কিছুমান প্ৰাকৃতিক পৰিঘটনা
১ আৰু ২ নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
১) তলৰ কোনবিধ বস্তু ঘৰ্ষনৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি ?
ক) প্লাষ্টিকৰ স্কেল এডাল ।
খ) তামৰ দণ্ড এডাল ।
গ) ফুলাই থোৱা বেলুন এটা ।
ঘ) ঊলৰ কাপোৰ ।
উত্তৰঃ খ) তামৰ দণ্ড এডাল ।
২) এটুকুৰা পাটৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘহিলে দণ্ড ডাল –
ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মক ভাৱে আহিত হব ।
খ) ধনাত্মক ভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মক ভাৱে আহিত হব ।
গ) আৰু কাপোৰৰ টুকুৰা দুয়ো ঋণাত্মক ভাৱে আহিত হব ।
ঘ) ঋণাত্মক ভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মক ভাৱে আহিত হব ।
উত্তৰঃ ঘ) ঋণাত্মক ভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মক ভাৱে আহিত হব ।
৩) তলৰ বাক্য কেইটা সঁচা নে মিছা লিখাঃ
ক) একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে ।
উত্তৰঃ মিছা ।
খ) এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ‘পাইপক আকৰ্ষণ কৰে ।
উত্তৰঃ সঁচা ।
গ) বজ্ৰ – নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰ পাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে ।
উত্তৰঃ মিছা ।
ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি ।
উত্তৰঃ মিছা ।
৪) জাৰকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট- ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।
উত্তৰঃ জাৰকালি ছুৱেটাৰ খুলিলে ঊণৰ চোলাটো আৰু শৰীৰৰ মাজৰ ঘৰ্ষণৰ বাবে চোলাটো আধানযুক্ত হয়। ইয়াৰ ফলত ফট- ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়।
৫) আহিতবস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা।
উত্তৰঃ আহিতবস্তু এটা হাতেৰে চুলে আধানবোৰ নাইকিয়া হয় কাৰণ আমি হাতেৰে চুই দিয়াৰ পাছত আধানবোৰ আমাৰ শৰীৰৰ মাজেৰে ভূমিলৈ গুচি যায়। সেয়েহে আধানযুক্ত বস্তুটোৱে আধান হেৰুৱায়।
৬) ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাবনে? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে?
উত্তৰঃ ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হল – ৰিখটাৰ । কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাব । ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা নাই ।
৭) ব্ৰজপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যবস্থাৰ দিহা দিয়া।
উত্তৰঃ ক) ঢেৰেকনিৰ শব্দ শুনাৰ লগে লগে সুৰক্ষিত স্থানলৈ যাব লাগে।
খ) সর্বশেষ ঢেৰেকনিৰ শব্দ নাইকিয়া হোৱাৰ কিছু পিছতহে সুৰক্ষিত স্থানৰ পৰা ওলাই আহিব লাগে।
গ) বজ্ৰপাতৰ সময়ত কোনো বৈদ্যুতিক সঁজুলি, টেলিফোনৰ তাঁৰ, ধাতুৰ পাইপ আদি স্পৰ্শ কৰিব নালাগে।
৮) আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে। বুজাই লিখা।
উত্তৰঃ আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰে কাৰণ দুয়োটা বেলুনত একেধৰ্মী আধান আছে। আমি জানো যে একেধৰ্মী আধানৰ মাজত বিকর্ষণ হয়।
আনহাতে অনাহিত বেলুন এটাই আহিত বেলুন এটাক আকৰ্ষণ কৰে ইয়াৰ কাৰণ কাৰণ বিপৰীত ধৰ্মী আধানৰ মাজত বিকর্ষন হয়।
৯) চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।
১০) ভাৰতবৰ্ষৰৰ তিনিখন ৰাজ্যৰ নাম উল্লেখ কৰা য’ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে।
উত্তৰঃ অসম, গুজৰাত, ৰাজস্থান আদি।
১১) ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল। নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা?
উত্তৰঃ ওখ অট্টালিকা, গছ আৰু উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা আঁতৰত মুকলি ঠাইলৈ যাবা আৰু মাটিত শুই দিম।
যদিহে বাছ বা মটৰগাড়ীৰ ভিতৰত থাকো তেতিয়াহ’লে বাহিৰলৈ ওলাই নাযাওঁ। চালকক গাড়ীখন লাহে লাহে মুকলি ঠাইলৈ নিবলৈ নিৰ্দেশ দিম আৰু জোকাৰণি শেষ নোহোৱালৈকে ওলাই নাহো।
১২) বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত বিজুলী আৰু ধুমুহা ঢেৰেকণি অহাৰ সম্ভাৱনা আছে । ধৰি লোৱা তুমি সেই দিনটোতে বাহিৰলৈ ওলাই যাব লাগে । সেইদিনা ছাতি লগত লৈ যাবা নেকি ? বুজাই লিখা ।
উত্তৰঃ বতৰ বিজ্ঞানে দিয়া বিজুলী আৰু ধুমুহা ঢেৰেকণিৰ আগজাননী দিনা বাহিৰলৈ ওলাই গ’লে লগত ছাতি নিয়াটো উচিত নহ’ব । কাৰণ ছাতি ধাতুৰে তৈয়াৰী । ছাতি মেলি বৰষুণৰ পৰা ৰক্ষা পালেও বিজুলীৰ পৰা বিপদ ঘটিব । বজ্ৰপাত তুলনামুলক ভাবে ওখ ঠাইত পৰে ।
Updated on: 22/12/2025