তৰা আৰু সৌৰজগত

পাঠভিত্তিক অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১) তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়?

(ক) গ্ৰহাণুপুঞ্জ
(খ) উপগ্ৰহ
(গ) তাৰকাপুঞ্জ 
(ঘ) ধূমকেতু

➔ উত্তৰ: (গ) তাৰকাপুঞ্জ

প্ৰশ্ন ২) তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়?

(ক) লুব্ধক
(খ) বুধ
(গ) শনি
(ঘ) পৃথিৱী

➔ উত্তৰ: (ক) লুব্ধক (লুব্ধক বা Sirius এটা উজ্জ্বল তৰা)

প্ৰশ্ন ৩) চন্দ্ৰৰ কলাৰ উৎপত্তিৰ কাৰণ—

(ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ
(খ) চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে
(গ) পৃথিৱীৰ প্ৰচ্ছায়াই চন্দ্ৰপৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে
(ঘ) চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়

উত্তৰ: (ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ

প্ৰশ্ন ৪) খালী ঠাই পূৰ কৰা:

(ক) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল নেপচুন (Neptune)।
(খ) ৰঙা ৰঙৰ গ্ৰহটো হ’ল মংগল (Mars)
(গ) আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক তাৰকাপুঞ্জ (Constellation) বোলে।
(ঘ) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ (Satellite) বোলে।
(ঙ) পপীয়া তৰাবোৰ প্ৰকৃততে তৰা (বা নক্ষত্ৰ) নহয়।
(চ) মংগল আৰু বৃহস্পতি ৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়।

প্ৰশ্ন ৫) সত্য (স) আৰু অসত্য (অ) হিচাপে চিহ্নিত কৰা:

(ক) ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য। ➔ ‘অ’ (অসত্য)
(খ) বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। ➔ ‘স’ (সত্য)
(গ) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। ➔ ‘অ’ (অসত্য)
(ঘ) ইনচেট্ (INSAT) এটা কৃট্ৰিম উপগ্ৰহ। ➔ ‘স’ (সত্য)
(ঙ) সৌৰজগতত নটা গ্ৰহ আছে। ➔ ‘অ’ (অসত্য)
(চ) কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায়। ➔ ‘অ’ (অসত্য)

প্ৰশ্ন ৬) ‘A’ স্তম্ভৰ পদসমূহৰ সৈতে ‘B’ স্তম্ভৰ সম্পৰ্ক স্থাপন কৰা:

‘A’ স্তম্ভ

‘B’ স্তম্ভ

(i) অন্তঃগ্ৰহ

(e) পৃথিৱী, (g) মংগল

(ii) বহিঃগ্ৰহ

(a) শনি

(iii) তাৰকাপুঞ্জ

(c) সপ্তৰ্ষিমণ্ডল, (f) কালপুৰুষ

(iv) পৃথিৱীৰ উপগ্ৰহ

(d) চন্দ্ৰ

প্ৰশ্ন ৭) সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা?

উত্তৰ: সূৰ্যাস্তৰ ঠিক পিছতেই পশ্চিম আকাশত (পশ্চিম দিগন্তৰ ওচৰত) শুক্ৰ গ্ৰহটোক সন্ধ্যা তৰা হিচাপে দেখা পোৱা যায়।

প্ৰশ্ন ৮) সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা।

উত্তৰ: বৃহস্পতি (Jupiter)

প্ৰশ্ন ৯) তাৰকাপুঞ্জ মানে কি? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা।

উত্তৰ:

  • তাৰকাপুঞ্জৰ সংজ্ঞা: ৰাতিৰ ফৰকাল আকাশত বিশেষ কোনো চিনাকি আকৃতি বা ৰূপ গঠন কৰা তৰাৰ সমষ্টিক তাৰকাপুঞ্জ (Constellation) বোলে।

  • দুটা তাৰকাপুঞ্জৰ নাম:
    ১) সপ্তৰ্ষিমণ্ডল (Ursa Major / Great Bear)
    ২) কালপুৰুষ (Orion)

প্ৰশ্ন ১০) সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ বিৱৰণ দিয়া:

উত্তৰ:

  • (ক) সপ্তৰ্ষিমণ্ডল (Ursa Major): ইয়াত সাতটা বিশিষ্ট উজ্জ্বল তৰা থাকে। ইয়াৰ আকৃতি এখন ডাঙৰ হেতা বা এটা প্ৰশ্নবোধক চিনৰ দৰে। হেতাৰ নালৰ ফালে ৩ টা আৰু বাটিৰ ফালে ৪ টা তৰা থাকে।

  • (খ) কালপুৰুষ (Orion): ইয়াত সাত বা আঠটা উজ্জ্বল তৰা থাকে আৰু ইয়াক এজন চিকাৰীৰ ৰূপত দেখা যায়। সোঁমাজৰ ৩ টা তৰাই চিকাৰীৰ কঁকালৰ টঙালি আৰু বাকী ৪ টা প্ৰধান তৰাই এক চতুৰ্ভুজ গঠন কৰে।

প্ৰশ্ন ১১) গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা।

উত্তৰ:
১) গ্ৰহাণুপুঞ্জ (Asteroids)
২) ধূমকেতু (Comets)
(অন্যান্য: প্ৰাকৃতিক উপগ্ৰহ, উল্কা আৰু উল্কাপিণ্ড)

প্ৰশ্ন ১২) সপ্তৰ্ষিমণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা।

উত্তৰ:
১) নিশাৰ ফৰকাল আকাশৰ উত্তৰ দিশত প্ৰথমে সপ্তৰ্ষিমণ্ডল তাৰকাপুঞ্জটো চিনাক্ত কৰা হয়।
২) সপ্তৰ্ষিমণ্ডলৰ হেতাৰ বাটিৰ শীৰ্ষভাগত থকা শেষৰ তৰা দুটা লক্ষ্য কৰা হয় (নিৰ্দেশক তৰা)।
৩) এই তৰা দুটাৰ মাজেৰে উত্তৰ দিশলৈ এডাল কাল্পনিক সৰলৰেখা আগবঢ়াই দিয়া হয় (তৰা দুটাৰ মাজৰ দূৰত্বৰ প্ৰায় ৫ গুণ দূৰলৈ)।
৪) এই সৰলৰেখাডালে পোনে পোনে গৈ এটা মধ্যমীয়া উজ্জ্বল স্থিৰ তৰাত উপনীত কৰায়। এই তৰাটোৱেই হৈছে ধ্ৰুৱ তৰা (Pole Star)

প্ৰশ্ন ১৩) আকাশত সকলো তৰাই গতি কৰেনে? ব্যাখ্যা কৰা।

উত্তৰ:

  • নকৰে, পৃথিৱীয়ে নিজ অক্ষত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকাৰ বাবেহে আকাশৰ সকলো তৰা পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে।

  • কিন্তু ধ্ৰুৱ তৰা (Pole Star) আকাশত একে ঠাইতে সম্পূৰ্ণ স্থিৰ হৈ থাকে আৰু লৰচৰ নকৰে।

  • কাৰণ: ধ্ৰুৱ তৰাটো পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ পোনত (উত্তৰ মেৰুৰ অক্ষীয় দিশত) অৱস্থিত হোৱাৰ বাবে পৃথিৱী ঘূৰি থাকিলেও ইয়াৰ আপেক্ষিক অৱস্থানৰ কোনো পৰিৱৰ্তন নহয়।

প্ৰশ্ন ১৪) তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয়? ‘পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোকবৰ্ষ’, এই উক্তিয়ে কি বুজায়?

উত্তৰ:

  • আলোকবৰ্ষত প্ৰকাশ কৰাৰ কাৰণ: মহাবিশ্বত তৰাবোৰ পৃথিৱীৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰত অৱস্থিত। এই অপৰিসীম বৃহৎ দূৰত্ব সাধাৰণ কিলোমিটাৰ এককত লিখা বা পঢ়া অত্যন্ত কষ্টকৰ। সেয়েহে মহাজাগতিক দূৰত্ব প্ৰকাশ কৰিবলৈ বৃহৎ একক আলোকবৰ্ষ (Light Year) ব্যৱহাৰ কৰা হয় (১ আলোকবৰ্ষ = পোহৰে ১ বছৰত অতিক্ৰম কৰা দূৰত্ব, প্ৰায় ৯.৪৬ × ১০¹² কি.মি.)।

  • উক্তিটোৰ অৰ্থ: ‘পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব ৮ আলোকবৰ্ষ’ মানে হ’ল— সেই তৰাটোৰ পৰা নিৰ্গত হোৱা পোহৰে প্ৰতি ছেকেণ্ডত ৩ লাখ কিলোমিটাৰ বেগেৰে গতি কৰি পৃথিৱী পাবলৈ সম্পূৰ্ণ ৮ বছৰ সময় লয়। অৰ্থাৎ বৰ্তমান আমরা তৰাটোৰ যি পোহৰ দেখিছোঁ, সেয়া ৮ বছৰ পূৰ্বে তৰাটোৱে এৰি দিয়া অতীতৰ পোহৰ।

প্ৰশ্ন ১৫) বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ ১১ গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব?

উত্তৰ:
ধৰা হ’ল,
পৃথিৱীৰ ব্যাসাৰ্ধ = r
গতিকে, বৃহস্পতিৰ ব্যাসাৰ্ধ (R) = ১১r

যিহেতু গ্ৰহবোৰ গোলকীয়, গোলকৰ আয়তন V = (৪/৩) × π × r³

  • পৃথিৱীৰ আয়তন (V₁) = (৪/৩) × π × r³

  • বৃহস্পতিৰ আয়তন (V₂) = (৪/৩) × π × (১১r)³ = (৪/৩) × π × ১৩৩১ r³

গতিকে, বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত:
V₂ / V₁ = [(৪/৩) × π × ১৩৩১ r³] / [(৪/৩) × π × r³] = ১৩৩১ / ১ = ১৩৩১ : ১

উত্তৰ: বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত ১৩৩১ : ১। অৰ্থাৎ বৃহস্পতি গ্ৰহটোৱে প্ৰায় ১৩৩১ খন (বা প্ৰায় ১৩০০ খন) পৃথিৱী নিজৰ ভিতৰত ধাৰণ কৰিব পাৰিব।

Scroll to Top