্তিৰ পৰাই আৰম্ভ হয় আৰু ৪৫ ৰ পৰা ৫০ বছৰ বয়সলৈ এই প্রক্রিয়া সাধাৰণতে চলি থাকে। প্রজনন ক্ষমতা প্রাপ্তি অবস্থা পোৱাৰ লগে লগে ডিম্বাণু পৈণত হ’বলৈ ধৰে। ২৮ ৰ পৰা ৩০ দিনৰ ভিতৰত একোটা পূৰঠ ডিম্বাণুৰ নিঃসৰণ হয়। এই সময়ত জৰায়ুৰ বেৰ ডাঠ হৈ ডিম্বাণু গ্রহণ কৰে যদিহে ডিম্বাণু নিষেচিত হয় আৰু ইয়াৰ বিকাশ আৰম্ভ হয়। যদি ডিম্বাণু নিষেচিত নহয় তেতিয়া ডিম্বাশয়ৰ পৰা ওলোৱা ডিম্বাণু, জৰায়ুৰ ডাঠ আৱৰণ আৰু বক্তনলিকাৰে সৈতে বাহিৰলৈ ওলাই আহে। ইয়াৰ ফলত মহিলাৰ ৰক্তক্ষৰণ হয় আৰু ইয়াকেই মাহেকীয়া ঋতু চক্র বোলে।
৪) যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিবৰ্তন সমূহৰ তালিকা কৰা ।
উত্তৰঃ যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তন সমূহ হ’ল-
(i) শৰীৰৰ উচ্চতা বৃদ্ধি
(ii) শাৰিৰীক আকৃতিৰ পৰিৱৰ্তন
(iii) মাতৰ পৰিৱৰ্তন
(iv) ঘৰ্ম আৰু তৈল গ্ৰন্থিৰ বৰ্ধিত ক্ৰিয়া
(v) যৌনাংগৰ বিকাশ
(vi) মানসিক, বৌদ্ধিক আৰু আবেগিক পৰিপক্কতা প্রাপ্তি।
৫) অন্তঃ স্ৰাৱী গ্ৰন্থি সমূহ আৰু নি:সৰণ কৰা হৰম‘ন নামৰ এখন তালিকা দুটা স্তম্ভত প্ৰস্তুত কৰা-
উত্তৰঃ
অন্তঃ স্ৰাৱী গ্ৰন্থিৰ নাম | নিঃসৰণ কৰা হৰম’ন |
ক) অণ্ডাশয় | টেষ্ট’ষ্টেৰন। |
খ) ডিম্বাশয় | ইষ্ট্ৰ’জেন। |
গ) থাইৰইড | থাইৰ’ক্সিন। |
ঘ) এড্ৰিনেল | এড্ৰিনেলিন। |
ঙ) পিটুইটাৰী | বৃদ্ধি হৰম’ন। |
চ) অগ্ন্যাশয় | ইনছুলিন। |
৬) যৌন হৰমন কি ? সেইবোৰক কিয় এনে নাম দিয়া হল ? সেই হৰমন বোৰৰ কাৰ্যৰ বৰ্ণনা কৰা ।
উত্তৰঃ অণ্ডাশয় আৰু ডিম্বাশায়ৰ পৰা নিঃসৰিত হৰম’নক যৌন হাৰম’ন বোলে।
ডিম্বাশয়ে স্ত্রী হৰম’ন বা ইষ্ট্র’জেন আৰু অণ্ডাশয়ে পুং হৰম’ন বা টেষ্ট’ষ্টেৰন নিঃসৰণ কৰে। সেইবাবে এইবোৰক যৌন হৰম’ন বোলে।
পুৰুষৰ টেষ্ট’ষ্টেৰন হৰম’নৰ বাবে মুখ মণ্ডলত দাড়ি-গোফ গজে, কান্ধৰ আকাৰ ডাঙৰ হয়, বুকুত, বাহুৰ তলত আৰু গুপ্তাংগত নোম গজে। মহিলাৰ ইষ্ট্ৰ’জেন হৰম’নৰ বাবে স্তনৰ বিকাশ হবলৈ ধৰে, বাহুৰ তলত আৰু গুপ্তাংগত নোম গজে ইত্যাদি ।
৭) উপযুক্ত উক্তিটো বাছি উলিওৱা-
ক) কিশোৰ – কিশোৰী সকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত, কিয়নো –
১) উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে ।
২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন ।
৩) কিশোৰ – কিশোৰী সকলৰ সদায় ভোক বেছি ।
৪) কিশোৰ – কিশোৰী সকলৰ স্বাদ মুকুল অধিক সক্ৰিয় ।
উত্তৰঃ ২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন ।
খ) মহিলাৰ প্ৰজননৰ বয়স আৰম্ভ হয় তেতিয়া –
১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয় ।
২) যেতিয়া স্তনৰ বিকাশ হয় ।
৩) যেতিয়া দেহৰ ওজন বাঢ়ে ।
৪) যেতিয়া ওখ হয় ।
উত্তৰঃ ১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয় ।
গ) কিশোৰ – কিশোৰীৰ যথোপযুক্ত আহাৰ সামগ্ৰী হল –
১) চিপছ, চাওমিন, ক‘ক ।
২) ৰুটি, দাইল, শাক – পাচলি ।
৩) ভাত, চাওমিন, বাৰ্গাৰ ।
৪) শাক – পাচলি যুক্ত কাটলেট, চিপছ আৰু নেমুৰ ৰস ।
উত্তৰঃ ২) ৰুটি, দাইল, শাক – পাচলি ।
৮) চমু টোকা লিখা –
ক) ডিঙিৰ ঘটিকা ।
উত্তৰঃ প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি হ’বলৈ ধৰে। ল’ৰাৰ ক্ষেত্ৰত স্বৰযন্ত্ৰবোৰ ডাঙৰ হয়। ল’ৰাৰ বৰ্দ্ধিত স্বৰযন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায়। এই অংশক ডিঙিৰ ঘটিকা বুলি কোৱা হয়।
খ) গৌণ লিংগ চৰিত্ৰ ।
উত্তৰঃ প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু ল’ৰাৰ মুখমণ্ডলত দাড়ি আৰু গোঁফ গজে। এই লক্ষণসমূহৰ দ্বাৰা ল’ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নিৰ্দ্ধাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰসমূহক গৌণ লিংগ বৈশিষ্ট্য বুলি কোৱা হয়।
গ) জন্ম পূৰ্বক লিংগ নিৰ্ণয় ।
উত্তৰঃ মানুহৰ দেহৰ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত 23 যোৰ ক্রম’জ’ম থাকে। ইয়াৰে এযোৰ ক্ৰম’জ’মক X আৰু Y বা যৌন ক্রম’জ’ম বুলি নামকৰণ কৰা হৈছে। মহিলাৰ ক্ষেত্ৰত দুডাল X ৰ ক্ৰমজ’ম থাকে আৰু পুৰুষৰ ক্ষেত্ৰত এডাল X আৰু এডাল Y, মুঠতে দুডাল ক্রম’জ’ম থাকে। যেতিয়া X ক্রম’জ’ম যুক্ত এটা শুক্রাণুৱে ডিম্বাণুক নিষিক্ত কৰে তেতিয়া তাৰ পৰা সৃষ্টি হোৱা যোজন কোষটোত দুডাল X ক্রম’জ’ম থাকিব আৰু ইয়ে এটি কন্যা সন্তানলৈ বিকশিত হ’ব। যদি শুক্রাণুটোৱে Y ক্ৰম’জ’মযুক্ত হৈ ডিম্বাণুক নিষিক্ত কৰে তেতিয়া তাৰ পৰা সৃষ্টি হোৱা যোজন কোষটোত দুডাল ক্রম’জ’ম ক্রমে Y আৰু X থাকিব আৰু ই এটি ল’ৰা সন্তানলৈ বিকশিত হ’ব।