বায়ু আৰু পানীৰ প্ৰদূষণ

অনুশীলনীঃ

১। কি কি প্ৰকাৰে পানী প্ৰদূষিত হ’ব পাৰে?

উত্তৰঃ  ক) ঘৰুৱা আৱৰ্জনা নাইবা কল-কাৰখানাৰ পেলনীয়া বস্তুবোৰ নদী, খাল, বিল, পুখুৰী আদিৰ পানীত মিহলি হ’লে পানীৰ প্ৰদূষণ হয়।

খ) মানুহ বা আন প্রাণীয়ে নদী বা পুখুৰীত গা ধূলে পানী দূষিত হয়।

গ) জলজ উদ্ভিদ পানীত বেছিকৈ থাকিলে পানী প্ৰদূষিত হয়।

ঘ) মানুহ বা প্রাণীৰ মলমূত্ৰ, মৰাশ, গেলা-পচা বস্তুৰ দ্বাৰা পানী দূষিত হয়।

ঙ) খেতিৰ বাবে ব্যৱহাৰ কৰা কীটনাশক আৰু বননাশক ৰাসায়নিক দ্ৰব্যবোৰ পানীত মিহলি হৈ পানী দূষিত হয়।

২। তোমালোকে ব্যক্তিগতভাবে বায়ু প্ৰদূষণ কেনেকৈ হ্রাস কৰিবা?

৩। ‘পৰিস্কাৰ ,স্বচ্ছ (ফটফটীয়া) পানী খোৱাৰ উপযোগী’ – তোমাৰ মতামত আগবঢ়োৱা।

উত্তৰঃ পানীখিনি দেখাত পৰিষ্কাৰ, স্বচ্ছ হ’লেও তাত বেমাৰ কঢ়িওৱা অণুজীৱ আৰু আন অপদ্রব্য দ্ৰৱীভূত হৈ থাকিব পাৰে। সেয়েহে পানী খোৱাৰ আগতে বিশুদ্ধ কৰি লোৱাটো বৰ প্ৰয়োজন। উদাহৰণ স্বৰূপে পানী উতলাই খোৱা।

৪। ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰনিগমৰ এজন সদস্য । তোমাৰ নগৰখনৰ সকলো বোৰ বাসিন্দা ঘৰলৈ বিশুদ্ধ পানী যোগান ধৰিবলৈ কি কি ব্যৱস্থা ল’বা তাৰ এখন তালিকা প্ৰস্তুত কৰা।

৫। বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজত পাৰ্থক্য সমূহ ব্যাখ্যা কৰা।

উত্তৰঃ বিশুদ্ধ বায়ুত কোনো ক্ষতিকাৰক বা অবাঞ্ছিত পদাৰ্থৰ উপস্থিতি নাথাকে। ই সাধাৰণতে নাইট্রোজেন, অক্সিজেন, আৰ্গন আদি গেছৰ এক মিশ্ৰণ। আনহাতে
দূষিত বায়ুত ক্ষতিকাৰক গেছ, ধূলিকণা, ধোঁৱা বা অন্যান্য অবাঞ্ছিত পদাৰ্থ মিশ্ৰিত হৈ থাকে। এইবোৰে বায়ুৰ গুণগত মান হ্ৰাস কৰে।

৬। কেনেকুৱা পৰিস্থিতিত এছিড বৰষুণ হব পাৰে ব্যাখ্যা কৰা।এছিড বৰষুণে আমাক কেনেকৈ অপকাৰ কৰিছে?

উত্তৰঃ  ছালফাৰ-ডাই অক্সাইড আৰু নাইট্ৰ’জেন-ডাইঅক্সাইড আদিৰ দৰে বায়ু প্ৰদূষক গেছসমূহে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি ছালফিউৰিক এছিড আৰু নাইট্রিক এছিড প্রস্তুত কৰে। এই এছিডসমূহে বৰষুণৰ পানী আম্লিক কৰে। এনে বৰষুণক এছিড বৰষুণ বোলা হয়।

এছিড বৰষুণৰ প্ৰভাৱ:

ক) অট্টালিকা আৰু ভাস্কৰ্য্য সামগ্ৰীৰ ক্ষতি হয়।
খ) নদী, হ্ৰদ আৰু সাগৰৰ পানী অম্লীয় কৰি তোলে, যাৰ ফলত জলজ জীৱৰ মৃত্যু হয়।

গ) মাটিৰ উৰ্বৰতা কমি যায়।

৭। তলত দিয়া গেছবোৰৰ ভিতৰত কোনকেইটা সেউজগৃহ গেছ নহয়?

(ক) কাৰ্বন-ডাই-অক্সাইড।

(খ) ছালফাৰ-ডাই-অক্সাইড।

(গ) মিথেন।

(ঘ) নাই’ট্ৰজেন।

উত্তৰঃ (ঘ) নাই’ট্ৰজেন।

৮।  তোমাৰ নিজৰ ভাষাৰে ‘সেউজ গৃহ প্ৰভাৱ’ ৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ সূৰ্যৰ ৰশ্মিয়ে পৃথিৱীপৃষ্ঠ গৰম কৰে। সূৰ্যৰ বিকিৰিত ৰশ্মিৰ এটা অংশ পৃথিৱীয়ে শোষণ কৰে আৰু এটা অংশ মহাকাশলৈ প্রতিফলিত কৰি ঘূৰাই পঠায়। ঘূৰাই পঠোৱা বিকিৰিত ৰশ্মিৰ এটা অংশ বায়ুমণ্ডলে ধৰি ৰাখে। এই ধৰি ৰখা বিকিৰিত ৰশ্মিয়ে পৃথিৱীখন গৰম কৰে। ইয়াক সেউজ গৃহ প্ৰভাৱ বোলা হয়।

৯। গোলকীয় উষ্ণতাৰ ওপৰত এটা চমু বক্তৃতা প্ৰস্তুত কৰা আৰু বক্তৃতাটো শ্ৰেণীত প্ৰদান কৰা।

উত্তৰঃ উদ্ভিদে সালোক সংশ্লেষণৰ বাবে বায়ুমণ্ডলৰ পৰা CO2 ব্যৱহাৰ কৰে আৰু তাৰ দ্বাৰা বায়ুত CO2 ৰ পৰিমাণ কমে। বন ধ্বংসই বায়ুমণ্ডলত CO2 ৰ পৰিমাণ বৃদ্ধি কৰে, কাৰণ CO2 শোষণ কৰা গছবোৰৰ সংখ্যা কমি গৈ আছে। এইদৰে মানুহৰ কাম-কাজে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধিত বৰঙণি যোগায়। CO2 গেছে তাপ শোষণ কৰি লয় আৰু এই শোষিত গেছ ওপৰলৈ এৰি নিদিয়ে। ফলস্বৰূপে পৃথিৱীৰ বায়ুমণ্ডলৰ গঢ় তাপমাত্ৰা লাহে লাহে বৃদ্ধি হৈছে। ইয়াকে গোলকীয় উষ্ণতা বোলা হয়।

১০। তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ যোৱা দুটা দশকত ভাৰতবৰ্ষৰ আটাইতকৈ বিখ্যাত, পৰ্যটকৰ আকৰ্ষণৰ থল আগ্ৰাত অৱস্থিত তাজমহল এক চিন্তনীয় বিষয় হৈ পৰিছে। বিশেষজ্ঞসকলে সতৰ্কবাণী শুনাইছে যে বায়ু প্ৰদূষকবোৰে তাজমহলৰ বগা মাৰ্বল মলিন কৰি পেলাইছে। আগ্ৰাৰ ওচৰে-পাঁজৰে থকা উদ্যোগসমূহ যেনে- ৰাবাৰ উদ্যোগ, যান-বাহন উদ্যোগ, ৰাসায়নিক উদ্যোগ বিশেষকৈ মথুৰা তেল শোধানাগাৰ আদিয়ে ছালফাৰ-ডাই অক্সাইড আৰু নাইট্ৰ’জেন-ডাইঅক্সাইড আদিৰ দৰে বায়ু প্ৰদূষক বায়ুমণ্ডলত বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে। এই গেছসমূহে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি ছালফিউৰিক এছিড আৰু নাইট্রিক এছিড প্রস্তুত কৰে। এই এছিডসমূহে বৰষুণৰ পানী আম্লিক কৰে। এনে বৰষুণক এছিড বৰষুণ বোলা হয়। এছিড বৰষুণে স্মৃতি সৌধৰ মাৰ্বলৰ ক্ষতি সাধন কৰে।

১১। পানীত পোষক দ্ৰব্যৰ বৃদ্ধিয়ে কেনেকৈ জলজ জীৱৰ জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায় আলোচনা কৰা।

উত্তৰঃ যথেষ্ট পৰিমাণৰ ৰাসায়নিক পদাৰ্থ শস্য পথাৰৰ পৰা ধুই আহি পুখুৰীত পৰে। এইবিলাকে শেলাইৰ পুষ্টি হিচাপে কাম কৰাত শেলাইৰ অত্যধিক বংশ বৃদ্ধি হয়। এই শেলাইবোৰ মৰিলে বেক্টেৰিয়া আদি বিয়োজক জীৱৰ খাদ্য হৈ পৰে। পানীত মিহলি হৈ থকা অক্সিজেনৰ অধিক অংশ এনেদৰে শেষ হৈ যায়। ইয়াৰ ফলস্বৰূপে পানীত অক্সিজেনৰ পৰিমাণ কমি গৈ জলচৰ জীৱবিলাকৰ মৃত্যুৰ কাৰণ হ’ব পাৰে।

Updated on: 22/12/2025

Scroll to Top